ETV Bharat / bharat

ভাৰতৰ ম’ষ্ট ৱান্টেড সন্ত্ৰাসবাদী হাফিজক বিচাৰি পাকিস্তানক অনুৰোধ ভাৰতৰ - মষ্ট ৱান্টেড সন্ত্ৰাসবাদী

লস্কৰ-ই-তৈবাৰ প্ৰতিষ্ঠাপক ভাৰতৰ বাবে ম’ষ্ট ৱান্টেড হাফিজক (LeT founder Hafiz Saeed) প্ৰত্যাৰ্পণ কৰিবলৈ পাকিস্তান চৰকাৰক অনুৰোধ ভাৰতৰ ৷ শুকুৰবাৰে এই কথা জানিবলৈ দিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ (Ministry of External Affairs) মুখপাত্ৰ অৰিন্দম বাগচীয়ে ৷

LeT founder Hafiz Saeed
ভাৰতৰ ম’ষ্ট ৱান্টেড সন্ত্ৰাসবাদী হাফিজ ছৈয়দ
author img

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 7:04 AM IST

Updated : Dec 30, 2023, 2:12 PM IST

নিউজ ডেস্ক, 30 ডিচেম্বৰ : মুম্বাইৰ 26/11 আক্ৰমণৰ মাষ্টাৰমাইণ্ড আৰু লস্কৰ-ই-তৈবাৰ প্ৰতিষ্ঠাপক হাফিজ ছৈইদক প্ৰত্যাৰ্পণ কৰিবলৈ পাকিস্তান চৰকাৰক অনুৰোধ জনাইছে ভাৰতে ৷ এই কথা জানিবলৈ দিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে ৷ শুকুৰবাৰে এক সংবাদমেল আয়োজন কৰি বাগচীয়ে কয় যে, ছৈইদ ভাৰতত সংঘটিত বিভিন্ন কূটাঘাটমূলক কাৰ্যৰ সৈতে জৰিত হৈ আছে ৷ হাফিজক ৰাষ্ট্ৰসংঘইও নিষিদ্ধ সন্ত্ৰাসবাদী ঘোষণা কৰিছে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় চমুকৈ এম ই এৰ মুখপাত্ৰ বাগচীয়ে কয়, ‘‘এটা গোচৰৰ বাবে তেওঁক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰিবলৈ পাকিস্তানক অনুৰোধ কৰা হৈছে ৷ লগতে সকলো নথিপত্ৰও প্ৰদান কৰা হৈছে ।"

এই ক্ষেত্ৰত পাকিস্তানৰ সংবাদ মাধ্যমত বুধবাৰে প্ৰকাশ পোৱা বাতৰি অনুসৰি, ভাৰতে আনুষ্ঠানিকভাৱে পাকিস্তানক 26/11 ৰ মুম্বাই আক্ৰমণৰ আঁৰৰ মাষ্টাৰমাইণ্ড লস্কৰ-ই-তৈবাৰ প্ৰতিষ্ঠাপক হাফিজ ছৈইদক প্ৰত্যাৰ্পণ কৰিবলৈ অনুৰোধ জনাইছে ৷ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পাকিস্তান চৰকাৰলৈ এক আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছে ৷

উল্লেখ্য যে, ভাৰতৰ ম’ষ্ট ৱান্টেড সন্ত্ৰাসবাদীৰ তালিকাত আছে হাফিজ ৷ সন্ত্ৰাসবাদী ছৈইদক ভাৰতে কৰা প্ৰত্যাৰ্পণৰ দাবীক কি দৰে গ্ৰহণ কৰিব পাকিস্তানে সেয়া লক্ষণীয় হ’ব ৷ কিন্তু ভাৰত আৰু পাকিস্তানৰ মাজত প্ৰত্যাৰ্পণ চুক্তিৰ অভাৱৰ বাবে প্ৰক্ৰিয়াটো জটিল হ’ব বুলিও সন্দেহ কৰা হৈছে ৷

ইফালে, 2008 চনৰ ডিচেম্বৰত ছৈইদক আল-কায়দা আৰু আই এছ আই এলক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ নিষেধাজ্ঞা সমিতিৰ অধীনত তালিকাভুক্ত কৰা হৈছিল । হাফিজক আমেৰিকা আৰু ইউৰোপীয় ইউনিয়নৰ দ্বাৰা আন্তৰ্জাতিক সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰা হৈছিল ৷

লগতে পঢ়ক : লালন সিঙৰ পদত্যাগৰ পাছত নীতিশ কুমাৰৰ হাতলৈ জনতা দল (ইউনাইটেড)ৰ কমাণ্ড

Last Updated : Dec 30, 2023, 2:12 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.