ETV Bharat / bharat

ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত মূধ’ল হাউণ্ড - মূধ’ল হাউণ্ড

ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত কৰা হৈছে ভাৰতীয় প্ৰজাতিৰ কুকুৰ মূধ’ল হাউণ্ডক ৷ বিমান চলাৰ সময়ত বিমানৰ ফলত আঘাতপ্ৰাপ্ত চৰাই, জীৱ-জন্তু আদিৰ আঘাতৰ সংখ্যা কমাবলৈ ভাৰতীয় বায়ুসেনাই লৈছে এই বিশেষ পদক্ষেপ ৷

iaf-gets-desi-dogs-to-scare-away-birds-from-runways etv bharat news
ভাৰতীয় বায়ু সেনাত অন্তৰ্ভুক্ত হ’ল মূধ’ল হাউণ্ড
author img

By

Published : Feb 16, 2021, 1:03 PM IST

নেশ্যনেল ডেস্ক,16 ফেব্ৰুৱাৰীঃ ভাৰতীয় বায়ুসেনাই লৈছে এক বিশেষ পদক্ষেপ ৷ ভাৰতীয় বায়ুসেনাই পোন প্ৰথমবাৰৰ বাবে কৰ্ণাটকৰ দক্ষিণ-পূৱৰ ভাৰতীয় প্ৰজাতিৰ মূধ’ল হাউণ্ড (এক প্ৰজাতিৰ কুকুৰ) ক অন্তৰ্ভুক্ত কৰিছে ৷ যাৰ ফলত বিমান চলাৰ সময়ত আঘাতপ্ৰাপ্ত চৰাই, জীৱ-জন্তু আদিৰ সংখ্যা কমাব পৰা যায় ৷ উল্লেখ্য যে, দেওবাৰে দুগৰাকী মহিলাই আগ্ৰাৰ বিমানপথলৈ চাৰিটা মূধ’ল হাউণ্ডৰ পোৱালি লৈ আনিছিল ৷

কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী গোবিন্দ এম কৰজ’লে কৰ্ণাটকৰ বাগলকোট জিলাৰ ক’নাইন গৱেষণা আৰু তথ্য কেন্দ্ৰৰ হৈ দায়িত্ব অৰ্পণ কৰিলে IAF ক ৷ ভাৰতীয় বায়ু সেনাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই মন্তব্য কৰা অনুসৰি, বায়ুপথৰ পৰা বিভিন্ন চৰাই আৰু জীৱ-জন্তু আঁতৰ কৰিবলৈ সক্ষম হ’ব এই মূধ’ল হাউণ্ডে ৷ যাৰ বাবে ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত হোৱা মূধ’ল হাউণ্ডসমূহক বিশেষজ্ঞসকলৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ৷

বিশেষজ্ঞসকলৰ মতে, এই প্ৰজাতিৰ কুকুৰবিধ অতি সহনশীল আৰু অতি বেগেৰে কাম কৰে ৷ সেয়ে বায়ুসেনাত নিয়োজিত হৈ ভাৰতীয় বায়ুসেনাক সহায় কৰিব বুলি আশাবাদী ৷

প্ৰাপ্ত তথ্য অনুসৰি, এই মূধ’ল হাউণ্ডক ইতিমধ্যে ভাৰতীয় বায়ু সেনা, CRPF, CISF, BSF, SSB, ITBP আৰু কেইবাটাও বিভাগত নিয়োগ কৰা হৈছে ৷

লগতে পঢ়কঃ পেলনীয়া প্লাষ্টিকৰ বটলেৰে নিৰ্মিত ৰাজহুৱা শৌচাগাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.