ETV Bharat / bharat

কেৰালাত চাউল বিতৰণ: নিৰ্বাচনী আয়োগৰ নিৰ্দেশ স্থগিত কৰিলে ন্যায়ালয়ে - খাদ্য সামগ্ৰী বিতৰণ বন্ধ

চাউলৰ লগতে আন খাদ্য সামগ্ৰী বিতৰণ বন্ধ কৰিবলৈ ৰাজ্যিক নিৰ্বাচনী আয়োগে জাৰি কৰা নিৰ্দেশ সোমবাৰে স্থগিত কৰিলে কেৰালা উচ্চ ন্যায়ালয়ে । নিৰ্বাচনী আচৰণ বিধি উলংঘা হোৱাৰ কাৰণ দৰ্শাই ৰাজ্যিক নিৰ্বাচনী আয়োগে ৰাজ্য চৰকাৰে বিতৰণ কৰি অহা খাদ্য সামগ্ৰীৰ বিতৰণ বন্ধ কৰাৰ নিৰ্দেশ দিছিল ।

নিৰ্বাচনী আয়োগে জাৰি কৰা নিৰ্দেশ স্থগিত কৰিলে কেৰালা উচ্চ ন্যায়ালয়ে

author img

By

Published : Mar 29, 2021, 7:55 PM IST

নেশ্যনেল ডেস্ক, ২৯ মাৰ্চ: চৰকাৰে বিতৰণ কৰা চাউলৰ আৰু অন্যান্য খাদ্য সামগ্ৰী বিতৰণ সন্দৰ্ভত শুনানি গ্ৰহণ কৰি সোমবাৰে কেৰালা উচ্চ ন্যায়ালয়ে এক নিৰ্দেশ জাৰি কৰে । অপ্ৰয়োজনীয়ভাৱে ৰেচন কাৰ্ড থকা লোকসকলৰ মাজত চাউল বিতৰণ কৰা বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছিল ৰাজ্য়িক নিৰ্বাচনী আয়োগে ।

সোমবাৰে উচ্চ ন্য়ায়ালয়ে কয় যে, বিশেষভাৱে চাউল বিতৰণ অব্যাহত ৰাখিব পাৰিব । অৱশ্যে, নীতি অনুসৰিহে চৰকাৰে চাউল বিতৰণ কৰিব পাৰিব । লগতে এই চাউল বিতৰণক লৈ যাতে নিৰ্বাচনী আচৰণ বিধি উলংঘা নহয় সেয়া নিশ্চিত কৰা উচিত বুলিও স্পষ্ট কৰি দিয়ে আদালতে ।

চাউল বিতৰণ কৰা সন্দৰ্ভত বিৰোধী দলৰ নেতা ৰমেশ চেন্নিথালাই নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছিল । ৰমেশ চেন্নিথালাই অভিযোগ তুলিছিল যে, এলডিএফ চৰকাৰে নিৰ্বাচনৰ আগতে চাউল বিতৰণ কৰি ভোটাৰক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰি আছে ।

এই অভিযোগৰ ওপৰত ভিত্তি কৰি নিৰ্বাচনী আয়োগে চাউল বিতৰণ বন্ধ কৰিবলৈ চৰকাৰক নিৰ্দেশ দিয়ে । উল্লেখ্য যে, ১৪০ জনীয়া কেৰালা বিধানসভাৰ নিৰ্বাচন অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব আৰু ২ মে'ত ভোটগণনা সম্পন্ন কৰা হ'ব ।

লগতে পঢ়ক:নন্দীগ্ৰামৰ ভোটাৰক আকৰ্ষণ কৰাৰ উদ্দেশ্যৰে মমতাৰ প্ৰচাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.