নেশ্যনেল ডেস্ক,29 জুলাই: ৰুটি ভাগ-বতৰা কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই প্ৰাণ হেৰুৱাবলগীয়া হ'ল মধ্য প্ৰদেশৰ এগৰাকী ব্যক্তিয়ে (Killing rickshaw puller for not sharing chapatti)৷ মুন্না নামৰ মৃত ব্যক্তিজনে জীৱিকাৰ খাতিৰত মধ্য প্ৰদেশৰ পৰা আহি দিল্লীত ৰিক্সা চলাই কোনোমতে পেট প্ৰৱৰ্তাই আছিল ৷
এই ঘটনাক লৈ ভাৰতীয় দণ্ডবিধিৰ ৩০২ (হত্যা)(IPC Section 302) ধাৰাৰ অধীনত কেৰ’লবাগ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ পঞ্জীয়ন কৰি আৰম্ভ কৰিছে তদন্ত । ২০০ জন শ্ৰমিক আৰু ভ্ৰমণকাৰীৰ স্কেনিং সম্পন্ন কৰাৰ পিছত এই হত্যাকাণ্ডৰ ঘটনাটোৰ সৈতে ফিৰোজ খান (২৬) নামৰ এজন ব্যক্তি জড়িত থকা বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে ৷ পৰৱৰ্তী সময়ত এখন পাৰ্কত শুই থকা অৱস্থাত আৰক্ষীয়ে ফিৰোজক গ্ৰেপ্তাৰ কৰে ৷ ইতিমধ্যে অভিযুক্তগৰাকীয়ে আৰক্ষীৰ আগত নিজৰ অপৰাধ স্বীকাৰ কৰে ৷ হত্যাকাণ্ডটোত ব্যৱহৃত চুৰিখনো ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে ৷
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, মধ্য দিল্লীৰ কেৰ’ল বাগ এলেকাত মংগলবাৰে সংঘটিত হৈছিল এই লোমহৰ্ষক হত্যাকাণ্ডটো ৷ এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া অনুসৰি, মংগলবাৰে নিশা প্ৰায় ১০ মান বজাত মুন্নাই কেৰ’লবাগৰ আৰ্য সমাজ পথৰ এটা ফুটপাথত বহি আছিল ৷ ফুটপাথত বহি মুন্নাই খাদ্য গ্ৰহণ কৰি থকাৰ সময়তে সুৰাসক্ত এজন লোকে তেওঁৰ কাষ চাপি ৰুটি বিচাৰিছিল । মুন্নাই তেওঁক এখন ৰুটি দিছিল যদিও পুনৰ আৰু এখন ৰুটি বিচৰাত মুন্নাই দিবলৈ অমান্তি হয় আৰু তাতেই ক্ষুব্ধ হৈ ফিৰোজ খানে মুন্নাৰ পেটত ছুৰীৰে আঘাত কৰে ৷ পৰৱৰ্তী সময়ত প্ৰত্যক্ষদৰ্শীয়ে মুন্নাক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে মুন্নাক ৷
লগতে পঢ়ক: Father tries to crush daughter: হিন্দু যুৱকৰ লগত বিয়া হোৱাৰ বাবেই নিজ কন্যাক দেউতাকৰ হত্যাৰ চেষ্টা