ETV Bharat / bharat

Manipur violence : মণিপুৰত তদন্ত আয়োগৰ অধ্যক্ষ ন্যায়াধীশ অজয় ​​লাম্বা

author img

By

Published : Jul 15, 2023, 10:07 AM IST

মণিপুৰৰ লামকাত তদন্ত আয়োগৰ অধ্যক্ষ উপস্থিত । বিভিন্ন আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে তদন্ত আয়োগৰ অধ্যক্ষ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ অজয় লাম্বাই ৷

justice ajai lamba in Manipur relief camps
মণিপুৰত তদন্ত আয়োগৰ অধ্যক্ষ ন্যায়াধীশ অজয় ​​লাম্বা

তেজপুৰ, 15 জুলাই: মণিপুৰৰ পৰিস্থিতি পূৰ্বতকৈ কিছু পৰিমাণে শান্ত হৈছে । উল্লেখ্য যে, যোৱা 3 মে'ৰ পৰা হিংসাত্মক ঘটনাৰ সূত্ৰপাত হোৱা ৰাজ্যখনৰ পাহাৰীয়া জিলা চুৰাচান্দপুৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয় বুলি জানিবলৈ পৰা গৈছে । এই সংঘৰ্ষৰ সূত্ৰপাতৰ তদন্তৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক তদন্ত কমিটিৰ ঘোষণা কৰিছিল । ঘটনাৰ সবিশেষ তথ্য গ্ৰহণ কৰিবলৈ শুকুৰবাৰে তদন্ত আয়োগৰ অধ্যক্ষ, ন্যায়াধীশ অজয় ​​লাম্বাই মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ লামকাত উপস্থিত হয় ।

চুৰাচান্দপুৰৰ উপায়ুক্ত ধৰুণ কুমাৰ, আৰক্ষী অধীক্ষক কাৰ্তিক মাল্লাদী আৰু অন্যান্য বিষয়াৰ সৈতে অধ্যক্ষগৰাকীয়ে প্ৰায় 118 জন আইডিপিক আশ্ৰয় দিয়া ছল্ট ব্ৰুক স্কুললৈ যায় । ইয়াৰ পিচত ন্যায়াধীশ অজয় ​​লাম্বাই 175 জন আইডিপিক আশ্ৰয় গ্ৰহণ কৰি থকা ছেইণ্ট মেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰে । দুয়োটা সাহায্য শিবিৰতে অধ্যক্ষই সাহায্য শিবিৰত আশ্রয় লোৱা লোকসকলৰ সৈতে মত বিনিময় কৰে আৰু আয়োগৰ নিৰ্দেশ সন্দৰ্ভত ব্যাখ্যা কৰে ।

ন্যায়াধীশ অজয় ​​লাম্বাই 36 অসম ৰাইফলফছ, এ আৰ, মুখ্য কাৰ্যালয় ভেঙত সাধাৰণ জনতা আৰু চি এছ অ’ আৰু অন্যান্য অংশীদাৰসকলৰ সৈতেও মত বিনিময় কৰে ।

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ অজয় ​​লাম্বাৰ অধ্যক্ষতাত আই এ এছ (অৱসৰপ্ৰাপ্ত) হিমাংশু শেখৰ দাস আৰু আই পি এছ (অৱসৰপ্ৰাপ্ত) আলোক প্ৰভাকৰক লৈ এক তদন্ত আয়োগ গঠন কৰিছে । এই আয়োগে মণিপুৰত সংঘটিত হিংসাৰ কাৰণ আৰু বিস্তাৰ সন্দৰ্ভত তদন্ত কৰিব আৰু কোনো দায়িত্বশীল কৰ্তৃপক্ষ বা ব্যক্তিৰ ফালৰপৰা কোনো ধৰণৰ ভুল হৈছিল নেকি, তাৰ তদন্ত কৰিব ।

ন্যায়াধীশ অজয় ​​লাম্বাই ৰাজ্যখনৰ ৰাজধানী ইম্ফলৰ বিভিন্ন সাহায্য শিবিৰ পৰিদৰ্শন কৰাৰ লগতে শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা লোকসকলৰ সৈতে মত বিনিময় কৰে ।

লগতে পঢ়ক : Flood at Jonai : জোনাইৰ শ শ পৰিয়াল বানৰ কৱলত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.