ETV Bharat / bharat

মুখ্য ন্যায়াধীশ হিচাপে শপত ল'লে ন্যায়াধীশ অৰূপ কুমাৰ গোস্বামীয়ে

author img

By

Published : Jan 6, 2021, 4:07 PM IST

Updated : Jan 6, 2021, 7:01 PM IST

অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্য়ায়াধীশ হিচাপে শপত গ্ৰহণ কৰে অসম সন্তান অৰূপ কুমাৰ গোস্বামীয়ে ৷ বুধবাৰে বিজয়বাড়াত এক অনুষ্ঠানৰ জৰিয়তে ৰাজ্যপাল বিশ্ব ভূষণ হৰিচন্দনে গোপনীয়তাৰ শপত বাক্য পাঠ কৰায় গোস্বামীক ৷

justice-arup-kumar-goswami-sworn-as-chief-justice-of-andhra-pradesh-high-court
অন্ধ্ৰ প্ৰদেশৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ অৰূপ কুমাৰ গোস্বামীৰ

নিউজ ডেস্ক, 6 জানুৱাৰী : অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে অসম সন্তান অৰূপ কুমাৰ গোস্বামীয়ে ৷ অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যপাল বিশ্ব ভূষণ হৰিচন্দনে বিজয়বাড়াত এক অনুষ্ঠানৰ জৰিয়তে ন্যায়াধীশ অৰূপ কুমাৰ গোস্বামীক গোপনীয়তাৰ শপত বাক্য পাঠ কৰায় ৷ বুধবাৰে অনুষ্ঠিত শপত গ্ৰহণত উপস্থিত থাকে অন্ধপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ লগতে মুখ্যমন্ত্ৰী ৱাই.এছ.জগন ৰেড্ডী তথা অন্য কেবাগৰাকীও বিশিষ্ট ব্যক্তি ৷

2020ৰ 16 ডিচেম্বৰত সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শৰত অৰবিন্দ বোবডে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জে কে মাহেশ্বৰীক ছিক্কিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে বদলি কৰাৰ লগতে ছিক্কিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এ কে গোস্বামীক অন্ধ্ৰ প্ৰদেশ উচ্চ ন্য়ায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত দিয়া হৈছিল ৷ 2019 চনৰ 15 অক্টোবৰত ছিক্কিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছিল অৰূপ কুমাৰ গোস্বামীয়ে ৷

ন্যায়াধীশ গোস্বামী কিছু সময়ৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হৈ আছিল আৰু ছিক্কিম উচ্চ ন্যায়ালয়লৈ বদলিকৰণ হোৱাৰ পূৰ্বে মুখ্য ন্যায়াধীশ হিচাপে পদোন্নতি লাভ কৰে ৷

মুখ্য ন্যায়াধীশ অৰূপ কুমাৰ গোস্বামীয়ে 1985 চনৰ পৰা অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ বাৰ কাউঞ্চিলৰ সৈতে এগৰাকী অধিবক্তা হিচাপে নিজৰ কৰ্ম জীৱনৰ পাতনি মেলিছিল ৷ 2004 চনৰ 21 ডিচেম্বৰত তেখেত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হিচাপেও নিযুক্তি লাভ কৰিছিল ৷

শিক্ষা জীৱন:

অসম সন্তান অৰূপ কুমাৰ গোস্বামীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কটন কলেজত অৰ্থনৈতিক বিষয়ক প্ৰধান বিষয় হিচাপে লৈ 1981 চনত স্নাতক ডিগ্ৰী লাভ কৰে ৷ ইয়াৰ পাছতে তেওঁ 1985 চনত গুৱাহাটী চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা এল.এল.বি. ডিগ্ৰী লাভ কৰে ৷ 1985 চনৰ 16 আগষ্টত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ বাৰ কাউঞ্চিলৰ সৈতে এগৰাকী অধিবক্তা হিচাপে কাম আৰম্ভ কৰি মূলত অসামৰিক, অপৰাধজনিত, সাংবিধানিক আৰু সেৱাজড়িত বিষয়ত অভ্যাস কৰি আছিল ৷

লগতে পঢ়ক : ভাৰত-বাংলা সীমান্তৰ সুৰংগৰ ঘটনাক গাপ দিয়াৰ চেষ্টা বি এছ এফৰ

Last Updated : Jan 6, 2021, 7:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.