ETV Bharat / bharat

মণিপুৰত জে ডি ইউ এৰি বিজেপিলৈ গ’ল 5 বিধায়ক; লালন সিঙৰ প্ৰতিক্ৰিয়া - Lalan Singh slams PM Modi

মণিপুৰত জনতা দল ইউনাইটেডৰ ৫ বিধায়কে যোগ দিলে বিজেপিত (JDU MLAs join BJP)। বিজেপিয়ে ধন বল দেখুওৱাৰ অভিযোগ JDU ৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰ । প্ৰধানমন্ত্ৰী মোডীয়ে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ সংজ্ঞা সলনি কৰিছে বুলি মন্তব্য দলটোৰ ।

jdu lost five mlas in manipur
jdu lost five mlas in manipur
author img

By

Published : Sep 4, 2022, 1:09 PM IST

নেশ্যনেল ডেস্ক,৪ ছেপ্টেম্বৰ : এইবাৰ মণিপুৰত দল বাগৰাৰ ৰাজনীতি আৰম্ভ হৈছে । জনতা দল ইউনাইটেডৰ ৫ গৰাকী বিধায়কে যোগ দিলে বিজেপিত (JDU Lost Five MLAS In Manipur)। বিজেপিত যোগ দিয়া বিধায়ক কেইজন হৈছে কে এইচ জয়কিষাণ, এন চানেট, মহম্মদ আছাবুদ্দিন, প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান এ এম খাউত আৰু থাংজাম অৰুণ কুমাৰ । জেডি(ইউ)ৰ বিধায়কে বিজেপিত যোগ দিয়াৰ লগে লগে এতিয়া ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

জেডি(ইউ)ৰ ভিতৰ চ'ৰাতো তীব্ৰ অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে । ইফালে সমগ্ৰ বিষয়টোক লৈ মুখ খুলিছে জেডি(ইউ)ৰ ৰাষ্ট্ৰীয় অধ্যক্ষ লালন সিঙে । তেওঁ অভিযোগ কৰা মতে বিজেপিয়ে ধনৰ বল দেখুৱাইছে ।

বিজেপি আৰু প্ৰধানমন্ত্ৰী মোডীক সমালোচনা কৰি নেতাগৰাকীয়ে কয় যে, শেহতীয়া মণিপুৰৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীক পৰাস্ত কৰি জেডি(ইউ) দলে ৬ খন আসন লাভ কৰিছিল (Lalan Singh slams PM Modi)। কিন্তু ইয়াৰ পাছতে বিজেপিয়ে ধনৰ বল দেখুৱাইছে । যাৰ বাবে ৬ গৰাকী বিধায়কৰ ৫ গৰাকীয়ে বিজেপিত যোগদান কৰিছে ।

ইয়াৰ পূৰ্বে, অৰুণাচল প্ৰদেশতো জেডি(ইউ)ৰ একমাত্ৰ বিধায়কজনে দল সলনি কৰি বিজেপিত যোগদান কৰিছিল । লালন সিঙে লগতে কয় যে, মণিপুৰ খণ্ডত বিজেপি বিচলিত হৈছে আৰু সেই কাৰণে তেওঁলোকে জেডি(ইউ)ৰ বিধায়কসকলক তেওঁলোকৰ হাতলৈ লৈ গৈছে । কিন্তু ইয়াৰ পৰা বিজেপিয়ে একো কৰিব নোৱাৰে বুলি তেওঁ দাবী কৰে ।

তেওঁ মহাৰাষ্ট্ৰৰ উদাহৰণ দাঙি ধৰি কয় যে, বিজেপিয়ে তাত কি কৰি আছে মানুহে চাই আছে । দিল্লীত বিজেপিয়ে কি কৰিছে সেয়াও সকলোৱে দেখিছে । ঝাৰখণ্ডত বিজেপিয়ে কি কৰি আছে মানুহে চাই আছে । যেতিয়া সময় আহিব, ৰাইজে নিশ্চিতভাৱে তেওঁলোকক ইয়াৰ উত্তৰ দিব বুলি দাবী কৰে লালন সিঙে । তেওঁ লগতে কয় যে, বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ নেতাসকলৰ মাজত অধিক হতাশা আছে যাৰ বাবে জনতা দল ইউনাইটেডক তেওঁলোকে ভাঙিবলৈ চেষ্টা কৰিছে ।

তেওঁ লগতে প্ৰধানমন্ত্ৰী মোডীক সমালোচনা কৰি কয় যে, যদি প্ৰধানমন্ত্ৰী মোডীয়ে ধন বল ব্যৱহাৰ কৰে, তেন্তে সেয়া গুণ আৰু যদি বিৰোধীয়ে ২০২৪ চনৰ নিৰ্বাচনক লৈ একত্ৰিত হয়, তেন্তে তাত দুৰ্নীতি আছে ।

লালন সিঙে লগতে স্পষ্ট কৰি দিয়ে যে বিহাৰত জেডি(ইউ)ৰ একো ক্ষতি হ'ব নোৱাৰে । নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বহু সভা অনুষ্ঠিত কৰিও কি পালে সেয়া সকলোৱে জানে । তেওঁ উল্লেখ কৰা মতে বিহাৰৰ জনতা দল ইউনাইটেডত কোনো বিচ্ছেদ হোৱা নাই । তেওঁ নিশ্চিত যে, বিজেপি নেতাসকলে জনসাধাৰণক যিমানেই ধনৰ প্ৰলোভন নিদিয়ক কিয় বিহাৰত কোনো পৰিস্থিতিতে জনতা দল ইউনাইটেডক ভাঙিব নোৱাৰে ।

লগতে পঢ়ক :মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.