ETV Bharat / bharat

পুৰুষ আৰু বিবাহিত মহিলাৰ লিভ-ইন ৰিলেশ্বনছিপক লৈ কি কলে ন্যায়ালয়ে ? - এজন পুৰুষ আৰু এগৰাকী মহিলাৰ মাজত লিভ ইন ৰিলেশ্বনছিপক অবৈধ ঘোষণা

বিবাহিত মহিলাৰ বিবাহ বিচ্ছেদ নোহোৱা স্বত্বেও আন পুৰুষৰ সৈতে লিভ ইন ৰিলেশ্বনছিপত থকাটো কিমান আইনসংগত ? এই সম্পৰ্ক বৈধ নে ?

Rajasthan HC
পুৰুষ আৰু বিবাহিত মহিলাৰ লিভ ইন ৰিলেশ্বনছিপ অবৈধ
author img

By

Published : Aug 18, 2021, 3:22 PM IST

নেশ্যনেল ডেস্ক,১৮ আগষ্ট: এজন পুৰুষ আৰু এগৰাকী মহিলাৰ মাজত লিভ-ইন ৰিলেশ্বনছিপক (live-in relationship) অবৈধ ঘোষণা । ৰাজস্থান উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ এই সন্দৰ্ভত জাৰি কৰিছে এক নিৰ্দেশনা । ঘৰুৱা হিংসাৰ ভুক্তভোগী এগৰাকী আবেদনকাৰীয়ে আৰক্ষী সুৰক্ষা (Police protection) বিচাৰি আবেদন জনাইছিল ।

কিন্তু এই ক্ষেত্ৰত আবেদনকাৰীৰ অনুৰোধ অস্বীকাৰ কৰি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সতীশ কুমাৰ শৰ্মাৰ বিচাৰপীঠে ১২ আগষ্টত নিৰ্দেশনা জাৰি কৰে । ৰাজস্থানৰ ঝুনঝুনু জিলাৰ এগৰাকী ৩০ বছৰীয়া বিবাহিত মহিলা আৰু এজন ২৭ বছৰীয়া পুৰুষে এই আবেদন দাখিল কৰিছিল । শুনানিৰ সময়ত আৱেদনকাৰীৰ অধিবক্তাই দাখিল কৰিছিল যে দুয়োজন আবেদনকাৰী প্ৰাপ্তবয়স্ক আৰু সন্মতিক্ৰমে লিভ-ইন ৰিলেশ্বনছিপত আছে ।

আৱেদনখনত কোৱা হৈছিল যে মহিলাগৰাকী বিবাহিত কিন্তু তেওঁৰ স্বামীৰ শাৰীৰিক নিৰ্যাতনৰ বাবে পৃথকে থাকিব লগীয়া হৈছে ।

দুয়োপক্ষৰ সকলো নথি পৰীক্ষা কৰাৰ পিছত এইটো স্পষ্ট হয় যে, প্ৰথম আবেদনকাৰী ইতিমধ্যে বিবাহিত । তেওঁৰ বিবাহ বিচ্ছেদ হোৱা নাই; কিন্তু তাৰ পিছতো তেওঁ লিভ-ইন ৰিলেশ্বনছিপত দ্বিতীয় আবেদনকাৰীৰ সৈতে আছে । এনে পৰিস্থিতিত, দুয়োজনৰ মাজৰ সম্পৰ্ক অবৈধ বুলি নিৰ্দেশ দিয়ে আদালতে । নিৰ্দেশটো প্ৰদান কৰাৰ সময়ত ন্যায়াধীশ শৰ্মাই এলাহাবাদ উচ্চ ন্যায়ালয়ৰ শেহতীয়া এক আদেশৰ উদ্ধৃতি দিছিল, য'ত একে ধৰণৰ গোচৰত আৰক্ষীৰ দ্বাৰা সুৰক্ষাৰ অনুৰোধ নাকচ কৰা হৈছিল ।

লগতে পঢ়ক :HDFC বেংকক নতুন ক্ৰেডিট কাৰ্ড বিক্ৰীৰ অনুমতি RBI ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.