ETV Bharat / bharat

ত্ৰিপুৰাত আকাশলংঘী খোৱাতেলৰ মূল্য - জনসাধাৰণ

অযুক্তিকৰ হাৰত খোৱাতেলৰ মূল্যবৃদ্ধি ত্ৰিপুৰাত ৷ ইয়াকে লৈ মঙলবাৰে ৰাজ্যখনৰ খাদ্য বিভাগে চলালে তালাচী অভিযান ৷

irrational-rise-in-cooking-oil-prices-department-says-no-shortage
ত্ৰিপুৰাত আকাশলংঘী খোৱাতেলৰ মূল্য
author img

By

Published : May 19, 2021, 8:03 PM IST

ত্ৰিপুৰা, 19 মে’: ত্ৰিপুৰাৰ এ.এম.চি. এলেকাবোৰত 24 ঘণ্টাজোৰা কৰ’ণা কাৰ্ফিউ জাৰি কৰাৰ লগে লগে খোৱা তেলৰ মূল্য অযুক্তিকৰভাৱে বৃদ্ধি পাইছে ৷ শেহতীয়াকৈ প্ৰতি লিটাৰ খোৱা তেলৰ দাম ১০ ৰ পৰা ২০ টকালৈ বৃদ্ধি পাইছে ৷ ফলস্বৰূপে, জনসাধাৰণৰ বাজেটত ইয়াৰ ব্য়াপক প্ৰভাৱ পৰিছে । সূত্ৰ অনুসৰি সাধাৰণ ৰাইজৰ অসহায় অৱস্থাৰ সুযোগ গ্ৰহণ কৰি সহজ পথেৰে ধন উপাৰ্জন কৰাৰ বাবে একাংশই এনে অনুচিত উপায়ৰ আশ্ৰয় লৈছে ।

এফালে কোম্পেনী সমূহে এমআৰপি বৃদ্ধি কৰি আছে আৰু আন একাংশ দুষ্ট-চক্ৰই কৃত্ৰিমভাৱে বৃদ্ধি কৰিছে খোৱা তেলৰ মূল্য । আনকি এনে কিছুমান ঘটনাও সংঘটিত হৈছে য'ত কোনো বৈধ বাণিজ্যিক অনুজ্ঞাপত্ৰ বা জিএছটি নামভৰ্তি নথকা লোকেও তেলৰ কাৰ্টুনৰ অবৈধ সংৰক্ষণ কৰিছে ।

ত্ৰিপুৰাত আকাশলংঘী খোৱাতেলৰ মূল্য

সূত্ৰ অনুসৰি বৰ্তমানে বিষয়টো খাদ্য বিভাগৰ লগতে বাণিজ্য সংস্থাসমূহৰো দৃষ্টিগোচৰ কৰা হৈছে ৷ মঙলবাৰে মহাৰাজ গাঞ্জা বজাৰ এলেকাত হোৱা এক অভিযানত খাদ্য বিভাগৰ বিষয়াসকলে খোৱা তেলৰ মুখ্য ষ্টকিষ্টসকলৰ গুদামত তালাচী চলাইছিল ।

অভিযানটোৰ সময়ত বিষয়াসকলে প্ৰাপ্ত সামগ্ৰীবোৰৰ পুংখানুপুংখ পৰিদৰ্শন কৰাৰ লগতে সামগ্ৰীসমূহ বিক্ৰী কৰাৰ পদ্ধতিও পৰীক্ষা কৰে । "আমি সকলো বোৰ দিশ পৰ্যবেক্ষন কৰি আছোঁ। জি.এছ.টি. পঞ্জীয়ন অবিহনে কোনোবাই ষ্টকিষ্টৰ পৰা বৃহৎ পৰিমাণত তেল ক্ৰয় কৰিছে নে আন কোনো অব্যৱস্থা আছে সেই সম্পৰ্কত আমাৰ তদন্ত অব্যাহত আছে । যদি কোনোলোক দোষী সাব্যস্ত হয় তেন্তে তেওঁলোকৰ বিৰুদ্ধে দুৰ্যোগ ব্যৱস্থাপনা আইন প্ৰয়োগ কৰি মোকৰ্দমা ৰুজু কৰা হ'ব", সহকাৰী এছডিএম, সদৰ বিনয় ভুচান দাসে এইদৰে কয় ।

খাদ্য বিভাগৰ সঞ্চালক তপন দাসে কয় যে , "চৰকাৰী তথ্য অনুসৰি, ত্ৰিপুৰাত ১০৪ দিনৰ বাবে পৰ্যাপ্ত খোৱা তেলৰ ভাণ্ডাৰ আছে। বজাৰত কোনো অভাৱ নাই আৰু যদি বজাৰত কোন লোক অথবা গোটে কৃত্ৰিম অভাৱ সৃষ্টি কৰিবলৈ চেষ্টা কৰে, কাকো ৰেহাই দিয়া নহ'ব"।

লগতে পঢ়ক : ৰাইজক বিনামূলীয়া ৰেচনৰ দাবী ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.