নিউজ ডেস্ক, ১৯ মে' : বৰ্তমান সময়ত মানুহৰ জীৱন-যাত্ৰাৰ বাবে ক্ৰেডিট কাৰ্ড এক অপৰিহাৰ্য অংগ হৈ পৰিছে । এই ক্ৰেডিট কাৰ্ডবোৰ কেৱল সামগ্ৰী ক্ৰয় কৰাৰ বাবেই নহয়, জৰুৰীকালীন অৱস্থাত তাৎক্ষণিক ঋণৰ উপায় হিচাপেও ব্যৱহাৰ কৰা হয় (Credit Card Loan) । যিকোনো ব্যক্তিগত ঋণৰ তুলনাত ক্ৰেডিট কাৰ্ডৰ ঋণ অতি দ্ৰুতগতিত লাভ কৰা যায় । ইয়াৰ বাবে কোনো নথি-পত্ৰ দাখিল কৰাৰো কোনো প্ৰয়োজন নাই । কিন্তু ক্ৰেডিট কাৰ্ড এখনেৰে ঋণ ল'বলৈ আগবঢ়াৰ পূৰ্বে ইয়াৰ নিয়ম-নীতিবোৰ বুজি পোৱা উচিত (credit card loan criteria) ।
ক্ৰেডিট কাৰ্ডৰ দ্বাৰা সামগ্ৰী ক্ৰয় কৰিব পাৰি সেইটো সকলোৰে অৱগত । তাৰ উপৰি কেতিয়াবা অনুমোদিত সীমাৰ ভিতৰত এটিএমৰ পৰা ইয়াৰ দ্বাৰা নগদ টকাও উলিয়াব পাৰি (cash withdrawal from credit card) । ইয়াৰ বাহিৰেও ক্ৰেডিট কাৰ্ডত ব্যক্তিগত ঋণ ল'ব পাৰি (personal loan through credit cards) । এই ক্ষেত্ৰত ক্ৰেডিট কাৰ্ডখন কেনেদৰে ব্যৱহাৰ কৰা হয় আৰু ক্ৰেডিট স্ক'ৰৰ ওপৰত নিৰ্ভৰ কৰি কাৰ্ড কোম্পানীবোৰে এই ঋণ প্ৰদান কৰে (credit score) ।
ক্ৰেডিট কাৰ্ড ঋণ অসুৰক্ষিত : সকলো ক্ৰেডিট কাৰ্ড হ'ল্ডাৰে এই ঋণ লাভ কৰিব নোৱাৰে । বেংক আৰু কাৰ্ড কোম্পানীবোৰে আগতীয়াকৈ জনায় যে তেওঁলোকে সংশ্লিষ্ট কাৰ্ডখনত কিমান ঋণ দিব । যেতিয়া আপোনাক নগদ ধনৰ প্ৰয়োজন হয় তেতিয়া মাত্ৰ এটা ক্লিকতে আপোনাৰ একাউণ্টত নগদ ধন জমা কৰা হ'ব । কিন্তু এইটো হৈছে এটা অসুৰক্ষিত ঋণ । কাৰ্ড এখনেৰে নগদ ধন উলিওৱাৰ সময়তে সুত পৰিশোধ কৰিব লাগিব । কাৰ্ড এখনৰ সৈতে ঋণ লওঁতে এটা নিৰ্ধাৰিত ম্যাদ থাকে । ইয়াৰ বাবে প্ৰায় ১৬-১৮ শতাংশ সুত পৰিশোধ কৰিব লাগিব (credit card loan interest) । সৰ্বাধিক ৩৬ মাহৰ বাবে ঋণৰ ম্যাদ বাছনি কৰিব পৰা যায় ।
সীমা হ্ৰাস নহয় : ধৰি লওক আপুনি কাৰ্ডখন ব্যৱহাৰ কৰি এটিএম এটাৰ পৰা নগদ ধন উলিয়াব । তেতিয়া কাৰ্ডখনৰ সীমা উক্ত পৰিমাণটোলৈ হ্ৰাস হয় । ঋণ লোৱাৰ সময়ত কাৰ্ডৰ সীমাৰ সৈতে কোনো সম্পৰ্ক নাই । ই আপোনাৰ ক্ৰয়ৰ ক্ষেত্ৰত অসুবিধামুক্ত কৰিব ।
কোনো নথি-পত্ৰ অবিহনে : ক্ৰেডিট কাৰ্ড লোৱাৰ সময়ত আপুনি দাখিল কৰা নথি-পত্ৰৰ ওপৰত ভিত্তি কৰিয়ে বেঙ্কবোৰে ক্ৰেডিট কাৰ্ডত ব্যক্তিগত ঋণ দিয়ে । সেয়েহে পৃথকে আন কোনো নথি-পত্ৰ প্ৰদান কৰাৰ কোনো প্ৰয়োজন নাই ।
ঋণৰ সবিশেষ অনলাইনত পৰীক্ষা কৰিব পাৰে : আপোনাৰ কাৰ্ডৰ সবিশেষ অনলাইনত পৰীক্ষা কৰিলে আপুনি ঋণ অনুমোদনৰ বিষয়ে আগতীয়াকৈ জানিব পাৰিব (online credit cards details) । সকলো বিৱৰণ যেনে সুত কিমান, ঋণৰ ম্যাদ আৰু ইএমআইৰ পৰিমাণ আদি জানিব পাৰি । অৱশ্যে কেৱল জৰুৰীকালীন অৱস্থাতহে এই সুবিধাটো ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব ।
ইএমআই কাৰ্ড বিল : এই ঋণ লোৱাৰ সময়ত ইএমআই কাৰ্ড বিল পৰিশোধ কৰিব লাগিব । লগতে প্ৰদান কৰিব লাগিব সুত আৰু মূলধনৰ পৰিমাণ । সেয়েহে কিস্তি পৰিশোধৰ বাবে আন কোনো তাৰিখ নাথাকে । কিছুমান কাৰ্ড কোম্পানীয়ে পাঁচ বছৰৰ ম্যাদ আগবঢ়ায় । কিন্তু ইয়াক তিনি বছৰলৈ সীমিত কৰাটো সদায়ে ভাল ।
জৰুৰীকালীন অৱস্থাতহে ঋণ লওক : ক্ৰেডিট কাৰ্ড ঋণ অনাহকতে ল'ব নালাগে । এই সুযোগ কেৱল ধনৰ প্ৰয়োজন হোৱাৰ সময়তহে গ্ৰহণ কৰিব লাগে । যদি উপলব্ধ হয় তেন্তে বিকল্প পথৰ সন্ধান কৰিব লাগে । ক্ৰেডিট কাৰ্ড ঋণৰ সুত অতি উচ্চ । সেয়ে ঋণ গ্ৰহণৰ সময়ত আপুনি নিশ্চিত কৰিব যাতে মুঠ ইএমআই আপোনাৰ উপাৰ্জনৰ ৪০ শতাংশতকৈ অধিক নহয় । যদি আমি কাৰ্ডৰ বিল সময়মতে পৰিশোধ নকৰোঁ, তেতিয়া আমি ঋণত বেয়াকৈ আবদ্ধ হৈ পৰোঁ । তাৰ দ্বাৰা ক্ৰেডিট ইতিহাস আৰু ক্ৰেডিট স্ক'ৰো ক্ষতিগ্ৰস্ত হ'ব । সেয়েহে ক্ৰেডিট কাৰ্ড ব্যৱহাৰৰ পূৰ্বে ইয়াৰ বিষয়ে অধিক সতৰ্ক হোৱাটো ভাল ।
লগতে পঢ়ক :Insurance for Secured Child : শিশু বীমা কৰাওক আৰু শিশুৰ ভৱিষ্যত সুৰক্ষিত কৰক