ETV Bharat / bharat

খেলৰত্ন বঁটাৰ নাম সলনি : কেন্দ্ৰৰ সিদ্ধান্তক myopic আখ্যা কংগ্ৰেছৰ - কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰণদীপ সিং সুৰজেৱালা

এতিয়াৰ পৰা মেজৰ ধ্যানচান্দৰ নামেৰে জনা যাব 'ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা'(Rajiv Gandhi Khel Ratna Award)ক ৷ খেলৰত্ন বঁটাৰ নাম সলনি কৰাৰ বাবে মোডী চৰকাৰৰ সিদ্ধান্তক লৈ সৰৱ ভাৰতীয় জাতীয় কংগ্ৰেছ( Indian National Congress) ৷ চৰকাৰৰ এই সিদ্ধান্তক দুৰ্ভাগ্যজনক আখ্যা দিলে জাতীয় চৰকাৰে ৷ কেন্দ্ৰৰ এই সিদ্ধান্ত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ প্ৰতি অপমান বুলি মন্তব্য জাতীয় কংগ্ৰেছৰ ৷

inc calls modi govts decision to rename rajiv gandhi khel ratna award unfortunate

author img

By

Published : Aug 7, 2021, 9:00 AM IST

নেশ্যনেল ডেস্ক, 7 আগষ্ট : 'ৰাজীৱ গান্ধী খেলৰত্ন বঁটা'(Rajiv Gandhi Khel Ratna Award)ক মেজৰ ধ্যানচান্দৰ(Major Dhyan Chand) নামেৰে নামকৰণ কৰাৰ বাবে মোডী চৰকাৰ লোৱা সিদ্ধান্তক লৈ সৰৱ হৈ পৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছ( Indian National Congress) ৷ মোডী চৰকাৰক এই সিদ্ধান্তক দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে এই পদক্ষেপক ভাৰতীয় জাতীয় কংগ্ৰেছে "myopic" বুলি অভিহিত কৰিছে ৷

কেৱল এয়ে নহয় মোডী চৰকাৰৰ এই সিদ্ধান্তক প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক অপমান কৰাৰ এক প্ৰয়াস বুলিও জাতীয় কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে ৷ সংবাদ মাধ্যমক সম্বোধন কৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰণদীপ সিং সুৰজেৱালাই কয়, "খেলৰত্ন বঁটাক হকীৰ যাদুকৰ হিচাপে খ্যাত এগৰাকী প্ৰসিদ্ধ খেলুৱৈৰ নামেৰে নামাকৰণ কৰা পদক্ষেপক ভাৰতীয় জাতীয় কংগ্ৰেছে আদৰণি জনাইছে ৷

আমি আশা ৰাখিছো যে, মোডীজীয়ে তেওঁৰ myopic ৰাজনৈতিক উদ্দেশ্য সিদ্ধিৰ বাবে মেজৰ ধ্যানচান্দৰ দৰে এজন প্ৰসিদ্ধ খেলুৱৈৰ নাম ব্যৱহাৰ কৰা নাই" ৷

ভাৰতীয় জাতীয় কংগ্ৰেছে আন্তৰিকতাৰে এক নতুন আৰম্ভণিৰ আশা ৰাখিছে বুলি মন্তব্য কৰি তেওঁ লগতে কয়, "আমি এতিয়া আন্তৰিকতাৰে আশা কৰিছো যে এক নতুন আৰম্ভণি হৈছে, মোডীজীয়ে নৰেন্দ্ৰ মোডী ষ্টেডিয়াম আৰু অৰুণ জেটলী ষ্টেডিয়ামৰ নাম সলনি কৰাৰ কথা ঘোষণা কৰিব আৰু ইয়াক চৰ্দাৰ মিলখা সিং, সুনীল গাভাস্কাৰ, শচীন তেণ্ডুলকাৰ, কপিলদেৱ, লিয়েণ্ডাৰ পেজ, পি টি ঊষা, মেৰীকম, অভিনৱ বিন্দ্ৰাৰ দৰে কিংবদন্তি খেলুৱৈৰ নামেৰে নামাকৰণ কৰিব ৷ আমি আন্তৰিকতাৰে আশা ৰাখিছো যে, myopic আৰু সংকীৰ্ণ হোৱাৰ পৰিৱৰ্তে মোডীজীয়ে সঁচাকৈয়ে এইসকল খেলুৱৈৰ সফলতা উদযাপন কৰিব" ৷

লগতে পঢ়ক: ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাক মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা হিচাপে নামাকৰণ

2002 চনৰ পৰা ইতিমধ্যে ক্ৰীড়াক্ষেত্ৰত জীৱনজোৰা কৃতিত্বৰ বাবে মেজৰ ধ্যানচান্দৰ নামেৰে বঁটা আছে বুলি উল্লেখ কৰি সুৰজেৱালাই অলিম্পিক বৰ্ষত ক্ৰীড়া বাজেট ৩০ কোটি টকালৈ হ্ৰাস কৰাক লৈ মোডীৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ কৃষকৰ সমস্যা, মুদ্ৰাস্ফীতি আৰু পেগাচাছ স্পাইৱেৰ কেলেংকাৰী আদি মূল বিষয়বোৰৰ পৰা মোডী চৰকাৰে মনোযোগ আঁতৰোৱা বুলিও সুৰজেৱালাই অভিযোগ কৰে ৷

এই সন্দৰ্ভত বক্তব্য ৰাখি কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ দিগ্বিজয় সিঙে কয়, "ইয়াত আচৰিত হ'বলৈ একো নাই ৷ চৰ্দাৰ পেটেল ষ্টেডিয়ামৰ নাম নৰেন্দ্ৰ মোডীৰ নামেৰে পুনৰ নামাকৰণ কৰা হৈছিল । এই বঁটাৰ বাবেও আমি অনুৰূপ কিবা এটা আশা কৰি আছিলো" ৷ ইফালে কংগ্ৰেছৰ সাংসদ কে সুৰেশে এই পদক্ষেপক অতি দুৰ্ভাগ্যজনক আখ্যা দি এইয়া ৰাজীৱ গান্ধীৰ লগতে দেশৰো অপমান বুলি মন্তব্য কৰিছে ৷

কংগ্ৰেছৰ সাংসদ মণিকাম ঠাকুৰে কয়, "আমি সুখী যে এই চৰকাৰে ডাঙৰ খেলুৱৈৰ নামত পুৰস্কাৰ দিবলৈ সাজু হৈছে । কিন্তু ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক অৱমাননা কৰাটো অতি দুৰ্ভাগ্যজনক । গান্ধী, নেহৰু, চৰ্দাৰ পেটেল আৰু আনসকলৰ প্ৰতি RSS ৰ ঘৃণাৰ বিষয়ে সকলো অৱগত । মোডীয়ে সস্তীয়া ৰাজনীতিত লিপ্ত হোৱাটো বন্ধ কৰা উচিত" ৷

উল্লেখ্য যে, শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে খেলৰত্ন বঁটাক মেজৰ ধ্যানচান্দৰ নামেৰে নামাকৰণ কৰাৰ কথা ঘোষণা কৰিছিল ৷ টুইটযোগে প্ৰধানমন্ত্ৰীয়ে এই বিষয়ে সদৰী কৰে ৷ মূলতঃ ৰাইজৰ অনুভূতিৰ প্ৰতি সঁহাৰি জনাই এই সিদ্ধান্ত লোৱা বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটযোগে প্ৰকাশ কৰিছিল ৷

লগতে পঢ়ক: ‘খেল ৰত্ন’ বঁটাক ধ্যান চান্দৰ নামেৰে নামাকৰণৰ সিদ্ধান্তক আদৰণি ভাৰতীয় ক্ৰীড়া সমিতিৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.