ETV Bharat / bharat

অৰুণাচলত চীন সীমান্তত মানৱবিহীন বিমান আৰু বিমান সম্পদৰ মোতায়েন বৃদ্ধি - অৰুণাচল প্ৰদেশত বিমান সম্পদৰ মোতায়েন বৃদ্ধি

অৰুণাচল প্ৰদেশত চীনৰ সীমাৰ(borders with China in Arunachal Pradesh region) ওচৰত ভাৰতীয় সেনাই(Indian Army) শক্তিশালী কৰি তুলিছে মানৱবিহীন বিমানকে(unmanned aircraft) ধৰি বিমান সম্পদৰ মোতায়েন(deployment of air assets) ৷ মানৱবিহীন বিমান 'Heron I', chopper 'ALH Dhruv' আৰু অস্ত্ৰসজ্জিত হেলিকপ্টাৰ 'Rudra' ৰ সৈতে সেনাই অঞ্চলটোত বিমান বাহিনীক অধিক শক্তিশালী কৰি তুলিছে ৷

Indian Army enhances deployment of air assets near border with China in Arunachal region
অৰুণাচলত চীন সীমান্তত মানৱবিহীন বিমান আৰু বিমান সম্পদৰ মোতায়েন বৃদ্ধি
author img

By

Published : Oct 18, 2021, 2:31 PM IST

নেশ্যনেল ডেস্ক , 18 অক্টোবৰ : প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত(Line of Actual Control) চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মীৰ( People's Liberation Army) আগ্ৰাসনৰ মাজতে অৰুণাচল প্ৰদেশত চীনৰ সীমাৰ(borders with China in Arunachal Pradesh region) ওচৰত ভাৰতীয় সেনাই(Indian Army) মানৱবিহীন বিমানকে(unmanned aircraft) ধৰি বিমান সম্পদৰ মোতায়েন(deployment of air assets) অধিক শক্তিশালী কৰি তুলিছে ৷ চীনৰ কাৰ্যকলাপৰ ওপৰত দৃষ্টি ৰখাৰ বাবে অঞ্চলটোত নিৰীক্ষণ শক্তিশালী কৰি তোলাৰ লগতে মানৱবিহীন বিমানকে ধৰি বিমান সম্পদৰ মোতায়েনত ভাৰতীয় সেনাই গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে ৷

ভাৰতীয় সেনাই ইয়াৰ বিমান চলাচল শাখাত(aviation wings) এয়াৰ ফায়াৰ পাৱাৰ (air firepower) ক পুনঃগঠন কৰাৰ সমান্তৰালকৈ বিমান সম্পদ আদিৰ মোতায়েন অধিক বৃদ্ধি পাইছে ৷ শেহতীয়াকৈ অধিক মানৱবিহীন বিমান 'Heron I', chopper 'ALH Dhruv' আৰু অস্ত্ৰসজ্জিত হেলিকপ্টাৰ 'Rudra' ৰ সৈতে সেনাই অঞ্চলটোত এটা বিমান বাহিনীৰো সংযোজন ঘটাইছে ৷ ইয়াৰ পূৰ্বে ফৰ্চ এভিয়েচন শাখাত (force aviation wing) মূলতঃ চিতা হেলিকপ্টাৰ(Cheetah Helicopters) আছিল ৷

উল্লেখ্য যে, সেনাই স্বদেশীভাৱে ডিজাইন কৰা আৰু উন্নত এডভান্সড লাইট হেলিকপ্টাৰ(Advanced Light Helicopter) ALH-Dhruv ৰ স্কোয়াড্ৰন(Squadron) সংযোজিত কৰিছে ৷ ই হৈছে 5.5 টন ওজন শ্ৰেণীৰ এটা twin engine, multi-role, multi-mission new generation হেলিকপ্টাৰ, যাক দ্ৰুত গতিত সৈন্য সংগ্ৰহৰ(quick mobilisation of troops) বাবে ব্যৱহাৰ কৰা হয় ৷ ইয়াৰ লগতে সেনাই 'ৰুদ্ৰ' সশস্ত্ৰ হেলিকপ্টাৰৰ প্ৰথমবাৰৰ বাবে সমৰ্পিত স্কোয়াড্ৰনো উত্থাপন কৰিছে ৷

ভাৰতীয় সেনাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়া মতে, ALH(WSI) ৰ পাইলট এজন ধনুৰ্ধৰৰ দৰে হ'ব যিয়ে দূৰৰ পৰাই শত্ৰুক হত্যা বা আঘাত কৰিব ৷ ইফালে অতি শেহতীয়াকৈ আগষ্টত আৰ্মি এভিয়েচন শাখাই Artillery ৰ পৰা ইজৰাইলত নিৰ্মিত মানৱবিহীন বিমান বাহন (UAV) Heron I লাভ কৰিছিল ৷

মন কৰিবলগীয়া যে, প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত চীনা পিপলছ লিবাৰেচন আৰ্মীৰ আক্ৰমণ অব্যাহত থকাৰ লগে লগে, সেনাই তেওঁলোকৰ কাৰ্যকলাপৰ ওপৰত নজৰ ৰাখিবলৈ সীমান্ত অঞ্চলত নিৰীক্ষণ বৃদ্ধি কৰিছে ৷ উল্লেখনীয়ভাৱে, ছিক্কিমৰ পৰা অৰুণাচল প্ৰদেশলৈকে, চীনৰ সৈতে ভাৰতে ভাগ বতৰা কৰা প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (LAC) হৈছে 1,346 কিলোমিটাৰ ৷ বিগত 18 মাহ ধৰি ভাৰত আৰু চীন সীমান্তত অচলাৱস্থাত আছে ৷ এই পৰ্যন্ত শীৰ্ষ কমাণ্ডাৰ পৰ্যায়ৰ বৈঠকৰ 13 পৰ্যায় অনুষ্ঠিত হৈছে যদিও 10 অক্টোবৰত অনুষ্ঠিত হোৱা অন্তিম পৰ্যায়ৰ আলোচনাখনো অমীমাংসিতভাৱে অন্ত পৰে ৷

লগতে পঢ়ক : দেশজুৰি ৰে'ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ সংযুক্ত কিষাণ মৰ্চাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.