মুম্বাই,9 জানুৱাৰী: দীৰ্ঘদিনৰ বিৰতিৰ পিছত অন্তৰংগ বান্ধৱীৰ সৈতে সময় অতিবাহিত কৰা দেখা গ’ল অভিনেত্ৰী কৰীণা কাপুৰক ৷ হ’বলগীয়া মাতৃ কৰীণা কাপুৰে শনিবাৰে নিজৰ অনুৰাগীসকলৰ বাবে শ্বেয়াৰ কৰে এই বিশেষ সময়ৰ ফটো ৷ টাশ্বান গাৰ্ল হিচাপে পৰিচিত কৰীণাই ইনষ্টাগ্ৰামত এই সময়ৰ ফটো শ্বেয়াৰ কৰিছে ৷ কৰীণাৰ বিশেষ বান্ধৱীসকলৰ তালিকাত আছিল- মালাইকা অৰোৰা, অমৃতা অৰোৰা, মল্লিকা ভাট আৰু নতাশা পুনাৱালা ৷
ফটোখনত কৰীণাক আকাশী নীলা ৰঙৰ ছিল্ক কাপোৰ পৰিধান কৰা দেখা গৈছে ৷ কেমেৰাৰ সন্মুখত মোহময়ী ৰূপত ধৰা দিয়া অভিনেত্ৰীগৰাকীক বিনা মেকআপত দেখা যায় ৷ মল্লিকা আৰু অমৃতাৰ কাষত ফটোৰ বাবে প’জ দিয়া মালাইকাক শুভ্ৰ পোছাকত অতি আকৰ্ষণীয় দেখা গৈছিল ৷ এই সময়ৰ ফটো এখন কেফেত আৱদ্ধ কৰা হৈছিল, য’ত "লেডী গেং"টোৱে সময় অতিবাহিত কৰিছিল ৷
কৰীণাই এই ফটোৰ কেপচন দিছে এনেদৰে- ৰি-ইউনিট মিছিং ল’ল’ ৷ ৰিধিমা কাপোৰ সাহানী আৰু 3 লাখৰো অধিক অনুৰাগীয়ে এই পোষ্ট লাইক কৰে ৷ উল্লেখ্য যে, কাপুৰ ছ’চিয়েল মিডিয়াত খুবেই সক্ৰিয় আৰু অনুৰাগীৰ মৰমৰ প্ৰতি লক্ষ্য ৰাখি কৰীণাই নিজৰ কাৰ্যসূচীসমূহ আপডেট কৰি থাকে ৷
লগতে চাওকঃ ৰাইজৰ দলৰ সভাপতি পদত অখিল গগৈ