ETV Bharat / bharat

INDIA action plan : পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ পিছত আৰম্ভ হ’ব I.N.D.I.Aৰ একচন প্লেন: কংগ্ৰেছ

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 8:40 PM IST

পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পিছত I.N.D.I.Aৰ একচন প্লেন ৰূপায়ণৰ বাবে সাজু হোৱা বুলি বৃহস্পতিবাৰে কংগ্ৰেছে কয় ৷

INDIA action plan to roll out after 5 state polls
I.N.D.I.Aৰ একচন প্লেন

নিউজ ডেস্ক, 2 নৱেম্বৰ : বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে 2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে বিৰোধী মিত্ৰজোঁট লেহেমীয়াকৈ আগবাঢ়িছে বুলি উদ্বেগ প্ৰকাশ কৰাৰ কিছু ঘণ্টাৰ পিছতেই পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পিছত I.N.D.I.Aৰ একচন প্লেন ৰূপায়ণৰ বাবে সাজু হোৱা বুলি বৃহস্পতিবাৰে কংগ্ৰেছে কয় ৷ "মুম্বাইৰ বৈঠকত আৰু পিছলৈ সমন্বয় সমিতিৰ বৈঠকত I.N.D.I.A মিত্ৰতাৰ এক কাৰ্য পৰিকল্পনা আলোচনা কৰা হৈছিল ৷ ই সাজু হৈছে আৰু পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ আনুষ্ঠানিকতা শেষ হোৱাৰ পিছত ইয়াক ৰূপায়ণ কৰা হ’ব ৷" ইটিভি ভাৰতক এইদৰে কয় এআইচিচিৰ কাৰ্যকৰী চৈয়দ নাছিৰ হুছেইনে ৷

দলৰ ভিতৰুৱা সূত্ৰৰ মতে, এই কাৰ্য পৰিকল্পনাত বিভিন্ন ৰাজ্যৰ ৰাজধানীত যৌথ সমদল, কমন মিনিমাম প্ৰগ্ৰেম (চিএমপি) আৰু 2024 চনৰ লোকসভা নিৰ্বাচনৰ বাবে আসন ভাগ-বতৰাৰ কথা জড়িত হৈ আছে, য’ত I.N.D.I.A মিত্ৰজোঁটে বিজেপিক পৰাস্ত কৰাৰ আশা কৰিছে ৷ মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, কেন্দ্ৰীয় সংস্থাৰ জৰিয়তে বিৰোধী নেতাসকলক লক্ষ্য কৰি লোৱা, সীমান্তত চীনৰ আক্ৰমণ আৰু সমাজ কল্যাণমূলক এজেণ্ডা পৰিচালিত চিএমপিৰ প্ৰয়োজনীয়তাৰ ওপৰত যৌথ প্ৰতিবাদৰ বাবে ল’বলগীয়া বিষয়সমূহৰ ওপৰত মিত্ৰজোঁটৰ অংশীদাৰসকলৰ মাজত সাধাৰণ অভিসৰণ আছে যদিও বিষয়টো আসন ভাগ-বাটোৱাৰা কৰাটো আটাইতকৈ জটিল বুলি দলৰ ভিতৰুৱা সূত্ৰই কয় ৷

বৃহস্পতিবাৰে I.N.D.I.A মিত্ৰজোঁট গঠনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা নীতিশ কুমাৰে কংগ্ৰেছে পাঁচখন বিধানসভা নিৰ্বাচনত ব্যস্ত হৈ থকাৰ বাবে মিত্ৰতা লেহেমীয়াকৈ আগবাঢ়িছে বুলি উদ্বেগ প্ৰকাশ কৰে ৷ 31 আগষ্ট আৰু 1 ছেপ্টেম্বৰত I.N.D.I.A মিত্ৰজোঁটৰ মুম্বাই বৈঠকৰ পিছত 13 ছেপ্টেম্বৰত গ্ৰুপিঙৰ 11 জনীয়া সমন্বয় সমিতিৰ দিল্লীত বৈঠকত মিলিত হৈ অক্টোবৰৰ প্ৰথম সপ্তাহত ভূপালত যৌথ সমাৱেশ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

কিন্তু পাছত মধ্যপ্ৰদেশ কংগ্ৰেছে ৰাজ্যিক নিৰ্বাচনৰ উদ্ধৃতি দি বিৰোধী মিত্ৰজোঁটৰ ৰেলী বাতিল কৰে ৷ কংগ্ৰেছৰ ভিতৰুৱা সূত্ৰৰ মতে, 3 ডিচেম্বৰত পাঁচখন ৰাজ্য ৰাজস্থান, ছত্তীশগড়, মধ্যপ্ৰদেশ, তেলেংগানা আৰু মিজোৰামৰ ফলাফল ওলোৱাৰ পিছত এতিয়া মিত্ৰজোঁটৰ প্ৰথমখন যৌথ ৰেলী পাটনাত অনুষ্ঠিত হ’ব পাৰে ৷

বিহাৰ কংগ্ৰেছৰ মুৰব্বী অখিলেশ প্ৰসাদ সিঙে নীতিশ কুমাৰৰ মন্তব্যক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদীক যিমান পাৰি সোনকালে পদৰ পৰা অপসাৰণ কৰিব বিচাৰিছে কিন্তু উপযুক্ত সময়তহে হ’ব ৷ “পাঁচ ৰাজ্যিৰ নিৰ্বাচন দলটোৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷’-ইটিভি ভাৰতক এইদৰে কয় সিঙে ৷ কংগ্ৰেছৰ ভিতৰুৱা সূত্ৰই কয় যে গ্ৰেণ্ড অল্ড পাৰ্টিয়ে 2024 চনৰ আসন ভাগ-বতৰাৰ বিষয়ে মুকলি মনেৰে আলোচনা কৰিব বিচাৰিছিল ৷

"আমাৰ প্ৰতিক্ৰিয়া হ’ল পাঁচখন ৰাজ্যৰ নিৰ্বাচনত আমি ভাল ফলাফল দেখুৱাইছো ৷ যদি আমি শক্তিশালী হৈ উঠো, তেন্তে আসন ভাগ-বতৰা কৰাৰ ক্ষেত্ৰত আমাৰ মিত্ৰসকলৰ সৈতে আমাৰ স্থান নিশ্চয়কৈ ভাল হ’ব ৷ আমাৰ হাই কমাণ্ডে প্ৰচাৰ অভিযানত ব্যস্ত থকাৰ বাবে আসন ভাগ-বতৰাৰ আলোচনা প্ৰভাৱিত হৈছিল ৷" -চি ডব্লিউ চিৰ এজন সদস্যই কয় |

শেহতীয়াকৈ মধ্যপ্ৰদেশ বিধানসভাৰ নিৰ্বাচনত 7 খন আসন অস্বীকাৰ কৰাত অসন্তুষ্টি প্ৰকাশ কৰি সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱে ৰাজহুৱাভাৱে অসন্তুষ্টি প্ৰকাশ কৰি 46 খন আসনত প্ৰাৰ্থীৰ সৈতে ওলাই অহাত INDIA মিত্ৰজোঁট মানসিক চাপৰ সন্মুখীন হৈছিল ৷ নীতিশ কুমাৰৰ জেডি-ইউয়েও সাংসদ পদত পাঁচজন প্ৰাৰ্থীৰ নাম দি খেলপথাৰত যোগদান কৰে ৷ ‘2024 চনৰ লোকসভা নিৰ্বাচনৰ মাত্ৰ ছমাহ পূৰ্বে অনুষ্ঠিত হোৱাৰ বাবে পাঁচখন ৰাজ্যৰ নিৰ্বাচনক গুৰুত্বসহকাৰে ল’ব লাগিব ৷ ৰাজ্যসমূহত আসন ভাগ-বতৰাৰ ক্ষেত্ৰত মুম্বাইৰ বৈঠকত মিত্ৰশক্তিৰ সৈতে একো আলোচনা হোৱা নাছিল ৷" হুছেইনে কয় ৷

লগতে পঢ়ক : Himanta Biswa Sarma in Chhattisgarh : ৰাজনীতি পাহৰি আত্মীয়তা; ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ মুহূৰ্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.