ETV Bharat / bharat

জনা নজনা: বিশ্বৰ আটাইতকৈ ওখ মন্দিৰটো

author img

By

Published : Sep 11, 2021, 7:16 PM IST

ভাৰত পূৰ্বৰে পৰা বিভিন্ন ঐতিহাসিক কৃতিচিহ্ন আৰু মঠ মন্দিৰেৰে ভৰপূৰ ৷ ইয়াৰ বহুতো কৃতিচিহ্নই ইতিহাসত নাম খোদিত কৰাৰ লগতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে ৷ কিন্তু বিশ্বৰ আটাইতকৈ ওখ মন্দিৰটো ক’ত আছে আপুনি জানেনে ?

World tallest temple in India
জনা নজনা: বিশ্বৰ আটাইতকৈ ওখ মন্দিৰটো

নিউজ ডেস্ক, 11 ছেপ্টেম্বৰ : বৃন্দাবন চন্দ্ৰোদয় মন্দিৰ হৈছে ভাৰতৰ মথুৰাৰ বৃন্দাবনত নিৰ্মাণাধীন বিশ্বৰ আটাইতকৈ ওখ মন্দিৰ ৷ এই মন্দিৰটোৰ নিৰ্মাণৰ সাম্ভাব্য ব্যয় হৈছে প্ৰায় 700 কোটি (98 নিযুত আমেৰিকান ডলাৰ) ৷ ই বিশ্বৰ আটাইতকৈ ব্যয়বহুল মন্দিৰবোৰৰ ভিতৰত এটা হোৱাৰ সম্ভাৱনা আছে ।

এই মন্দিৰটো নিৰ্মাণৰ পৰিকল্পনা কৰিছিল ইস্কনৰ বাংগালুৰুৰ কৰ্তৃপক্ষই ৷ মন্দিৰটো প্ৰায় ৭০০ ফুট (২১৩ মিটাৰ বা ৭০ মহলা) উচ্চ আৰু ৫,৪০,০০০ বৰ্গফুট (৫০,০০০ বৰ্গ মিটাৰ)ৰ এলেকা জুৰি বিস্তৃত হৈ আছে ৷ প্ৰায় ৬২ একৰ ভূমিত নিৰ্মাণ কৰা হৈছে এই মন্দিৰটো আৰু ইয়াত পাৰ্কিঙৰ বাবে আছে ১২ একৰ ভূমি আৰু এখন হেলিপেডৰো ব্যৱস্তা কৰা হৈছে ।

World tallest temple in India
জনা নজনা: বিশ্বৰ আটাইতকৈ ওখ মন্দিৰটো

1972 চনত ইস্কনৰ প্ৰতিষ্ঠাপক আৰু আচাৰ্য শ্ৰীলা প্ৰভুপদই ভজন কুটিৰৰ সন্মুখত তেওঁৰ এক ডজনৰো অধিক পশ্চিমীয়া শিষ্যৰ আগত বৈৰাগ্য আৰু আধ্যাত্মিক কাৰ্যকলাপৰ বিষয়ে উল্লেখ কৰিছিল ৷ তেওঁ এই প্ৰসংগত প্ৰভূ কৃষ্ণৰ বাবে আকাশচুম্বীৰ দৰে ডাঙৰ মন্দিৰ নিৰ্মাণ কৰি প্ৰৱণতাৰ কথা ব্যক্ত কৰিছিল ৷ শ্ৰীলা প্ৰভুপদৰ এই দৃষ্টিভংগী আৰু বিবৃতিৰ দ্বাৰা অনুপ্ৰাণিত হৈ ইস্কনৰ বাংগালোৰৰ ভক্ত সকলে বা ঋত্বিকসকলে ভগৱান শ্ৰীকৃষ্ণৰ বাবে এটা আকাশচুম্বী মন্দিৰ নিৰ্মাণৰ বাবে বৃন্দাবন চন্দ্ৰোদয় মন্দিৰ প্ৰকল্পৰ ধাৰণা কৰিছিল ।

World tallest temple in India
জনা নজনা: বিশ্বৰ আটাইতকৈ ওখ মন্দিৰটো

মথুৰা জিলাৰ চান্দ্ৰোদয় মন্দিৰৰ আধাৰশিলা 2014 চনৰ 16 মাৰ্চত পৱিত্ৰ হোলীৰ দিনা স্থাপন কৰা হৈছিল । বৃন্দাবন চন্দ্ৰোদয় মন্দিৰ নিৰ্মাণাধীন মধু পণ্ডিত দাসে তদানীন্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ সৈতে এখন বৈঠকত মিলিত হৈছিল, য'ত তেওঁ মন্দিৰটো নিৰ্মাণ কৰাৰ বিষয়ে অৱগত কৰিছিল । ইয়াৰ পাছতেই ২০১৪ চনৰ মাৰ্চ মাহত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী অখিলেশ যাদৱে এই প্ৰকল্পটো উদ্বোধন কৰে আৰু ২০১৪ চনৰ ১৬ নৱেম্বৰত ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে মন্দিৰৰ আধাৰশিলা স্থাপন কৰে । মন্দিৰৰ ভৱনটো বৰ্তমান নিৰ্মাণাধীন হৈ আছে ।

World tallest temple in India
জনা নজনা: বিশ্বৰ আটাইতকৈ ওখ মন্দিৰটো

লগতে পঢ়ক : জনা নজনা: ইতিহাসৰ আটাইতকৈ সৰু যুদ্ধখন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.