ETV Bharat / bharat

প্ৰথমবাৰৰ বাবে ভাৰতীয় আৰু ফ্ৰান্স ৰাফেলৰ মাজত অপাৰেশ্বন #ডিজাৰ্টনাইট21 - ফ্ৰান্সৰ বায়ু তথা মহাকাশ বাহিনীৰ বিমানৰ পৰা সামৰিক সামগ্ৰী নমাই থকাৰ দৃশ্য

20 জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া #DesertKnite21 অনুশীলনৰ ৰাজস্থানৰ যোধপুৰস্থিত 29 স্কোৱাড্ৰনৰ বায়ুসেনা চাউনীত উপস্থিত হৈছে ফ্ৰান্স বায়ু আৰু মহাকাশ বাহিনীৰ এটা বিশেষ দল ৷ প্ৰথমবাৰৰ বাবে এই অনুশীলনত দুয়োখন দেশৰ বায়ুসেনাই ব্যৱহাৰ কৰিব ৰাফেল যুদ্ধবিমান ৷ ৰাফেল যুদ্ধ বিমানৰ এই অনুশীলনক স্কাইৰোছ নাম দিয়া হৈছে যদিও সমগ্ৰ অনুশীলনটোক নাম দিয়া হৈছে অপাৰেশ্বন ডিজাৰ্টনাইট21 ৷

ভাৰতীয় আৰু ফ্ৰান্স ৰাফেলৰ মাজত অপাৰেশ্বন #ডিজাৰ্টনাইট21

author img

By

Published : Jan 19, 2021, 1:41 PM IST

নিউজ ডেস্ক, 19 জানুৱাৰী : ভাৰতীয় বায়ুসেনা আৰু ফ্ৰান্স মহাকাশ তথা বায়ুসেনাৰ মাজত 20 জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব বহু প্ৰত্যাশিত যুটীয়া সামৰিক অভিযান ডিজাৰ্ট নাইট 21 ৷ ৰাজস্থানৰ যোধপুৰস্থিত ভাৰতীয় বায়ুসেনা 29 স্কোৱাড্ৰণৰ চাউনীত এই অনুশীলন অনুষ্ঠিত হ’ব আৰু ইতিমধ্যেই অনুশীলনত ভাগ ল’বলৈ উপস্থিত হৈছে ফ্ৰান্স বাহিনী ৷ প্ৰথমবাৰৰ বাবে এই অনুশীলনত অংশগ্ৰহণ কৰিব ভাৰতীয় বায়ুসেনা আৰু ফ্ৰান্স মহাকাশ তথা বায়ুসেনাৰ ৰাফেল যুদ্ধবিমানে ৷

ফ্ৰান্সৰ বায়ু তথা মহাকাশ বাহিনীৰ বিমানৰ পৰা সামৰিক সামগ্ৰী নমাই থকাৰ দৃশ্য

ফ্ৰান্স মহাকাশ তথা বায়ুসেনা বাহিনীয়ে ৰাফেল, এয়াৰবাছ A-330 মাল্টিৰোল ট্ৰেকাৰ পৰিবহন বিমান, A-400 M সামৰিক পৰিবহন বিমান আৰু 175 গৰাকী বায়ুসেনাৰ সৈতে সোমবাৰে নিশাৰ ভাগত যোধপুৰ বায়ুসেনা চাউনীত উপস্থিত হয় ৷ ভাৰতীয় বায়ুসেনাৰ মিৰাজ-2000, ছুখই-30 MKI, ৰাফেল, IL-78 ফ্লাইট ৰিফুৱেলিং বিমান, AWACS আৰু AEW&C বিমানে এই অনুশীলনত ভাগ ল’ব ৷ বিশেষকৈ ৰাফেল হ’ব এই অনুশীলনৰ মুখ্য আকৰ্ষণ আৰু ইয়াক নাম দিয়া হৈছে স্কাইৰোছ ৷

ভাৰতীয় বায়ুসেনাৰ সৈতে ফ্ৰান্স বায়ুসেনাৰ সৈনিকসকল

ইয়াৰ পূৰ্বে ভাৰতীয় বায়ুসেনা আৰু ফ্ৰান্স বায়ুসেনাই অপাৰেশ্বন গাড়ুডাৰ ছটাকৈ সংস্কৰণ সফলতাৰে অনুষ্ঠিত কৰিছে ৷ 2019ত অপাৰেশ্বন গাড়ুডাৰ ষষ্ঠ সংস্কৰণ ফ্ৰান্সৰ মাউন্ট ডি মাৰ্ছন চাউনীত অনুষ্ঠিত হৈছিল ৷ আনহাতে ডিজাৰ্ট নাইট 21 হৈছে ফ্ৰান্স মহাকাশ তথা বায়ুসেনাৰ এছিয়া মহাদেশৰ স্কাইৰোছ ডিপ্লোইমেন্টৰ অংশ ৷

ফ্ৰান্সৰ এয়াৰবাছ A-330 মাল্টিৰোল ট্ৰেকাৰ পৰিবহন বিমান

এয়া হৈছে ভাৰতীয় বায়ুসেনাৰ ৰাফেল যুদ্ধ বিমানৰ প্ৰথমটো সামৰিক অনুশীলন ৷ প্ৰায় এটা দশকধৰি চলা ভাৰতীয় বায়ুসেনাৰ মুল সামৰিক অনুশীলন গাড়ুডাৰ পৰা পৃথকে অংশগ্ৰহণ কৰিবলগীয়া স্কাইৰোছ যুদ্ধখেল অনুশীলনক লৈ যথেষ্ট আশাবাদী ভাৰতীয় বায়ুসেনা ৷ ইয়াৰ পূৰ্বে 2019ৰ জুলাইত ভাৰতীয় বায়ুসেনাই ফ্ৰান্স বায়ুসেনাৰ সৈতে সামৰিক অনুশীলনত অংশগ্ৰহণ কৰিছিল য’ত ভাৰতীয় বায়ুসেনাৰ ছুখই যুদ্ধবিমানে ফ্ৰান্সৰ ৰাফেল যুদ্ধ বিমানৰ সৈতে অনুশীলনত ভাগ লৈছিল ৷

ভাৰতীয় বায়ুসেনাই শেহতীয়াকৈ পূৰ্বীয় লাডাখত মোতায়েন কৰি ৰাখিছে ৰাফেল আৰু ছুখই যুদ্ধ বিমান আৰু দুয়োখন বিমানতে বহুখিনি সংশোধনীৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে ভাৰতীয় বায়ুসেনাই ৷ ফ্ৰান্স বায়ুসেনাৰ সৈতে অংশগ্ৰহণ কৰিবলগীয়া সামৰিক অনুশীলন স্কাইৰোছ যুদ্ধখেলৰ পিচতেই এই সন্দৰ্ভত বায়ুসেনাই আগবাঢ়িব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : প্ৰথমবাৰৰ বাবে স্কাইৰোছ যুদ্ধখেলত ভাৰত আৰু ফ্ৰান্সৰ ৰাফেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.