ETV Bharat / bharat

বিতৰ্কিত ভাষণৰ পাৰ্শ্বক্ৰিয়া : জেৰাৰ সন্মুখীন মিথুন চক্ৰবৰ্তী

পশ্চিমবংগৰ নিৰ্বাচনৰ সময়ত এক বিতৰ্কিত ভাষণকলৈ অভিনেতা তথা বিজেপি নেতা মিথুন চক্ৰবৰ্তীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছিল । সেই গোচৰৰ তদন্ত হিচাপে কলকাতা আৰক্ষীয়ে জেৰা চলাই অভিনেতাগৰাকীক ।

author img

By

Published : Jun 16, 2021, 8:30 PM IST

Kolkata Police virtually question Mithun Chakraborty
অভিনেতা তথা বিজেপি নেতা মিথুন চক্ৰৱৰ্তীক কলকাতা আৰক্ষীৰ জেৰা

নেশ্যনেল ডেস্ক, ১৬ জুন : পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত এক বিতৰ্কিত মন্তব্য কৰা মিথুন চক্ৰবৰ্তীক জেৰা কলকাতা আৰক্ষীৰ । এক সূত্ৰৰ মতে নিৰ্বাচনত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ সকলৰ অন্যতম ৭১ বছৰীয়া অভিনেতাগৰাকীক তেওঁৰ বিৰুদ্ধে দাখিল কৰা গোচৰৰ সন্দৰ্ভত সোধা-পোছা কৰিছে আৰক্ষীয়ে । তেওঁৰ ভাষণে ৰাজ্যখনত নিৰ্বাচনোত্তৰ হিংসাত্মক ঘটনা সংঘটিত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলি এক অভিযোগ উত্থাপন হৈছিল অভিনেতাগৰাকীৰ বিৰুদ্ধে ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে চক্ৰৱৰ্তীয়ে তেওঁৰ বিৰুদ্ধে থকা এজাহাৰ বাতিল কৰিবলৈ কলকাতা উচ্চ ন্যায়ালয়ত এক আবেদনো দাখিল কৰিছিল । কিন্তু পৰৱৰ্তী সময়ত আদালতে এজন তদন্ত বিষয়াক অভিনেতাগৰাকীক সোধা পোছা কৰিবলৈ নিৰ্দেশ দিছিল । ভাৰ্চুৱেল প্ৰশ্নৰ সময়ত অভিনেতাগৰাকীয়ে অনুৰোধ কৰিছিল যে তেওঁ কেৱল ভাষণত সংলাপ আবৃত্তি কৰিছিল আৰু এইটো কেৱল "মনোৰঞ্জনমূলক" আছিল ।

অভিযোগ দিয়া জনে কলকাতাৰ মানিকতলা আৰক্ষী থানাত দিয়া এজাহাৰত দাবী কৰিছিল যে অভিনেতাজনে পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ সময়ত কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত বিজেপিৰ প্ৰচাৰ সমদলৰ সময়ত "মাৰ্বো এখানে লাছ পোৰ্বে শোশেন (মই আপোনাক ইয়াত আঘাত কৰিম আৰু মৃতদেহ শ্মশানত পৰিব)" আৰু "এক চোবোলে চাবি (মাত্ৰ এটা সৰ্প দংশন আৰু আপুনি এখন আলোকচিত্ৰ হৈ পৰিব) আদি সংলাপ ব্যৱহাৰ কৰিছিল । অভিযোগ অনুসৰি এই সংলাপবোৰে ৰাজ্যখনত নিৰ্বাচনৰ পিছৰ হিংসাৰ কাৰণ আছিল ।

আনহাতে অভিনেতাগৰাকীয়ে দাবী কৰা মতে এনে ধৰণৰ চলচ্চিত্ৰ সংলাপৰ উচ্চাৰণ কেৱল মনোৰঞ্জনমূলক আছিল । লগতে অভিনেতাগৰাকীয়ে অভিযোগ নস্যাৎ কৰি কয় যে তেওঁ কোনো ধৰণৰ অপৰাধৰ সৈতে জড়িত নহয় ।

লগতে পঢ়ক:বিহাৰৰ বিভিন্ন স্থানত বানপানীৰ সতৰ্কতা জাৰি কেন্দ্ৰীয় জল আয়োগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.