নেশ্যনেল ডেস্ক, ২৬ ফেব্ৰুৱাৰী: ড্ৰাগছ ব্যৱসায়ীক নাকী লগাবলৈ তৎপৰ হৈছে মিজোৰাম আৰক্ষী । বিগত দুটা দিনত আবকাৰী বিভাগ আৰু নাৰ্ক'টিক্স বিভাগ আৰু অসম ৰাইফলছৰ অভিযানত ৩.৬ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ হৈছে । শুক্ৰবাৰে আইজলৰ বৈভাকাউনৰ ৪ নং ৱাৰ্ডত অভিযান চলাই অভিযানকাৰী দলটোৱে ৩৯ গ্ৰাম হিৰ'ইন জব্দ কৰাৰ লগতে এজন লোককো আটক কৰে । ধৃত লোকজন চাম্ফাই জিলাৰ তুলাভেং গাঁৱৰ ৰলুয়াইয়া বুলি জানিব পৰা গৈছে ।
জব্দকৃত হিৰ'ইনখিনিৰ আনুমানিক বজাৰ মূল্য ১৭,৫৫,০০০ টকা । আনহাতে, যোৱা ২৫ ফেব্ৰুৱাৰীত আবকাৰী বিভাগ আৰু নাৰ্ক'টিক্স বিভাগ আৰু অসম ৰাইফলছৰ ৪৬ নং বেটেলিয়নে নাহথিয়াল জিলাৰ ঘৰছিপ গাঁৱত যৌথ অভিযান চলাইছিল । এই অভিযানত ৭৬২ গ্ৰাম হিৰ'ইন জব্দ কৰা হয় ।
জব্দকৃত হিৰ'ইনখিনিৰ আনুমানিক বজাৰ মূল্য ৩,৪২,৯০,০০০ টকা । ড্ৰাগছৰ অবৈধ ব্যৱসায় কৰাৰ অভিযোগত অভিযানকাৰী দলটোৱে বৈহ নান চাং নামৰ এজন লোকক আটক কৰে । ধৃত লোকজনৰ ঘৰ ম্যানমাৰত । নাৰ্ক'টিক্স ড্ৰাগছ এণ্ড ছাইক'ট্ৰ'পিক ছাবটেণ্টছ আইনৰ অধীনত লোকজনক আটক কৰা হৈছে ।
লগতে পঢ়ক:ব্ৰিকছ চেৰপা বৈঠক: সন্ত্ৰাসবাদ,কৃষি,বিজ্ঞানক লৈ আলোচনা