নিউজ ডেস্ক,৯ জানুৱাৰী: বিশ্বৰ বিভিন্ন ক্ষেত্ৰৰ উন্নয়নত যথেষ্ট পৰিমাণ সহযোগীতা আগবঢ়াই আহিছে প্ৰৱাসী ভাৰতীয়সকলে । প্ৰৱাসী ভাৰতীয়ৰ এই অৰিহণাক সন্মান দিয়াৰ উদ্দেশ্য়ে শনিবাৰে উদযাপন কৰা হয় "১৬ সংখ্য়ক প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলন"ৰ । এই সন্মিলনত ভাগ লয় বিশ্বৰ ভিন্ন প্ৰান্তৰ প্ৰৱাসী ভাৰতীয় আৰু প্ৰখ্য়াত বিশেষজ্ঞসকলে । বিদেশ মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত "আত্মনিৰ্ভৰ ভাৰতত অৰিহণা" শীৰ্ষক এই সন্মিলন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্ধোধন কৰে । সন্মিলনত মুখ্য় অতিথি হিচাপে উপস্থিত থাকে সুৰিনামৰ ৰাষ্ট্ৰপতি চন্দ্ৰিকাপ্ৰসাদ সন্তোখী ।
সন্মিলন উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বৰ ভিন্ন প্ৰান্তত থকা ভাৰতীয়কলৈ তেওঁ গৌৰৱান্বিত কিয়নো জটিল পৰিস্থিতিৰ মাজতো প্ৰৱাসী ভাৰতীয়ই যথেষ্ট পৰিমাণে ভূমিকা গ্ৰহণ কৰিছে লগতে বিদেশত নিজৰ পৰিচয় দাঙি ধৰিছে । প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় "আজি গোটেই বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগত ইন্টাৰনেটৰ মাধ্য়মেৰে সংযুক্ত হৈ আছো কিন্তু তাৰ পিছতো আমাৰ মন সদায় মা ভাৰতীৰ লগত জড়িত ।"
লগতে প্ৰধানমন্ত্ৰী গৰাকী গৌৰৱান্বিত যে কৰ'ণা মহামাৰীৰ প্ৰথম পৰ্যায়ত ভাৰতে পিপিই কিট,মাস্ক,ভেন্টিলেটৰ আৰু আন সামগ্ৰীবোৰ আমদানি কৰিছিল কিন্তু এতিয়া ভাৰতে নিজে তৈয়াৰ কৰে । ইয়াৰ মাজতে ভাৰতে দুটাকৈ প্ৰতিষেধকেৰে মানৱ জীৱন ৰক্ষা কৰিবলৈ চেষ্টা অব্য়াহত ৰাখিছে বুলিও তেওঁ দাবী কৰে ।
অনুস্থানত উপস্থিত থাকি প্ৰাক্তন ৰাষ্ট্ৰদূত পদ্মাজাই ইটিভি ভাৰতৰ সন্মুখত কয় যে এই সন্মিলনে কেৱল ভাৰতকে নহয় অংশ লোৱা প্ৰৱাসী ভাৰতীয়ৰ দেশসমূহকো বাণিজ্য়িক সুযোগৰ ক্ষেত্ৰত সহায় কৰিব । ইখনে আনখন দেশৰ লগত কৃষি,উদ্য়োগকে ধৰি আন বিভিন্ন ক্ষেত্ৰত সহযোগীতাৰে প্ৰত্য়েকে উপকৃত হ'ব পাৰিব বুলিও উল্লেখ কৰে ফিজিৰ প্ৰাক্তন ভাৰতীয় ৰাষ্ট্ৰদূত গৰাকীয়ে । লগতে তেওঁ কয় যে শেহতীয়া মহামাৰীৰ জটিল পৰিস্থিতিত প্ৰতিখন দেশৰে নিজাববীয়া প্ৰয়োজন আছে , সেয়ে এই সন্মিলনৰ জৰিয়তে দেশসমূহৰ নিজৰ সমস্য়া সমাধানৰ এক সুযোগ লাভ কৰিব। তেওঁ আশাবাদী যে ভাৰতে কৰ'ণাৰ প্ৰতিষেধক প্ৰদানৰ বাবে আগবাঢ়িছে তেনেস্থলত সন্মিলনৰ জৰিয়তে আন দেশসমূহৰ এই ক্ষেত্ৰত থকা প্ৰয়োজনীয়তা পূৰণৰো এক সুবিধা লাভ কৰিব আৰু ভাৰতৰ অৰ্থব্য়ৱস্থাৰ ক্ষেত্ৰটো কিছু উন্নয়ন হ'ব। সমান্তৰালকৈ ভাৰতক গৌৰৱান্বিত কৰা বিশ্বৰ ভিন্ন প্ৰান্তত থকা প্ৰবাসী ভাৰতীয়কো ধন্য়বাদ জনালে ৰাষ্ট্ৰদূত গৰাকীয়ে ।
উল্লেখ যে মহাত্মা গান্ধীৰ আদৰ্শেৰে আয়োজিত এই সন্মিলনত যুৱ প্ৰৱাসীসকলক উৎসাহিত কৰাৰ বাবে "ভাৰত কো জানিয়ে" শীৰ্ষক ভাৰ্ছুৱেল কুইজ প্ৰতিযোগীতাৰো আয়োজন কৰা হয় ।
লগতে পঢ়ক :ভাৰতীয় সেনাৰ হাতত কৰায়ত্ব চীনা সৈনিক