ETV Bharat / bharat

Nusrat Jahan Fraud Allegation : কলকাতা আৰক্ষীৰ তদন্তত নুছৰত জাহানৰ বিৰুদ্ধে অভিযোগৰ প্ৰমাণ লাভ

author img

By

Published : Aug 4, 2023, 5:03 PM IST

কলকাতা আৰক্ষীৰ মুখ্য কাৰ্যালয় লালবজাৰৰ সূত্ৰ অনুসৰি, নিজৰ বিবৃতিত প্ৰায় সকলো অভিযুক্তয়ে টকা লোৱা বুলি স্বীকাৰ কৰে । তেওঁলোকে স্পষ্টভাৱে দাবী কৰে যে টকা লোৱা সত্ত্বেও জ্যেষ্ঠ নাগৰিকসকলক ফ্লেট প্ৰদান কৰা হোৱা নাছিল ।

Nusrat Jahan Fraud Allegation
Nusrat Jahan Fraud Allegation

নিউজ ডেস্ক, ৪ আগষ্ট : কলকাতা আৰক্ষীয়ে সংগঠনটোৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ প্ৰাৰম্ভিক সত্যতা বিচাৰি পাইছে, য'ত অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা নুছৰত জাহান সঞ্চালক মণ্ডলীৰ এগৰাকী আছিল । ইয়াৰ পূৰ্বে বুধবাৰে কলকাতা প্ৰেছ ক্লাবত এক সংবাদমেলত তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীয়ে দাবী কৰে যে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মিছা । অভিনেত্ৰীগৰাকীয়ে আনকি সেইদিনা খঙতে সংবাদমেল এৰি গৈছিল ।

ইয়াৰ পূৰ্বে সোমবাৰে বিজেপি নেতা শংকুদেৱ পাণ্ডাই প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) কাৰ্যালয়লৈ গৈ সাংসদ নুছৰত জাহানৰ বিৰুদ্ধে বিত্তীয় প্ৰৱঞ্চনাৰ অভিযোগ দাখিল কৰে । ইফালে ২০২২ চনত গৰিয়াহাট আৰক্ষী থানাত নুছৰত জাহানৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল । পিছত আলিপুৰ আদালতত তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হয় ।

গোচৰটোত আদালতে সমগ্ৰ ঘটনাটোৰ সত্যতা পৰীক্ষা কৰাৰ কাম কলকাতা আৰক্ষীৰ চোৰাংচোৱাসকলক দিয়ে । এই বিষয়টো তদন্ত কৰিবলৈ আৰু পোনপটীয়াকৈ আদালতত প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিয়া হৈছিল । কলকাতা আৰক্ষীৰ চোৰাংচোৱা প্ৰধানে ঘটনাটোৰ সন্দেহযুক্ত লোকৰ পৰা আৰম্ভ কৰি অভিযুক্ত লোকসকলৰ এখন তালিকা প্ৰস্তুত কৰে । অভিযোগনামাখনত নাম থকা লোকসকলক জেৰা কৰা হৈছে আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ বিবৃতিও লিপিবদ্ধ কৰা হয় ।

কলকাতা আৰক্ষীৰ মুখ্য কাৰ্যালয় লালবজাৰৰ সূত্ৰ অনুসৰি, নিজৰ বিবৃতিত প্ৰায় সকলো অভিযুক্তয়ে টকা লোৱা বুলি স্বীকাৰ কৰে । তেওঁলোকে স্পষ্টভাৱে দাবী কৰে যে টকা লোৱা সত্ত্বেও জ্যেষ্ঠ নাগৰিকসকলক ফ্লেট প্ৰদান কৰা হোৱা নাছিল । আৰক্ষীয়ে কয় যে কেৱল কৰ্মচাৰী আৰু অভিযুক্তয়ে নহয়, সংশ্লিষ্ট কোম্পানীবোৰৰ সঞ্চালকসকলকো জেৰা কৰা হৈছে । খবৰ অনুসৰি, উত্তৰ ২৪ পৰগণাৰ নিউ টাউনত ফ্লেট ক্ৰয় কৰোঁতে মুঠ ৪২৯ জন লোকক প্ৰতাৰণা কৰা হৈছে । অভিযোগ অনুসৰি, নুছৰত জাহানৰ গৰিয়াহাটত এটা সংগঠন আছে । ইয়াৰ এগৰাকী সঞ্চালক নুছৰত নিজেই ।

ৰিয়েল ইষ্টেট কোম্পানীটোৱে পৰিশোধ কৰা ফ্লেটৰ আকাৰ বৃদ্ধি কৰাৰ নামত ক্ৰেতাসকলৰ পৰা ৫ লাখ ৫৫ হাজাৰ টকাকৈ আদায় কৰিছিল । নাগৰিকসকলক ২০১৮ চনত তিনিটা শোৱনি কোঠাৰ একোটা ফ্লেট দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল । কিন্তু ফ্লেটবোৰ বিতৰণ কৰাৰ প্ৰতিশ্ৰুতি পালন কৰা হোৱা নাছিল ।

আনকি নিৰ্ধাৰিত সময়ৰ পিছতো ২০২৩ চনলৈকে অভিযোগকাৰীসকলে ফ্লেট পোৱা নাছিল । তাৰ পিছত ৩১ জুলাইত বিজেপি নেতা শংকুদেৱ পাণ্ডাৰ লগতে অভিযোগকাৰীসকলে ইডিৰ কাৰ্যালয়লৈ যায় । ইয়াৰ উপৰি, গৰিয়াহাট আৰক্ষী থানাৰ আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । আনহাতে, ঘটনাটোত নুছৰত জাহানৰ সৈতে যোগাযোগ কৰাটো সম্ভৱ হোৱা নাই । কলকাতা আৰক্ষীৰ জ্যেষ্ঠ বিষয়ায়ো বিষয়টো সন্দৰ্ভত মন্তব্য দিবলৈ অস্বীকাৰ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.