ETV Bharat / bharat

বিজেপি নেতাক কলকাতা আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ - নাৰ্কটিক্স

বিজেপি নেতাক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ । যুৱ বিজেপি নেতা পামেলা গোস্বামীৰ বিৰুদ্ধে নাৰ্কটিক্স কন্ট্ৰ’ল ব্যুৰ’ৰ এটা গোচৰৰ সৈতে জড়িত থকাৰ ঘটনাত বিজেপি নেতা ৰাকেশ সিঙক কলকাতাৰ আলিপুৰ আদালতে ১ মাৰ্চলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ।

বিজেপি নেতাক কলকাতা আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

author img

By

Published : Feb 24, 2021, 10:08 PM IST

নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী: বিজেপি নেতা ৰাকেশ সিঙক বুধবাৰে হাজিৰ কৰোৱা হয় আলিপুৰ আদালতত । কলকাতা আৰক্ষীয়ে হাজিৰ কৰোৱালে নেতাগৰাকীক । যুৱ বিজেপিৰ নেতা পামেলা গোস্বামীৰ বিৰুদ্ধে নাৰ্কটিক্স কন্ট্ৰল ব্যুৰ’ত থকা এটা গোচৰৰ সৈতে জড়িত আছিল বিজেপি নেতা ৰাকেশ সিং । এই সন্দৰ্ভত কলকাতাৰ আলিপুৰ আদালতে ১ মাৰ্চলৈকে কলকাতা আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে ৰাকেশ সিঙক ।

মংগলবাৰে বিজেপি নেতাগৰাকীক উক্ত গোচৰৰ সম্পৰ্কত পশ্চিমবংগৰ বৰ্দ্বানৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল । ইয়াৰ পূৰ্বে, কলকাতা আৰক্ষীয়ে মংগলবাৰে মাজনিশা ৰাকেশ সিঙৰ দুই পুত্ৰক গোস্বামীৰ সৈতে জড়িত থকাৰ বিৰুদ্ধে সিঙৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ।

উল্লেখযোগ্য যে, ২০ ফেব্ৰুৱাৰীত বিজেপি যুৱ মৰ্চাৰ নেতা পামেলা গোস্বামী আৰু প্ৰবীৰ দে'ক কলকাতাৰ নিউ আলিপুৰৰ পৰা নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা হৈছিল । ইয়াৰোপৰি, কলকাতাত প্ৰায় ৯০ গ্ৰাম নিচাজাতীয় সামগ্ৰীৰ উদ্ধাৰৰ ঘটনাৰ পাছতেই সোমনাথ চেটাৰ্জী (২৬) নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল ।

লগতে পঢ়ক:নৰেন্দ্ৰ মোডীৰ নামেৰে ষ্টেডিয়ামৰ নামাকৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.