ETV Bharat / bharat

লখিমপুৰ খেৰীৰ ঘটনা:১৫ নৱেম্বৰলৈ শুনানি স্থগিত উচ্চতম ন্যায়ালয়ৰ

উত্তৰ প্ৰদেশ চৰকাৰৰ অনুৰোধত ন্যায়ালয়ে স্থগিত ৰাখিলে শুনানি । উত্তৰ প্ৰদেশ চৰকাৰে ঘটনাটোৰ বিষয়ে অনুসন্ধান কৰিবলৈ আৰু দুমাহৰ ভিতৰত সম্পূৰ্ণ হ'ব লগা তদন্তৰ বাবে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰদীপ কুমাৰ শ্ৰীবাস্তৱক সদস্য আয়োগ হিচাপে নিযুক্তি দিছিল ।

Lakhimpur Kheri violence
১৫ নৱেম্বৰলৈ শুনানি স্থগিত উচ্চতম ন্যায়ালয়ৰ
author img

By

Published : Nov 12, 2021, 2:54 PM IST

নেশ্যনেল ডেস্ক,১২ নৱেম্বৰ : উচ্চতম ন্যায়লয়ত চলি আছে উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাৰ শুনানি । ইয়াৰ মাজতে ১৫ নৱেম্বৰলৈ শুনানি স্থগিত ৰাখিলে উচ্চতম ন্যায়ালয়ে । উত্তৰ প্ৰদেশ চৰকাৰৰ অনুৰোধত ন্যায়ালয়ে স্থগিত ৰাখিলে শুনানি । ইয়াৰ পূৰ্বে ৮ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে লখিমপুৰ খেৰী হিংসাৰ গোচৰৰ তদন্ত নিৰীক্ষণৰ বাবে উচ্চ ন্যায়ালয়ৰ এজন প্ৰাক্তন ন্যায়াধীশ নিয়োগ কৰাৰ প্ৰস্তাৱ দিছিল ।

ইফালে লখিমপুৰ খেৰীত ৮ জন লোকৰ মৃত্যুৰ তদন্তৰ বাবে লখিমপুৰ খেৰীত মুখ্য কাৰ্যালয়ৰ সৈতে এজনীয়া সদস্যৰ অনুসন্ধান আয়োগ গঠন কৰা হৈছে । উত্তৰ প্ৰদেশ চৰকাৰে ঘটনাটোৰ বিষয়ে অনুসন্ধান কৰিবলৈ আৰু দুমাহৰ ভিতৰত সম্পূৰ্ণ হ'ব লগা তদন্তৰ বাবে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰদীপ কুমাৰ শ্ৰীবাস্তৱক সদস্য আয়োগ হিচাপে নিযুক্তি দিছিল । উল্লেখ্য যে লখিমপুৰ খেৰীত ৩ অক্টোবৰৰ হিংসাত্মক ঘটনাত স্থানীয় কৃষকসকলে কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী অজয় কুমাৰ মিশ্ৰ 'টেনি' আৰু তেওঁৰ পুত্ৰৰ ওপৰত হিংসাত্মক ঘটনাৰ অভিযোগ উত্থাপন কৰে ।

এই ঘটনাত চাৰিজন কৃষক, এজন স্থানীয় সাংবাদিকসহ আঠজন লোক নিহত হৈছিল । অভিযোগ অনুসৰি কৃষকৰ প্ৰতিবাদৰ সময়ত মন্ত্ৰীৰ কয়ভয়ৰ এখন বাহনে প্ৰতিবাদকাৰীসকলক মহতিয়াই লৈ গৈছিল । অৱশ্যে মন্ত্ৰী আৰু তেওঁৰ পুত্ৰই অভিযোগ অস্বীকাৰ কৰে । ইফালে আশীষ মিশ্ৰ আৰু আন ২০ জনৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে যদিও এতিয়ালৈকে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই ।

লগতে পঢ়ক :উত্তৰ প্ৰদেশত পুনৰ দুজনৰ দেহত ধৰা পৰিছে জিকা ভাইৰাছ (Zika Virus)ৰ অৱস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.