ETV Bharat / bharat

Health awareness programme : ভূপালত 'বাটে আনলকড' অভিযান মুকলি - স্বাস্থ্য সজাগতামূলক আঁচনি

স্বাস্থ্য সজাগতামূলক আঁচনিসমূহত যুৱ প্ৰজন্মৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে বিগত 3 জুন তাৰিখে মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত 'বাটে আনলকড' নামৰ এক অভিযান মুকলি কৰা হয় (Health awareness programme Butey Unlocked launches) ৷

ভূপালত 'বাটে আনলকড' অভিযান মুকলি
ভূপালত 'বাটে আনলকড' অভিযান মুকলি
author img

By

Published : Jun 7, 2022, 10:34 PM IST

নিউজ ডেস্ক, 7 জুন: বিগত 3 জুন তাৰিখে মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত 'বাটে আনলকড' নামৰ এক অভিযান মুকলি কৰা হয় (Health awareness programme Butey Unlocked launches) ৷ স্বাস্থ্য সজাগতামূলক আঁচনিসমূহত যুৱ প্ৰজন্মৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে এই অভিযান মুকলি কৰা হয় ৷

এই অভিযানটোৰ জৰিয়তে মধ্যপ্ৰদেশ, ওড়িশা, অসম, ছত্তীশগড়, ঝাৰখণ্ড আদি ৰাজ্য সমূহত যুৱ প্ৰজন্মৰ মাজত স্বাস্থ্য সজাগতামূলক আঁচনিসমূহৰ সন্দৰ্ভত সচেতনতা গঢ়ি তোলা হ’ ব ৷

এই সন্দৰ্ভত মধ্যপ্ৰদেশৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ (National Health Mission) মিছন ডাইৰেক্টৰ প্ৰিয়ংকা দাসে কয়," যুৱ প্ৰজন্মৰ মাজত স্বাস্থ্য সজাগতামূলক আঁচনিসমূহৰ সন্দৰ্ভত সচেতনতা গঢ়ি তোলাৰ উদ্দেশ্যে এনে পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ইউ এছ এইড সংস্থাটোক ধন্যবাদ জনাইছো" ৷

আনহাতে ইউ এছ এইডৰ ভাৰত হেলথ অফিচ ডাইৰেক্টৰ সংগীতা পেটেলে যুৱ প্ৰজন্মই নিজৰ পৰিয়াল, সম্প্ৰদায় আৰু ৰাষ্ট্ৰলৈ যোগাত্মক পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰে বুলি মন্তব্য কৰে ৷ লগতে এই অভিযানৰ প্ৰতি সমৰ্থন জনাই যথেষ্ট সন্তুষ্টি লাভ কৰা বুলি মন্তব্য কৰে সংগীতা পেটেলে ৷

লগতে পঢ়ক : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পুনৰ শীৰ্ষত ধেমাজি জিলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.