নিউজ ডেস্ক, 13 মাৰ্চ : পাঁচ ৰাজ্যৰ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাচত কংগ্ৰেছ নেতৃত্বই পৰাজয়ৰ কাৰণ পৰ্যলোচনাৰ বাবে দেওবাৰে কাৰ্যকৰী কমিটীৰ এক বৈঠক আহ্বান জনাইছে (Congress Working Committee meet)৷ কংগ্ৰেছৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী কাৰ্যকৰী কমিটীৰ এই বৈঠক বিয়লি 4 বজাত অনুষ্ঠিত হ’ব ৷ পাঁচ ৰাজ্যৰ নিৰ্বাচনত শোচনীয় পৰাজয় সম্পৰ্কে মূলতঃ আলোচনা হোৱাৰ সম্ভাৱনা এই বৈঠকত ৷
G-23 ৰ নেতাসকলে দলটোৰ আভ্যন্তৰীণ নিৰ্বাচনৰ বাবে হেঁচা প্ৰয়োগ কৰি গোলাম নবী আজাদৰ বাসগৃহত মিলিত হৈছিল ৷ তাৰ পৰিপ্ৰেক্ষিততেই এই বৈঠকখন প্ৰাসংগিক হৈ পৰিছে ৷ পূৰ্বতে ছোনিয়া গান্ধীয়ে পদত্যাগৰ প্ৰস্তাৱ (Sonia Gandhi offered to quit) দিছিল যদিও কংগ্ৰেছ কাৰ্যকৰী কমিটীয়ে এই প্ৰস্তাৱ প্ৰত্যাখান কৰে ৷ আনহাতে, দলটোৰ ভিতৰত থকা বিসম্বাদী গোটে নেতৃত্বৰ পৰিৱৰ্তন হোৱাতো বিচাৰিছিল ৷
বিসম্বাদী গোটটোৱে এই দলীয় পক্ষেপৰ সৈতে মোকাবিলা কৰিবলৈ সাজু নাছিল ৷ 2019 চনৰ লোকসভা নিৰ্বাচনত বিপৰ্যয়ৰ পাচত তদানীন্তন কংগ্ৰেছ সভাপতি তথা ছোনিয়া তনয় ৰাহুল গান্ধীয়ে পদত্যাগ কৰে ৷ ফলত 2019 চনৰ আগষ্ট মাহত পুনৰ কংগ্ৰেছৰ দায়িত্ব ন্যস্ত কৰা হয় ছোনিয়া গান্ধীক ৷
দেওবাৰে হ’ব লগীয়া বৈঠকত কংগ্ৰেছ কাৰ্যকৰী কমিটি এক ধুমুহাৰ সাক্ষী হ’ব পাৰে বুলি অনুমান কৰা হৈছে ৷ গান্ধী পৰিয়ালৰ প্ৰতি আনুগত্য থকা কাৰ্যকৰী কমিটিৰ সদস্য সকলে হয়তো ছোনিয়া গান্ধীক পদত্যাগৰ প্ৰস্তাৱ আগবঢ়াব পাৰে ৷ তেতিয়া কংগ্ৰেছে এগৰাকী নতুন নেতা বাচনি কৰিব লাগিব ৷ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি গৰিষ্ঠ সংখ্যক কংগ্ৰেছ কাৰ্যকৰী সমিতিৰ সদস্যই এই ক্ষেত্ৰত প্ৰিয়ংকা গান্ধীৰ নাম প্ৰস্তাৱ কৰাৰ সম্ভাৱনা আছে ৷
গোলাম নবী আজাদৰ বাসগৃহত মিলিত হোৱা G-23 নেতাসকলৰ ভিতৰত আছিল জ্যেষ্ঠ কংগ্ৰেছ নেতা কপিল চিব্বাল, মণিষ তিৱাৰী, আনন্দ শৰ্মা আৰু অখিলেশ প্ৰসাদ সিং ৷ আন একাংশ নেতাই ভাৰ্চুৱেলী অংশ গ্ৰহণ কৰিছিল ৷ নিৰ্বাচনী বিপৰ্যয়ৰ পাচত কংগ্ৰেছৰ ভিতৰ চ’ৰাত উত্তেজনাৰ সৃষ্টি হৈছে ৷ লগতে G-23 নেতাসকল নেতৃত্বৰ কাৰ্যপন্থাক লৈ অসন্তুষ্ট হোৱা বুলিও জানিব পৰা গৈছে ৷
লগতে পঢ়ক : Budget session : ছোনিয়া গান্ধীৰ অধ্যক্ষতাত আজি কংগ্ৰেছৰ সংসদীয় গোটৰ বৈঠক