ETV Bharat / bharat

প্ৰধানমন্ত্ৰী, নাড্ডাৰে বৈঠক বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকসকলৰ

author img

By

Published : Jun 7, 2021, 9:45 AM IST

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকসকল এক বৈঠকত মিলিত হয় ৷ এই বৈঠকৰ মূল উদ্দেশ্য আছিল 2022ৰ বিধানসভা নিৰ্বাচন (Assembly Election) আৰু কৰ’ণা (Corona) মহামাৰীক কেন্দ্ৰ কৰি দলটোৱে গ্ৰহণ কৰিবলগীয়া বিভিন্ন আঁচনি চূড়ান্ত কৰা ৷

as-ntl-jp-nadda-bjp-national-general-secretaries-meeting-with-pm-modi-concludes-img
প্ৰধানমন্ত্ৰী, নাড্ডাৰে বৈঠক বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকসকলৰ

নেশ্যনেল ডেস্ক,7 জুন: দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকসকল এক বৈঠকত মিলিত হয় ৷ এই বৈঠকত উপস্থিত আছিল বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ক্ৰমে- বি এল সন্তোষ, শিৱ প্ৰকাশ, অৰুণ সিং, চি টি ৰবী, ডি পুৰণদেশ্বৰী, দিলীপ শইকীয়া, তৰুণ চাঘ, দুষ্যন্ত গৌতম, কৈলাশ বিজয়বৰ্গীয় আৰু ভূপেন্দ্ৰ যাদৱ ৷

সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই বৈঠকৰ মূল উদ্দেশ্য আছিল 2022ৰ বিধানসভা নিৰ্বাচন (Assmebly election) আৰু কৰ’ণা (Corona) মহামাৰীক কেন্দ্ৰ কৰি দলটোৱে গ্ৰহণ কৰিবলগীয়া বিভিন্ন আঁচনি চূড়ান্ত কৰা ৷ বিগত 5 জুনতো জে পি নাড্ডাই ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকসকলৰ লগতে বিজেপিৰ মৰ্চা প্ৰধানসকলৰ সৈতে বৈঠকত মিলিত হৈছিল ৷

শনিবাৰৰ বৈঠকত নেতাসকলে ক’ভিড 19(Covid 19) ৰ ফলত সৃষ্টি হোৱা বিভিন্ন সামাজিক সমস্যা, 2021ৰ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পুনৰীক্ষণ আৰু 2022 ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ সন্দৰ্ভত আলোচনা কৰিছিল ৷ ইয়াৰ পিছতেই জে পি নাড্ডা, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষৰ লগতে মৰ্চাৰ প্ৰধানসকলে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছিল ৷

লগতে পঢ়ক-নাগপুৰত নীতিন গাডকাৰীক সৌজন্য সাক্ষাৎ সঞ্জয় দত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.