ETV Bharat / bharat

Poonch terror attack: ওপজা ভূমিত শেষ শ্ৰদ্ধাঞ্জলি পুঞ্চৰ পাঁচজন শ্বহীদ জোৱানক

author img

By

Published : Apr 22, 2023, 10:56 PM IST

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত উগ্ৰপন্থী আক্ৰমণত নিহত হোৱা পাঁচজন জোৱানৰ নশ্বৰ দেহ তেওঁলোকৰ নিজ গাঁৱত উপস্থিত হোৱাৰ লগে লগে জোৱান কেইজনৰ শেষ শ্ৰদ্ধা জনাবলৈ গাঁৱৰ ৰাইজে ভিৰ কৰে (Poonch terror attack) ।

soldiers killed in Poonch terror attack
পুঞ্চ জিলাত উগ্ৰপন্থী আক্ৰমণ

নেশ্যনেল ডেস্ক, 22 এপ্ৰিল : বৃহস্পতিবাৰে পুঞ্চত উগ্ৰপন্থী আক্ৰমণত নিহত হয় পাঁচজন ভাৰতীয় সেনা জোৱান ৷ ইয়াৰে চাৰিজন ক্ৰমে হাবিলদাৰ মনদ্বীপ সিং, লেন্স নায়ক কে কুলৱন্ত সিং, ছেপই সেৱক সিং আৰু ছেপই হৰকৃষণ সিং পঞ্জাৱৰ বাসিন্দা ৷ আন এজন লেন্স নায়ক কে দেবাশীষ ওড়িশাৰ বাসিন্দা (soldiers killed in Poonch) ৷ শনিবাৰে নিজ নিজ জন্মস্থানলৈ অনা হয় তেওঁলোকৰ নশ্বৰ দেহ । শ্বহীদ জোৱানকেইজনক শ্ৰদ্ধাঞ্জলি জনাবলৈ সমবেত হয় গাঁৱৰ ৰাইজ । সন্ত্ৰাসবাদ বিৰোধী অভিযানত নিয়োজিত হোৱা মৃত জোৱান কেইজন সেনাৰ ৰাষ্ট্ৰীয় ৰাইফলছ ৪৯ ইউনিটৰ আছিল (Poonch terror attack) ।

হাবিলদাৰ মনদীপ সিঙৰ নশ্বৰ দেহ লুধিয়ানা জিলাৰ চানকৈয়ান কালানৰ তেওঁৰ জন্মভূমিলৈ অনা হয় । সাহসী সৈনিকজনক শেষ শ্ৰদ্ধা জনাবলৈ অসংখ্য মানুহে ভিৰ কৰা পৰিলক্ষিত হয় । সৈনিকজনৰ কৰুণ মৃত্যু পৰিয়ালৰ সদস্যসকলৰ বাবে অসহনীয় হৈ পৰিছিল (soldiers killed in Poonch terror attack) ।

ছেপই সেৱক সিঙৰ মৃতদেহ ভাতিণ্ডাৰ তালৱাণ্ডি ছাবো মহকুমাৰ জন্ম গাঁওখনলৈ অনা হয় । জোৱানজনক শ্ৰদ্ধাঞ্জলি জনাবলৈ সমবেত হৈছিল ৰাইজ । ২০১৮ চনত ভাৰতীয় সেনাবাহিনীত যোগদান কৰা সেৱক সিঙে প্ৰায় ২০ দিন পূৰ্বে ছুটী লৈ পুনৰ কৰ্তব্যলৈ ঘূৰি আহিছিল । আপৰ বিধায়ক বলজিন্দৰ কৌৰ আৰু নিহত কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ পিতৃয়েও সাহসী জোৱানজনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ সমাৱেশত যোগদান কৰিছিল । সৈনিকজনক সামৰিক সন্মানেৰে অন্ত্যেষ্টিক্ৰিয়া কৰা হয় ।

চিপাহী হৰকৃষণ সিঙৰ নশ্বৰ দেহ গুৰদাসপুৰৰ তেওঁৰ জন্মভূমিলৈ অনা হয় । পৰিয়াল আৰু বন্ধুবৰ্গৰ লগতে গাঁওবাসীয়ে বীৰ নায়কজনক শ্ৰদ্ধাঞ্জলি জনাবলৈ একত্ৰিত হৈছিল । লেন্স নায়ক কুলৱন্ত সিঙৰ নশ্বৰ দেহো মোগাৰ চাদিক গাঁৱৰ তেওঁৰ জন্মভূমিলৈ অনা হয় । গোটেই গাঁওখনে শ্বহীদ সৈনিকজনক অশ্ৰুসিক্ত নয়নেৰে বিদায় দিয়ে (Last rites of soldiers killed in Poonch) ।

লেন্স নায়ক দেৱাশীষ বাসৱালৰ মৃতদেহ শেষ ৰীতি-নীতিৰ বাবে তেওঁৰ গৃহ চহৰ ওড়িশাৰ পুৰীলৈ অনা হয় । তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী, গাঁৱৰ মানুহে অন্তিম বিদায় দিয়াৰ আগতে দেৱাশীষক শ্ৰদ্ধা জনাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছিল ।

লগতে পঢ়ক : Amit Shah on Khalistan : খালিস্তান সম্পৰ্কে কি ক'লে গৃহ মন্ত্ৰী অমিত শ্বাহে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.