ETV Bharat / bharat

Suvendu Adhiakri convoy accident : বিজেপি নেতাৰ কয়ভয়ৰ খুন্দাত যুৱকৰ মৃত্যু !

author img

By

Published : May 5, 2023, 11:54 AM IST

পশ্চিমবংগৰ বিধানসভাৰ বিৰোধী দলপতি সুভেন্দু অধিকাৰীৰ বিৰুদ্ধে মেদিনীপুৰত প্ৰতিবাদ (Protest against Suvendu Adhiakri)। অধিকাৰীৰ কয়ভয়ৰ খুন্দাত যুৱকৰ মৃত্যু হোৱাৰ অভিযোগ ৰাইজৰ । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Suvendu Adhiakri convoy accident
বিজেপি নেতা সুভেন্দু অধিকাৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

নেশ্যনেল ডেস্ক,৫ মে' : পশ্চিমবংগৰ বিজেপি নেতা তথা বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰীৰ কনভয়ৰ খুন্দাত এজন যুৱকৰ মৃত্যু (Suvendu Adhiakri convoy hit man)! বৃহস্পতিবাৰে নিশা সংঘটিত এই দুৰ্ঘটনাৰ পাছতে তীব্ৰ উত্তেজনা মেদিনীপুৰত । নন্দীগ্ৰামৰ সাংসদজনক গ্ৰেপ্তাৰৰ দাবীত পথ অৱৰোধ স্থানীয় লোকৰ । অৱশ্যে বাহনখন নেতাগৰাকীৰ কনভয়ৰ অংশ আছিল নে নাই সেয়া এতিয়াও নিশ্চিত হোৱা নাই ।

স্থানীয় লোকে অভিযোগ কৰা মতে বৃহস্পতিবাৰে নিশা পূব মেদিনীপুৰৰ চণ্ডীপুৰত বিৰোধী নেতা সুভেন্দু অধিকাৰীৰ কনভয়ৰ খুন্দাত এজন যুৱকৰ মৃত্যু হয় (Man died after BJP leader convoy hit)। দুৰ্ঘটনাটোৰ পাছতে অঞ্চলটোত স্থানীয় লোকসকলে তীব্ৰ প্ৰতিবাদত সাব্যস্ত কৰে । পথ অৱৰোধ কৰি বিজেপি সাংসদজনৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে অঞ্চলটোৰ ৰাইজ । লক্ষণীয়ভাৱে আৰক্ষীয়ে কিন্তু এতিয়ালৈ নিশ্চিত কৰিব পৰা নাই যে বাহনখন বিজেপি নেতাৰ কনভয়ৰ অংশ আছিল নে নাই ।

জানিব পৰা মতে নিশা প্ৰায় ১০ মান বজাত নেতাগৰাকীৰ কনভয় ৰাষ্ট্ৰীয় ঘাইপথ-১১৬বিৰ পেট্ৰ'ল পাম্প পাৰ হৈ যোৱাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয় । স্থানীয় লোকে দাবী কৰা মতে, তীব্ৰবেগী কনভয়ে নিয়ন্ত্ৰণ হেৰুৱাই এজন যুৱকক খুন্দিয়ায় । শ্বেখ ইছৰাফিল নামৰ যুৱকজনে ৰাস্তা পাৰ হৈ যোৱাৰ সময়তে দ্ৰুতবেগী বাহনখনে তেওঁক মহতিয়াই থৈ যায় । স্থানীয় লোকে অভিযোগ কৰা মতে আঘাতপ্ৰাপ্ত যুৱকজনক শুশ্ৰূষা নকৰাকৈয়ে কনভয়টো সেই স্থানৰ পৰা আঁতৰি গৈছিল ।

ইফালে চন্দিতালাৰ ভৈৰবপুৰৰ বাসিন্দা ইছৰাফিলে ঘটনাস্থলীতে মৃত্যুবৰণ কৰে । ঘটনাটোৰ পাছত অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । স্থানীয় লোকসকলে এই ঘটনাৰ বিৰুদ্ধে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে (Protest against Suvendu Adhiakri)। প্ৰতিবাদকাৰীসকলে বিজেপি নেতা সুভেন্দু অধিকাৰীক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰাৰো দাবী কৰে । প্ৰতিবাদকাৰীৰ মতে গ্ৰেপ্তাৰ নোহোৱালৈকে তেওঁলোকে পথ অৱৰোধ অব্যাহত ৰাখিব । প্ৰতিবাদৰ অন্তত ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলাচল ব্যাহত হৈ পৰে আৰু যাত্ৰীসকলৰ লগতে বহুতো মালবাহী ট্ৰাক বহু সময় ধৰি আৱদ্ধ হৈ থাকে ।

ইফালে চণ্ডীপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় । পূব মেদিনীপুৰ জিলাৰ আৰক্ষী অধীক্ষকে জনোৱা মতে স্থানীয় লোকে অভিযোগ কৰিছে যদিও বাহনখন অধিকাৰীৰ কনভয়ৰ অংশ আছিল নে নাই সেয়া তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Ludhiana Gas leak case : কাৰখানালৈ ক্লিন চিট প্ৰশাসনৰ, বিষাক্ত গেছৰ বাবেহে মৃত্যু ১১ জনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.