ETV Bharat / bharat

দিল্লীত উপস্থিত কাবুল দূতাবাসত আৱদ্ধ ভাৰতীয় কৰ্মচাৰী - আফগান নাগৰিক

অৱশেষত দিল্লীত উপস্থিত হ'ল আফগানিস্তানত আৱদ্ধ ভাৰতীয় দূতাবাসত কৰ্মৰত ভাৰতীয় কৰ্মচাৰী ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে এই কথা জানিবলৈ দিছে ৷ ভাৰতীয় বায়ু সেনাৰ চি-১৭ হেভি লিফ্ট((IAF's C-17 heavy-lift aircraft)যোগে কূটনীতিবিদ, বিষয়া আৰু সাংবাদিকসকলৰ দল ভাৰতত উপস্থিত হয় ৷

India completes evacuation of Indian personnel stuck at Kabul embassy

author img

By

Published : Aug 18, 2021, 9:10 AM IST

নেশ্যনেল ডেস্ক, 18 আগষ্ট : আফগানিস্তানৰ ক্ষমতা পুনৰ তালিবানৰ হাতলৈ যোৱাৰ লগে লগে আফগানিস্তানত আৱদ্ধ নিজ নিজ দেশৰ নাগৰিক সকলক লৈ বিভিন্ন দেশসমূহ চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে ৷ অতি শেহতীয়াকৈ কাবুলৰ ভাৰতীয় মিশ্যন(Indian mission in Kabul)ৰ পৰা ভাৰতীয় কৰ্মচাৰী আৰু কূটনীতিবিদসকলক স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে ৷ মঙলবাৰে সন্ধিয়া বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে এই কথা সুনিশ্চিত কৰে ৷

এই স্থানান্তৰ প্ৰক্ৰিয়া দুটা পৰ্যায়ত সম্পূৰ্ণ কৰা হৈছে ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে জানিবলৈ দিয়া মতে, মঙলবাৰে আবেলি ৰাষ্ট্ৰদূতসকলৰ লগতে ভাৰতৰ আনসকল কৰ্মচাৰী নতুন দিল্লীত উপস্থিত হয় ৷ ইয়াৰ পূৰ্বে কূটনীতিবিদ, বিষয়া আৰু সাংবাদিকসকলৰ দ্বিতীয়টো দলক লৈ ভাৰতীয় বায়ু সেনাৰ চি-১৭ হেভি লিফ্ট বিমানখন(IAF's C-17 heavy-lift aircraft) গুজৰাটৰ জামনগৰত অৱতৰণ কৰে আৰু মঙলবাৰে দুপৰীয়া 1 বজাত নতুন দিল্লীত উপস্থিত হয় ৷

লগতে পঢ়ক : এইবাৰ আফগানিস্তানত সলনি হ’ব নেকি তালিবানৰ পুৰুষতান্ত্ৰিক চৰিত্ৰ?

আন 120 গৰাকী কূটনীতিবিদ আৰু বিষয়াৰ সৈতে আফগানিস্তানৰ ভাৰতীয় ৰাষ্ট্ৰদূত(Indian ambassador to Afghanistan) ৰুদেন্দ্ৰ টণ্ডনো(Rudrendra Tandon) বিমানখনত আছে ৷

আফগানিস্তানত নিয়োজিত দূতাবাসৰ কৰ্মচাৰীসহ প্ৰায় 45 গৰাকী ভাৰতীয় আৰু বিভিন্ন সঁজুলি লৈ সোমবাৰে ভাৰতীয় বায়ু সেনা(Indian Air Force)ৰ এখন C-17 স্থানান্তৰ বিমান(evacuation flight) কাবুলৰ পৰা ভাৰতত আহি উপস্থিত হয় ৷ এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে কয়, "আমি আফগানিস্তানত থকা সকলো ভাৰতীয় নাগৰিকৰ বাবে সময়ে সময়ে ভ্ৰমণ আৰু নিৰাপত্তা পৰামৰ্শ জাৰি কৰি আহিছো ৷ আফগানিস্তানত ক্ৰমাৎ অৱনতি হোৱা নিৰাপত্তা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে আফগানিস্তানত থকাসকলক তাৎক্ষণিকভাৱে ঘূৰি আহিবলৈ আহ্বান জনোৱা হৈছিল আৰু অন্যসকলক তাত ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে ৷

মন্ত্ৰণালয়ৰ বৰ্তমান অগ্ৰাধিকাৰ আফগানিস্তানত থকা সকলো ভাৰতীয় নাগৰিকৰ বিষয়ে সঠিক তথ্য প্ৰাপ্ত কৰা বুলি জানিবলৈ দি মন্ত্ৰণালয়ে লগতে এই কথা সদৰী কৰে যে, আফগানিস্তানত বহুকেইজন ভাৰতীয় লোক আৱদ্ধ হৈ আছে আৰু সেইসকলৰ ভিতৰত একাংশ তৃতীয় দেশৰ সংগঠনৰ দ্বাৰা নিযুক্ত ৷

লগতে পঢ়ক : আফগানিস্তানত পৰৱৰ্তী চৰকাৰ গঠনৰ পৰিকল্পনা তালিবানৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ বিশেষ আফগানিস্তান কোষৰ সৈতে সকলো প্ৰাসংগিক বিৱৰণ জৰুৰীভাৱে শ্বেয়াৰ কৰিবলৈ মন্ত্ৰণালয়ে নিয়োগকৰ্তাসকলক ইতিমধ্যে আহ্বান জনাইছে ৷ এই উদ্দেশ্যে মন্ত্ৰণালয়ে যোগাযোগ নম্বৰসমূহো আপডেট কৰিছে ৷ সেই অনুসৰি যোগাযোগ নম্বৰসমূহ হ'ল +91-11-49016783, +91-11-49016784, +91-11-49016785 আৰু WhatsAppৰ বাবে +91 80106 11290 ৷ ইয়াৰ লগতে মন্ত্ৰণালয়ে মেইলযোগে SituationRoom@mea.gov.inত যোগাযোগ কৰাৰ আহ্বান জনাইছে ৷

উল্লেখ্য যে, আফগান নাগৰিকসকলৰ বাবে ই-জৰুৰীকালীন ভিছা সুবিধাৰ জৰিয়তে মন্ত্ৰণালয়ৰ ভিছা সেৱা অব্যাহত থাকিব ৷ সেইসকল লোকে https://indianvisaonline.gov.in/evisa/Registration পৰ্টেলযোগে ই-ভিছা(e-visa) সংগ্ৰহ কৰিব পাৰিব ৷ এই ভিছাৰ বাবে ইতিমধ্যে আফগান শিখ আৰু হিন্দু সম্প্ৰদায়ৰ নেতাসকলে অনুৰোধ কৰিছে বুলি মন্ত্ৰণালয়ে জানিবলৈ দিছে ৷

লগতে পঢ়ক : আফগানসকলৰ বাবে জৰুৰীকালীন ই-ভিছা ঘোষণা ভাৰতৰ

মন কৰিবলগীয়া যে, সাম্প্ৰতিক পৰিস্থিতিত আফাগনিস্তানলৈ অহা-যোৱা কৰাৰ ক্ষেত্ৰত মুখ্য প্ৰত্যাহ্বান হৈছে কাবুল বিমানবন্দৰ(Kabul airport)ৰ কাৰ্যকৰী স্থিতি(operational status) ৷ জানিব পৰা মতে, ইউএনএছচি(UNSC)ত ভাৰতৰ পদক্ষেপৰ অধ্যক্ষতা কৰিবলৈ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ. জয়শংকৰ(EAM) বৰ্তমান নিউয়ৰ্কত আছে আৰু আফগানিস্তানৰ পৰিস্থিতি সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ সৈতে আলোচনা অব্যাহত ৰাখিছে ৷ কাবুলৰ পৰা ভাৰতলৈ ভাৰতীয় ৰাষ্ট্ৰদূত আৰু দূতাবাসৰ কৰ্মচাৰীসকলৰ স্থানান্তৰ প্ৰক্ৰিয়া যথেষ্ট জটিল আছিল বুলি তেওঁ টুইটযোগে সদৰী কৰিছে ৷ এইক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা সকলক তেওঁ আনকি ধন্যবাদো জ্ঞাপন কৰিছে ৷

আফগানিস্তানত থকা সকলো ভাৰতীয় নাগৰিকৰ সুৰক্ষিত প্ৰত্যাৱৰ্তনৰ বাবে ভাৰত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্ত্ৰণালয়ে জানিবলৈ দিছে ৷ ইয়াৰ লগতে বাণিজ্যিক কাৰ্যকলাপৰ বাবে কাবুল বিমানবন্দৰ মুকলি হোৱাৰ পাচতে বিমান ব্যৱস্থা আৰম্ভ হ'ব বুলি মন্ত্ৰণালয়ে সদৰী কৰিছে ৷

লগতে পঢ়ক : এতিয়াৰে পৰা বায়ুসেনা সহ বিশাল সামৰিক সম্পত্তিৰ অধিকাৰী হ’ব তালিবান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.