ETV Bharat / bharat

নৌ সেনাৰ প্ৰাক্তন ভাইচ এডমিৰেল এছ এইচ শৰ্মাৰ মৃত্যু - চিকিৎসালয়ত মৃত্যু হয় প্ৰবীণ নৌসেনাৰ বিষয়াগৰাকীৰ

১০০ বছৰ বয়সত ভুৱনেশ্বৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় প্ৰবীণ নৌ সেনাৰ বিষয়াগৰাকীৰ (Former Vice Admiral S H Sarma no more ) । ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত শৰ্মা ইষ্টাৰ্ণ ফ্লীট কমাণ্ডৰ ফ্লেগ অফিচাৰ আছিল । মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ শোক প্ৰকাশ ।

Vice Admiral S H Sarma
ভাইচ এডমিৰেল এছ এইচ শৰ্মাৰ মৃত্যু
author img

By

Published : Jan 4, 2022, 1:43 PM IST

Updated : Jan 4, 2022, 7:47 PM IST

নেশ্যনেল ডেস্ক, 4 জানুৱাৰী : ভাৰতীয় নৌ সেনাৰ প্ৰাক্তন ভাইচ এডমিৰেল এছ এইচ শৰ্মাৰ সোমবাৰে ১০০ বছৰ বয়সত মৃত্যু হয় (Veteran Vice Admiral S H Sarma died)। ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত শৰ্মা ইষ্টাৰ্ণ ফ্লিট কমাণ্ডৰ ফ্লেগ অফিচাৰ আছিল । সেই যুদ্ধতে ভাৰতে পাকিস্তানক পৰাস্ত কৰিছিল যাৰ ফলত বাংলাদেশ গঠন হৈছিল । নৌ সেনাৰ বিষয়াসকলে জনোৱা মতে, শৰ্মাই ইষ্টাৰ্ণ নেভেল কমাণ্ডৰ ফ্লেগ অফিচাৰ কমাণ্ডিং-ইন-চীফ (FOC in C) হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ।

নৌ সেনাৰ প্ৰাক্তন বিষয়াগৰাকীৰ সোমবাৰে সন্ধিয়া ৬.২০ বজাত ভূৱনেশ্বৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় । পৰিয়ালৰ লোকে জনোৱা মতে তেওঁৰ নশ্বৰ দেহ মঙলবাৰে ভূৱনেশ্বৰৰ বাসগৃহলৈ লৈ যোৱা হ'ব । য'ত বিভিন্ন জনে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব । ইফালে ৫ জানুৱাৰীত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব ।

ভাইচ এডমিৰেল শৰ্মাই অলপতে দিল্লীত আজাদী কা অমৃত মহোৎসৱ উদযাপনতো অংশগ্ৰহণ কৰিছিল । প্ৰাক্তন বিষয়াগৰাকীৰ মৃত্যুত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে টুইটযোগে গভীৰ শোক প্ৰকাশ কৰিছে । টুইটত উল্লেখ কৰা মতে, ভাৰতৰ হৈ বিভিন্ন যুদ্ধৰ সময়ত প্ৰবীণ সৈনিকজনে সন্মুখৰ পৰা নেতৃত্ব দিছিল । শোকসন্তপ্ত পৰিয়াল আৰু বন্ধুবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ওড়িশাৰ বাসিন্দা তথা ভাইচ এডমিৰেল এছ এইচ শৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে নৌ সেনা বাহিনীয়ে । ভুৱনেশ্বৰৰ ১২০ বেটেলিয়নৰ ষ্টেচন মুখ্য কাৰ্যালয়ৰ কেপ্তেইন সঞ্জীৱ বাৰ্মাই এক শোকবাৰ্তাত কয় যে, তেওঁ সদায় নৌ সেনা বাহিনীৰ বাবে অনুপ্ৰেৰণাৰ উৎস আছিল । বংগোপ সাগৰত ভাৰতৰ বিজয়ৰ ৰণনীতি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ইষ্টাৰ্ণ নেভেল কমাণ্ডৰ কমাণ্ডিং-ইন-চীফ হিচাপে তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা বহুতেই নাজানে ।

লগতে পঢ়ক : SI Sanjib Kumar Died : বাটলা হাউচ এনকাউণ্টাৰৰ চৰ্চিত আৰক্ষী জোৱান সঞ্জীৱ কুমাৰ লোচনৰ মৃত্যু

Last Updated : Jan 4, 2022, 7:47 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.