ETV Bharat / bharat

জনা-নজনা : আইন সকলোৰে বাবেই সমান, আটক হৈছিল কুকুৰাও ? - ন্যায়ালয়

আৰক্ষীয়ে যান-বাহন আইন ভংগ কৰা চালকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে । জৰিমনাও আৰোপ কৰা হয় । কিন্তু, আপুনি পূৰ্বে শুনিছিলনে, ট্ৰেফিক আইন ভংগ কৰাৰ বাবে কুকুৰাক জিম্মাত লোৱাৰ কথা ? আশ্চৰ্যজনকভাৱে, ব্ৰিটেইনত এনেকুৱা এটা ঘটনাই সংঘটিত হৈছে । কিন্তু আৰক্ষীয়ে কিয় কুকুৰাটো জিম্মাত ল’বলগীয়া হ’ল আৰু পাছত কি হ’ল কুকুৰাটোৰ লগত ? ন্যায়ালয়ত দাৰস্থ হ’বলগীয়া হৈছিল নেকি কুকুৰাটো ? অৱশেষত কুকুৰাটো মুকলি কৰি দিয়া হ’ল নে কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ল ? সবিশেষ জানিবলৈ আপুনি পঢ়িব লাগিব এই প্ৰতিবেদন ৷

Why did the police have to take custody of the chicken !
কিয় আৰক্ষীয়ে নিজ জিম্মাত ল’বলগীয়া হ’ল কুকুৰা !
author img

By

Published : Oct 7, 2021, 4:58 PM IST

নিউজ ডেস্ক, 7 অক্টোবৰ : আইন সকলোৰে বাবে সমান ৷ আইন ভংগকাৰীসকলৰ বিৰুদ্ধে আৰক্ষীয়ে সদায়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে ৷ এনে লোকক জৰিমণা বিহাৰ লগতে প্ৰয়োজনত কাৰাগাৰলৈও প্ৰেৰণ কৰা হয় ৷ কিন্তু ট্ৰেফিক আইন ভংগ কৰাৰ বাবে কুকুৰাক কাৰাগাৰলৈ প্ৰেৰণ !

Why did the police have to take custody of the chicken !
কিয় আৰক্ষীয়ে নিজ জিম্মাত ল’বলগীয়া হ’ল কুকুৰা !

ব্ৰিটেইনৰ ডুণ্ডিৰ ইষ্ট মাৰ্কেট গেটত 2016 চনত সংঘটিত হৈছিল এই ঘটনা ৷ অতি ব্যস্তময় এলেকাটোত কুকুৰাটোৱে ৰাস্তাত মাজত ঘূৰি-ফুৰি চালকসকলক অসুবিধাত পেলাইছিল ৷ কুকুৰাটোৰ কাৰণে পথত কেইবাটাও দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা কথমপিহে ৰক্ষা পৰে বহু বাহন ৷

অৱশেষত অতিষ্ঠ হৈ কেইবাজনো চালকে কুকুৰাটোৰ বিৰুদ্ধে আৰক্ষীক গোচৰ দিয়ে ৷ আৰক্ষীয়ে অভিযোগৰ ভিত্তিত কুকুৰাটোক আটক কৰি নিজৰ জিম্মাত লয় ৷ কুকুৰাটোক আটক কৰাৰ পাছতেই ৰাজপথ পুনৰ স্বাভাবিক অৱস্থালৈ ঘূৰি আহে ৷ ইফালে এই ঘটনাই লগে লগে শিৰোনাম দখল কৰে সংবাদ মাধ্যমৰ ।

আৰক্ষীয়েও সদৰি কৰিছিল কুকুৰাটো জিম্মাত লোৱাৰ কথা ৷ পুৱাৰ অতি ব্যস্ততাভৰা সময়খিনিতেই পথৰ মাজত চালকসকলৰ চিন্তাৰ কাৰণ হৈ পৰাৰ বাবে কুকুৰাটোক জিম্মাত লোৱা হৈছিল বুলি জানিবলৈ দিছিল আৰক্ষীয়ে ।

কিন্তু ইয়াৰ পাছত কি হ’ল কুকুৰাটোৰ লগত ! কুকুৰাটোক মুকলি কৰি দিয়া হ’ল নে কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ?

দৰাচলতে সংবাদ মাধ্যমত এই কথা প্ৰকাশ পোৱাৰ পাছতেই স্কটিছ ছ’চাইটি ফ’ৰ দা প্ৰিভেনচন অৱ ক্ৰুৱেলিটি টু এনিমেলছ নামৰ এটা পশুপ্ৰেমী সংগঠনে আৰক্ষীৰ সৈতে যোগাযোগ কৰি কুকুৰাটোৰ গৰাকী নোপোৱা পৰ্যন্ত দায়িত্ব লয় ৷

এই ঘটনা ইমানতেই অন্ত পৰা নাছিল ৷ কুকুৰাটোৱে কিয় অতি ব্যস্তময় সময়চোৱাত ৰাস্তাটো পাৰ হোৱাৰ চেষ্টা কৰিছিল তাক জানিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে । ইফালে কুকুৰাটোৰ গৰাকীক বিচাৰি ফেচবুকত পোষ্টো কৰা হৈছিল । এক প্ৰায় সহস্ৰাধিক লোকে এই পোষ্টটো শ্বেয়াৰ কৰিছিল । এই পোষ্টত বহুজনে বহু মন্তব্যও কৰিছিল । অৱশ্যে, ইয়াৰ পৰা পৰা কুকুৰাটোৰ গৰাকীক বিচাৰি পোৱাটো সম্ভৱ হোৱা নাছিল ।

লগতে পঢ়ক : জনা-নজনা : বিমানৰ বাহিৰত সঁচাকৈ ওলমি যাব পাৰি নে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.