নেশ্যনেল ডেস্ক, ৭ ডিচেম্বৰ: কেৰালাত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া স্থানীয় নিকায় নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ মঙলবাৰে অনুষ্ঠিত হ'ব । ৰাজ্যখনৰ দক্ষিণৰ ৫ খন জিলাত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । এই জিলাকেইখনত মুঠ ২৪,৫৮৪ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দিতা কৰিছে । তিৰুৱানন্তপুৰম, ক'ল্লাম, পাথানমথিট্টা, আলপ্পুঝা আৰু ইদ্দুকী জিলাত মঙলবাৰে পুৱা ৭ বজাৰ সন্ধিয়া ৬ বজালৈকে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । চি পি আই-এমে নেতৃত্ব দিয়া বাওঁপন্থী, কংগ্ৰেছে নেতৃত্ব দিয়া ইউ ডি এফ, বিজেপিয়ে নেতৃত্ব দিয়া এন ডি এৰ প্ৰাৰ্থীৰ মাজত নিৰ্বাচনী যুঁজখন তীব্ৰতৰ হ'ব ।
ৰাজ্যখনত ২০১৫ চনত স্থানীয় নিকায় নিৰ্বাচনত বাওঁপন্থী দলে প্ৰায় ৬০ শতাংশ আসন দখল কৰে । ইয়াৰ পিছৰ স্থানত আছে কংগ্ৰেছ । ত্ৰি-স্তৰীয় নিৰ্বাচনত ২১,০০০ আসনৰ ভিতৰত বিজেপিয়ে মাত্ৰ ১২০০ আসন দখল কৰিবলৈহে সক্ষম হয় । ২০১৫ চনত বিজেপিয়ে পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিয়ে কংগ্ৰেছ বিৰোধীৰ আসনৰ পৰা আঁতৰাই পঠিয়ায় । স্থানীয় নিকায় নিৰ্বাচনতো বিজেপিয়ে এইবাৰ বিজয়ী হোৱাৰ আশাৰেই আগবাঢ়িছে । অৱশ্যে, বিগত ৫ বছৰে ১০০টা শাখাৰ ভিতৰত যেনে তেনে ৫০ খন আসনৰ ক্ষমতা নিজৰ হাতত ৰাখিবলৈ সক্ষম হোৱা বাওঁপন্থী দলে এইবাৰ অধিক আসন দখলৰ আশা কৰি আছে ।
আনহাতে, কংগ্ৰেছে নিজকে 'ক'লা ঘোঁৰা' আখ্যা দিছে । এইবাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নকো বাওঁপন্থী দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ লোৱা পৰিলক্ষিত হোৱা নাই । উল্লেখ্য যে, বিজয়ন আৰু তেওঁৰ চৰকাৰক ৰাজ্যখনত সংঘটিত বিভিন্ন কেলেংকাৰীৰ বাবে জগৰীয়া কৰা হৈছিল । অৱশ্যে, চি পি আই-এমে দাবী কৰিছে যে, মাত্ৰ মহামাৰীৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্যজনিত কাৰণতহে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ অভিযানত অংস লোৱাৰ পৰা বিৰত আছে ।
মঙলবাৰে ৫ খন জিলাৰ ১১,২২৫টা ভোটকেন্দ্ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । ৪১,৫৮,৩৪১ জন পুৰুষ আৰু ৪৬,৬৮,২০৯ জন মহিলা আৰু ৭০ গৰাকী তৃতীয় লিংগৰ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব । মুঠ ৫৬,১২২ জন বিষয়াই ভোটগ্ৰহণ প্ৰক্ৰিয়া সঞ্চালন কৰিব । সোমবাৰে পুৱা এই বিষয়াসকলে ভোটদানৰ বাবে ব্যৱহৃত হ'বলগীয়া সামগ্ৰীসমূহ চমজি লয় আৰু ভোটকেন্দ্ৰ অভিমুখে ৰাওনা হয় ।
লগতে পঢ়ক:কৃষক বিদ্ৰোহ সন্দৰ্ভত ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব শাৰদ পাৱাৰে