ETV Bharat / bharat

CBI will probe SI recruitment scam: CBI য়ে কৰিব আৰক্ষী উপ-পৰিদৰ্শকৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত

author img

By

Published : Jul 8, 2022, 6:51 PM IST

CBI য়ে তদন্ত কৰিব জম্মু আৰু কাশ্মীৰৰ আৰক্ষী উপ-পৰিদৰ্শকৰ নিযুক্তি কেলেংকাৰীৰ (JK admin orders CBI probe in police sub inspectors) ৷ অভিযোগ অনুসৰি, আৰক্ষী উপ পৰিদৰ্শকৰ নিযুক্তি প্ৰক্ৰিয়াত (JKP Sub Inspector recruitment) সংঘটিত হৈছিল বিসংগতি ৷ যাৰ বাবে এই বিসংগতিৰ তদন্তৰ নিৰ্দেশ জাৰি কৰিছিল জম্মু-কাশ্মীৰৰ এলজি মনোজ সিনহাই ৷

CBI ৰ আওতালৈ আহিল জম্মু কাশ্মীৰৰ আৰক্ষী উপ পৰিদৰ্শকৰ নিযুক্তি প্ৰক্ৰিয়া

নেশ্যনেল ডেস্ক, 8 জুলাই : জম্মু আৰু কাশ্মীৰ চৰকাৰে আৰক্ষী উপ-পৰিদৰ্শকৰ নিযুক্তি প্ৰক্ৰিয়াত হোৱা বিসংগতিক লৈ CBI তদন্তৰ নিৰ্দেশ জাৰি কৰিছে (JK admin orders CBI probe in police sub inspectors) ৷ আনকি চৰকাৰখনে সেৱা বাছনি ব'ৰ্ডৰ (SSB) দ্বাৰা আৰক্ষী উপ-পৰিদৰ্শকৰ নিযুক্তিৰ প্ৰক্ৰিয়া বাতিল কৰিছে ৷ লগতে এই নিযুক্তি প্ৰক্ৰিয়াক স্কেনাৰৰ অধীনলৈ আনি চিবিআই দ্বাৰা তদন্তৰ নিৰ্দেশ জাৰি কৰিছে ৷

"জম্মু কাশ্মীৰ আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি বাতিল কৰা হৈছে (JKP Sub Inspector recruitment) ৷ ইয়াৰ বাছনি প্ৰক্ৰিয়াত হোৱা বিসংগতি ফাদিল কৰিবৰ বাবে চিবিআই তদন্তৰ নিৰ্দেশ জাৰি কৰা হৈছে । দোষীক শীঘ্ৰেই তদন্তৰ আউটালৈ অনা হ’ব ৷ আমাৰ যুৱসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ দিশত এইটো প্ৰথম ডাঙৰ পদক্ষেপ ৷ চৰকাৰে শীঘ্ৰেই নতুন নিযুক্তিৰ বাবে ভৱিষ্যতৰ কাৰ্যপন্থা নিৰ্ধাৰণ কৰিব," এলজি মনোজ সিনহাই টুইটযোগে ব্যক্ত কৰিছে এই মন্তব্য (LG Manoj Sinha wrote in a tweet) ৷

উল্লেখ্য যে, প্ৰায় এমাহ পূৰ্বে আৰক্ষীৰ উপ পৰিদৰ্শক (SI) পদৰ বাবে হোৱা লিখিত পৰীক্ষাত অনিয়মৰ অভিযোগ উত্থাপিত হৈছিল ৷ যাৰ বাবে তদন্তৰ নিৰ্দেশ জাৰি কৰিছিল এলজি সিনহাই ৷ লগতে তেওঁ আশ্বাস দিছিল যে, যদি এই পৰীক্ষাত কোনো অনিয়ম সংঘটিত হৈছে, তেন্তে পূৰ্বৰ সকলো পৰীক্ষা বাতিল কৰি পুনৰ নতুনকৈ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব ৷

আনকি একাংশ প্ৰাৰ্থীয়ে উক্ত কেলেংকাৰীটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল ৷ লগতে ইয়াৰ উচিত তদন্তৰ দাবী কৰিছিল । এই কেলেংকাৰীৰ অনুসন্ধানৰ বাবে গঠন কৰা তদন্ত সমিতিখনৰ দায়িত্বত আছিল অতিৰিক্ত মুখ্য সচিব আৰ কে গোৱেল আৰু আন তিনিজন জ্যেষ্ঠ বিষয়া ।

তথ্য অনুসৰি, SSB য়ে জম্মু আৰু কাশ্মীৰত SI ৰ 1200 টা পদৰ বাবে বিজ্ঞাপন দিছিল (SSB had advertised 1200 posts of SIs in Jammu and Kashmir) ৷ যি হৈছে চৰকাৰৰ দ্বাৰা প্ৰথম মুখ্য নিযুক্তিৰ প্ৰক্ৰিয়া । JKSSB ৰ দ্বাৰা পৰিচালিত পৰীক্ষাত প্ৰায় 97,000 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল । আনকি 4 জুনত বোৰ্ডে SI পৰীক্ষাৰ ফলাফল ঘোষণাও কৰিছিল ।

কিন্তু পৰৱৰ্তী সময়ত এই পৰীক্ষাৰ ফলাফলত বিসংগতিৰ অভিযোগ উত্তাপিত হোৱাত CBI ৰ তদন্তৰ নিৰ্দেশ জাৰি কৰিছে জম্মু আৰু কাশ্মীৰ চৰকাৰে ৷

লগতে পঢ়ক : ইছৰত জাহানৰ জামিনৰ বিৰুদ্ধে ১১ জুলাইত শুনানি ল'ব দিল্লী উচ্চ ন্যায়ালয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.