ETV Bharat / bharat

Amit Shah on Odisha visit : দুদিনীয়া ভ্ৰমণসূচীৰে ওড়িশালৈ অমিত শ্বাহ

author img

By

Published : Aug 7, 2022, 7:15 PM IST

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ওড়িশাত উপস্থিত হ'ব(Union Home Minister Amit Shah in Odisha)। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণসূচীৰ বিষয়ে দলীয় সূত্ৰই সদৰি কৰিছে । তেওঁ সোমবাৰে লিংগৰাজ মন্দিৰত(Lingaraj Temple) প্ৰাৰ্থনা কৰিব ।

t
e

নেচনেল ডেস্ক, ৭ আগষ্ট : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ওড়িশাত উপস্থিত হ'ব (Union Home Minister Amit Shah in Odisha)। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণসূচীৰ বিষয়ে দলীয় সূত্ৰই সদৰি কৰিছে । কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে দেওবাৰে নিশা ১০ বজাত ভূৱনেশ্বৰৰ বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিব আৰু ইয়াতেই নিশাটো কটাব (Biju Patnaik International Airport in Bhubaneswar)।

সোমবাৰে পুৱা তেওঁ লিংগৰাজ মন্দিৰত(Lingaraj Temple) প্ৰাৰ্থনা কৰিব বুলি ওড়িশা বিজেপিৰ সভাপতি সমীৰ মহান্তীয়ে কয় । উল্লেখ্য় যে পবিত্ৰ শাওন মাহৰ অন্তিম সোমবাৰে ওড়িশাৰ সকলো ভক্তই এই মন্দিৰটোত প্ৰাৰ্থনা জনাবলৈ ভিৰ কৰে । এই ভ্ৰমণসূচী অনুসৰি লিংগৰাজ মন্দিৰ দৰ্শন কৰাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মস্থান কটকত পৰিদৰ্শন কৰিব(Netaji Subhas Chandra Bose's birthplace in Cuttack)।

তেওঁ আজাদী কা অমৃত মহোৎসৱ উপলক্ষে নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তিত মাল্যদান কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব । ওড়িশা বিজেপিৰ সভাপতি সমীৰ মহান্তীয়ে পুনৰ কয় যে, ইয়াৰ পিছত গৃহমন্ত্ৰী শ্বাহে কটকৰ ইনড'ৰ ষ্টেডিয়ামত দৈনিক ওড়িয়াৰ ৭৫ তম বাৰ্ষিকী উপলক্ষে 'প্ৰজাতন্ত্ৰৰ অমৃত উৎসৱ'ত অংশ গ্ৰহণ কৰিব।

সন্ধিয়া ভূৱনেশ্বৰত অনুষ্ঠিত হ'বলগীয়া এক অনুষ্ঠানত গৃহমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চৰকাৰৰ মুৰব্বী হিচাপে ২০ বছৰ সম্পূৰ্ণ কৰা সন্দৰ্ভত প্ৰকাশিত Modi@20: Dreams Meet Deliverৰ ওড়িশা অধ্যায় মুকলি কৰিব।উল্লেখ্য় যে ২০০১ চনত গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ পৰা ২০১৯ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱালৈকে সকলো ঘটনাৰ বিষয়ে উক্ত কিতাপখনত বৰ্ণনা কৰা হৈছে।

লগতে পঢ়ক:Vice Presidential Polls 2022: উপ ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হ’ল জগদ্বীপ ধানখাড়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.