নেশ্যনেল ডেস্ক, ২৯ জানুৱাৰী: বৃহস্পতিবাৰে কাশ্মীৰৰ শ্ব'পিয়ান জিলাৰ অমৰ বাঘ ইমাম চাহিবস্থিত এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ত সংঘটিত হ'ল বিধ্বংসী অগ্নিকাণ্ড । স্থানীয় লোকে জনোৱা মতে, সন্ধিয়া প্ৰায় ৬.৪৫ বজাত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল । নিমিষতে জ্বলি ছাই হৈ গৈছিল বিদ্যালয়ৰ সকলো আচবাব, নথি-পত্ৰ । সময়মতে, জুই নুমুৱাব নোৱাৰাত গোটেই বিদ্যালয়খনেই ভস্মীভূত হয় ।
ধাৰাবাহিকভাৱে হোৱা তুষাৰপাতৰ ফলত বিদ্যালয়খনলৈ যোৱা পথ বৰষে ঢাকি ধৰিছিল । সেয়ে উক্ত পথেৰে যাতায়াত ব্যাহত হৈ পৰে । অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হৈছিল যদিও পথবোৰ বৰফেৰে আবৃত হৈ থকা বাবে বিদ্যালয়খনলৈ যাব নোৱাৰিলে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ।
অৱশ্যে অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । উল্লেখ্য যে, যোৱা ২১ জানুৱাৰীত একেখন জিলাৰে নন্দীগাম অঞ্চলত চৰকাৰী মেডেল বিদ্যালয়ত অগ্নিকাণ্ড সংঘটিত হৈছিল । অগ্নিকাণ্ডৰ ফলত বিদ্যালয় গৃহৰ যথেষ্ট ক্ষতিসাধন হৈছিল ।