ETV Bharat / bharat

৬ জানুৱাৰীত গন্তব্যস্থানত উপনীত হ'ব আদিত্য এল১; ইছৰোৰ অধ্যক্ষ - Satish Dhawan Space Centre

Aditya L1 Solar Mission : "আদিত্য-এল১ ৬ জানুৱাৰীত এল১ পইণ্টত প্ৰৱেশ কৰিব । সেয়াই আশা কৰা হৈছে । নিৰ্দিষ্ট সময়ত ইয়াৰ সঠিক সময় ঘোষণা কৰা হ'ব ।" বিজ্ঞান ভাৰতীৰ দ্বাৰা আয়োজিত ভাৰতীয় বিজ্ঞান সন্মিলনৰ সময়ত সোমনাথে সংবাদ মাধ্যমৰ আগত কয় ।

Aditya L1 to reach destination on January 6
৬ জানুৱাৰীত গন্তব্য স্থানত উপনীত হ'ব আদিত্য এল১
author img

By PTI

Published : Dec 23, 2023, 2:30 PM IST

Updated : Dec 23, 2023, 2:36 PM IST

নিউজ ডেস্ক, ২৩ ডিচেম্বৰ : ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) অধ্যক্ষ এছ সোমনাথে কয় যে ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য-এল1 ইয়াৰ গন্তব্য স্থান পৃথিৱীৰ পৰা 1.5 নিযুত কিলোমিটাৰ দূৰত অৱস্থিত লাগ্ৰাঞ্জিয়ান পইণ্টত (এল1) ৬ জানুৱাৰীত উপনীত হ'ব । এই অভিযানটো হৈছে হেলো কক্ষপথ এল1-ৰ পৰা সূৰ্য অধ্যয়ন কৰা প্ৰথম ভাৰতীয় মহাকাশ ভিত্তিক অবজাৰভেটৰী । 2 ছেপ্টেম্বৰত শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ (এছডিএছচি) পৰা ইছৰোৱে ইয়াৰ উৎক্ষেপণ কৰিছিল ।

"আদিত্য-এল১ ৬ জানুৱাৰীত এল১ পইণ্টত প্ৰৱেশ কৰিব । সেয়াই আশা কৰা হৈছে । নিৰ্দিষ্ট সময়ত ইয়াৰ সঠিক সময় ঘোষণা কৰা হ'ব ।" বিজ্ঞানক জনপ্ৰিয় কৰাৰ বাবে কাম কৰা বেচৰকাৰী সংগঠন বিজ্ঞান ভাৰতীৰ দ্বাৰা আয়োজিত ভাৰতীয় বিজ্ঞান সন্মিলনৰ সময়ত শুকুৰবাৰে সোমনাথে সংবাদ মাধ্যমৰ আগত এনেদৰে কয় । "যেতিয়া ই এল1 পইণ্টত উপনীত হ'ব, আমি ইঞ্জিনটো পুনৰ এবাৰ ফায়াৰ কৰিব লাগিব যাতে ই আৰু আগবাঢ়ি নাযায় । ই উক্ত বিন্দুলৈ যাব আৰু সেই বিন্দুত উপনীত হোৱাৰ পিছত তাৰ চাৰিওফালে ঘূৰিব আৰু এল1-ত আবদ্ধ হ'ব ।" তেওঁ কয় ।

আদিত্য-এল1 ইয়াৰ গন্তব্য স্থানত উপনীত হোৱাৰ পিছত ই পৰৱৰ্তী পাঁচ বছৰৰ বাবে সূৰ্যত ঘটি থকা বিভিন্ন ঘটনা পৰিমাপত সহায় কৰিব । "এবাৰ ইয়াক সফলতাৰে এল-১ পইণ্টত ৰখাৰ পিছত ই পৰৱৰ্তী পাঁচ বছৰৰ বাবে তাত থাকিব । তাৰ পৰা এনে সকলো তথ্য সংগ্ৰহ কৰিব, যিবোৰ কেৱল ভাৰতৰ বাবে নহয়, সমগ্ৰ বিশ্বৰ বাবেও অতি গুৰুত্বপূৰ্ণ । সূৰ্যৰ গতিশীলতা আৰু ই আমাৰ জীৱনক কেনেদৰে প্ৰভাৱিত কৰে বুজিবলৈ তথ্যবোৰ অতি উপযোগী হ'ব ।" ইছৰোৰ মুৰব্বীয়ে কয় ।

ভাৰত কেনেদৰে প্ৰযুক্তিগতভাৱে শক্তিশালী দেশ হ'বলৈ গৈ আছে সেয়া অতি গুৰুত্বপূৰ্ণ । তেওঁ সমবেত লোকসকলক সম্বোধন কৰি তেওঁ কয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনা অনুসৰি, 'অমৃত কাল'ৰ সময়ত 'ভাৰতীয় মহাকাশ কেন্দ্ৰ' নামৰ এটা ভাৰতীয় মহাকাশ কেন্দ্ৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে বুলিও সোমনাথে কয় ।

"মহাকাশ খণ্ডত আমি নতুন প্ৰতিভাৰ উদ্ভৱনা দেখিছোঁ... আমি নতুন প্ৰজন্মক কেউফালৰ পৰা অৰ্থনীতিক সমৰ্থন, উৎসাহ আৰু প্ৰস্তুত কৰি তুলিবলৈ গৈ আছোঁ ।" তেওঁ কয় যে ভাৰত সকলো ক্ষেত্ৰতে নেতা হ'ব নোৱাৰে, কিন্তু যিবোৰ ক্ষেত্ৰত কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিব লাগে ।

লগতে পঢ়ক :Year-ender 2023: চন্দ্ৰযান-৩ৰ ঐতিহাসিক চন্দ্ৰ অৱতৰণৰ পিছত চন্দ্ৰপৃষ্ঠত ভাৰত

Last Updated : Dec 23, 2023, 2:36 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.