ETV Bharat / bharat

মাতৃভাষা দিৱসৰ ইতিহাস আৰু তাৎপৰ্য

author img

By

Published : Feb 21, 2021, 1:04 PM IST

ভাষা আৰু সাংস্কৃতিক বৈচিত্ৰতা আৰু ভিন্ন ভাষাক স্বীকৃতি আৰু প্ৰচাৰৰ বাবে বিশ্বজুৰি আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰা হয় । ২০২১ চনৰ বিষয়বস্তু হৈছে শিক্ষা আৰু সমাজত ভিন্ন ভাষা অন্তৰ্ভূক্ত কৰা ।

মাতৃভাষা দিৱসৰ ইতিহাস আৰু তাৎপৰ্য
মাতৃভাষা দিৱসৰ ইতিহাস আৰু তাৎপৰ্য

নিউজ ডেস্ক,২১ ফেব্ৰুৱাৰী: আন্তৰ্জাতিক মাতৃভাষা দিৱস হৈছে ভাষা আৰু বহু ভাষাৰ অন্তৰ্ভুক্তিৰে বিভিন্ন দিশত উন্নয়ন সাধন কৰা । ইউনেস্ক’ৱে বিশ্বাস কৰে যে প্ৰথম ভাষা বা মাতৃভাষাৰ ওপৰত আধাৰিত শিক্ষা প্ৰাৰম্ভিক বছৰৰ পৰা আৰম্ভ হ'ব লাগে কিয়নো শৈশৱৰ যত্ন আৰু শিক্ষা হৈছে শিক্ষণৰ আধাৰ । আন্তৰ্জাতিক মাতৃভাষা দিৱসত ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত ইউনেস্ক’ আৰু সংস্থাসমূহে ভাষাগত আৰু সাংস্কৃতিক বৈচিত্ৰতা প্ৰচাৰৰ বাবে বিশেষ অনুষ্ঠানৰ আয়োজন কৰে । সংস্থাসমূহে মানুহক এটাতকৈ অধিক ভাষা শিকি আৰু ব্যৱহাৰ কৰোঁতে তেওঁলোকৰ মাতৃভাষাৰ বিষয়ে জ্ঞান বজাই ৰাখিবলৈ উৎসাহিত কৰে । বিভিন্ন সময়ত চৰকাৰ আৰু বেচৰকাৰী সংগঠনে ভাষা শিক্ষণ আৰু সমৰ্থনক উৎসাহিত কৰিবলৈ বহু আঁচনি ঘোষণা কৰিবলৈ এই দিনটো উদযাপন কৰা দেখা যায় ।

বাংলাদেশত ২১ ফেব্ৰুৱাৰী দিনটো হৈছে দেশৰ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ দিন । এই দিনটোত দেশবাসীয়ে শ্বহীদসকলৰ স্মৃতিস্তম্ভত শ্ৰদ্ধাঞ্জলি জনায় । দেশখনৰ নাগৰিকে মহিলাসকলৰ বাবে কাচৰ খাৰু ক্ৰয় কৰে, বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে আৰু সকলোৱে মিলি ভোজ ভাত খায় । লগতে বাংলাদেশৰ সংস্কৃতি আৰু বাংলা ভাষাকলৈ বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে।

স্পেইনৰ বাৰ্চিলোনাস্থিত লিঙ্গুৱাপেক্স ইনষ্টিটিউটৰ লক্ষ্য হৈছে বিশ্বব্যাপী ভাষা বৈচিত্ৰতাক সংৰক্ষণ আৰু প্ৰচাৰ কৰা । প্ৰতিষ্ঠানটোৱে প্ৰতি বছৰে আন্তৰ্জাতিক মাতৃভাষা দিৱসত লিঙ্গুৱাপেক্স পুৰস্কাৰ প্ৰদান কৰে । এই পুৰস্কাৰটো সেইসকলক প্ৰদান কৰা হয় যিয়ে ভাষাগত বৈচিত্ৰতা বা বহু ভাষাৰ শিক্ষাৰ লগতে বিকাশত অৰিহণা যোগায় ।

২০২১ বৰ্ষৰ আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ বিষয়বস্তু

২০২১ চনৰ আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ বিষয়বস্তু হৈছে শিক্ষা আৰু সমাজ জীৱনত বিভিন্ন ভাষা অন্তৰ্ভূক্ত কৰি মাতৃভাষা আৰু বিভিন্ন ভাষাৰ বিকাশ সাধন কৰা আৰু ইয়াৰ জৰিয়তে বহনক্ষম উন্নয়নৰ ওপৰত গুৰুত্ব দিয়া হৈছে । এই বছৰ বিশেষকৈ আইন প্ৰণেতা,শিক্ষাবিদ আৰু শিক্ষক, অভিভাৱক আৰু পৰিয়ালক বিভিন্ন ভাষাৰ শিক্ষাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিবলৈ আহ্বান জনোৱা হৈছে । লগতে ক'ভিড-19 সৃষ্ট পৰিৱেশৰ বাবে প্ৰভাৱ পৰা শিক্ষা ব্যৱস্থাক পুনৰুদ্ধাৰ কৰি আগুৱাই নিবলৈও আহ্বান জনোৱা হৈছে ।

ইতিহাস

এই দিনটোৰ আৰম্ভণি হৈছিল ১৯৫২ চনৰ পৰা যেতিয়া ঢাকা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলে তেওঁলোকৰ মাতৃভাষা বাংলাক ৰাজ্যিক ভাষা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বিভিন্ন প্ৰতিবাদ আৰু সমদল উলিয়াইছিল । ভাৰত আৰু পাকিস্তান বিভাজনৰ পিছত পাকিস্তান চৰকাৰে উৰ্দুক পূৱ পাকিস্তান আৰু পশ্চিম পাকিস্তানৰ বাবে ৰাজ্যিক ভাষা হিচাপে ঘোষণা কৰিছিল ।

পূৱ পাকিস্তানৰ লোকসকলে অৰ্থাৎ বৰ্তমানৰ বাংলাদেশৰ লোকসকলে মাতৃভাষাৰ বাবে যুঁজ দিছিল আৰু এই সংগ্ৰামত বহুতে জীৱন ত্যাগ কৰিছিল । অৱশেষত ১৯৫৬ চনত চৰকাৰে বাংলা বা বঙালীক চৰকাৰী মৰ্যদা প্ৰদান কৰে । পৰৱৰ্তী ১৯৭১ চনত বাংলাদেশ স্বতন্ত্ৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় । যাৰ বাবে দেশখনে এতিয়াও ২১ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় বন্ধ পালন কৰে আৰু আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰে ।

পটভূমি

১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত, বেংগল প্ৰদেশক বাসিন্দাসকলৰ প্ৰধান ধৰ্ম অনুসৰি বিভক্ত কৰা হৈছিল । পশ্চিম অংশটো ভাৰতৰ অংশ হৈ পৰিছিল আৰু পূৱ অংশটো পাকিস্তানৰ এখন প্ৰদেশ হৈ পৰিছিল যাক পূৱ বংগ আৰু পিছলৈ পূৱ পাকিস্তান বুলি কোৱা হয়। অৱশ্যে, পূৱ আৰু পশ্চিম পাকিস্তানৰ মাজত অৰ্থনৈতিক, সাংস্কৃতিক আৰু ভাষাৰ বিভিন্নতা আছিল।

১৯৪৮ চনত উত্তেজনা বৃদ্ধি পাইছিল যেতিয়া পাকিস্তানৰ চৰকাৰে ঘোষণা কৰিছিল যে উৰ্দু তেওঁলোকৰ একমাত্ৰ ৰাষ্ট্ৰীয় ভাষা । ই পূৱ পাকিস্তানত বঙালী ভাষা কোৱা সংখ্যা গৰিষ্ঠতাৰ মাজত প্ৰতিবাদৰ সৃষ্টি কৰিছিল । চৰকাৰে প্ৰতিবাদক অবৈধ ঘোষণা কৰিছিল কিন্তু ১৯৫২ চনৰ ২১ ফেব্ৰুৱাৰীত ঢাকা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী আৰু অন্যান্য কৰ্মীসকলে বিশাল প্ৰতিবাদৰ আয়োজন কৰিছিল । এই প্ৰতিবাদত আৰক্ষীৰ গুলীত নিহত হৈছিল ৪ জনকৈ শিক্ষাৰ্থী । মাতৃভাষাৰ বাবে জীৱন উচৰ্গা কৰা শিক্ষাৰ্থীসকলক আজিও আন্তৰ্জাতিক মাতৃভাষা দিৱসত স্মৰণ কৰা হয় ।

বঙালী শীৰ্ষ নেতাসকলে তাৰ পিছতে মাতৃভাষাৰ বাবে যুদ্ধ অব্যাহত ৰাখিছিল । ১৯৫৬ চনৰ ২৯ ফেব্ৰুৱাৰীত পাকিস্তানত বাংলা চৰকাৰী ভাষা হৈ পৰিছিল। ১৯৭১ চনত বাংলাদেশৰ মুক্তি যুদ্ধৰ পিছত বাংলা চৰকাৰী ভাষা হিচাপে বাংলাদেশ স্বতন্ত্ৰ দেশত পৰিণত হয় ।

১৯৯৯ চনৰ ১৭ নৱেম্বৰত ইউনেস্কোয়ে ২১ ফেব্ৰুৱাৰীক আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে ঘোষণা কৰে আৰু ইয়াক প্ৰথমে ২০০০ চনৰ ২১ ফেব্ৰুৱাৰীত পালন কৰা হয় । প্ৰতি বছৰে একোটা নিৰ্দিষ্ট বিষয়বস্তু লৈ আন্তৰ্জাতিক মাতৃভাষা দিৱস বিশ্ব বিভিন্ন প্ৰান্তত পালন কৰা হয় ।

ভাৰতত উদযাপন আন্তৰ্জাতিক মাতৃভাষা দিৱস

ৰাষ্ট্ৰসংঘৰ ইউনেস্কোই ঘোষণা কৰাৰ পিছত ভাৰতৰো চিবিএছই মাধ্যমৰ বিদ্যালয়সমূহে ২১ ফেব্ৰুৱাৰীক মাতৃভাষা দিৱস হিচাপে ইয়াক পালন কৰি আহিছে । তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে টুইট যোগে জনোৱা মতে এইবাৰ বিভিন্ন ভাষাৰ ঐতিহ্যক বিষয়বস্তু হিচাপে লৈ দেশজুৰি পালন কৰা হ'ব মাতৃভাষা দিৱসৰ লগতে সকলো অনুষ্ঠানতে যাতে এক ভাৰত শ্ৰেষ্ঠ ভাৰতক মূলমন্ত্ৰ হিচাপে লৈ এই দিৱস পালন কৰে তাৰ বাবেও আহ্বান জনাই দেশৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ।

লগতে পঢ়ক:বিজেপি যুৱ ফ্ৰণ্টৰ নেতা পামেলি স্বামীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.