ETV Bharat / bharat

দেশবাসীক ক'ভিড মুক্ত কৰাটো আমাৰ দায়িত্ব: হৰ্ষ বৰ্ধন

author img

By

Published : Jan 2, 2021, 4:07 PM IST

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনে শনিবাৰে ক'ভিড-19 ৰ ভেকচিনৰ বাবে ভাৰতবাসীক চিন্তা কৰিবলৈ বাধা প্ৰদান কৰিছে ৷ বহুলোকে ভেকচিন সন্দৰ্ভত চৰকাৰৰ বিৰুদ্ধে বহুতো অপপ্ৰচাৰ চলাইছে গতিকে সেইবোৰ ব্যক্তিৰ কথাৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷

Harsh Vardhan urges people not to pay heed to rumours about COVID-19 vaccine
দেশবাসীক ক'ভিড মুক্ত কৰাটো আমাৰ দায়িত্ব: হৰ্ষ বৰ্ধন

নিউজ ডেস্ক, 2 জানুৱাৰী : কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনে শনিবাৰে ক'ভিড-19 ৰ ভেকচিনৰ বাবে ভাৰতবাসীক চিন্তা কৰিবলৈ বাধা প্ৰদান কৰিছে ৷ তেওঁ কয় যে, ইতিমধ্যে বহুলোকে ভেকচিন সন্দৰ্ভত চৰকাৰৰ বিৰুদ্ধে বহুতো অপপ্ৰচাৰ চলাইছে গতিকে সেইবোৰ ব্যক্তিৰ কথাৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷ নতুন দিল্লীৰ গুৰু টেগ বাহাদুৰ চিকিৎসালয়ত উপস্থিত হৈ এই মন্তব্য প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷

তেওঁ আকৌ কয় যে,দেশবাসীৰ সুৰক্ষাৰ প্ৰতি চিন্তা কৰা আমাৰ প্ৰধান দায়িত্ব ৷ গতিকে,ক'ভিড মহামাৰীৰ পৰা দেশবাসীক উদ্ধাৰ কৰিবলৈ আমি সৰ্বতোপ্ৰকাৰে চেষ্টা চলাই আহিছো ৷ এটা সময়ত দেশবাসী যেতিয়া পলিঅ' মহামাৰীৰ সংকটত ভুগি আছিল তেতিয়াও একাংশ লোকে পলিঅ' ভেকচিনক লৈ নেতিবাচক চিন্তা-চৰ্চা আগবঢ়াইছিল কিন্তু চৰকাৰে সেই সকলোবোৰ কথাক আওকান কৰি এখন পলিঅ' মুক্ত ভাৰত গঢ়িবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক : দিল্লী গাজিপুৰ সীমান্তৰ প্ৰতিবাদস্থলীত আত্মহত্যা কৃষকৰ

আনহাতে,তেওঁ কয় যে, প্ৰথম পৰ্যায়ত সকলো ব্যক্তিকে ক'ভিড-19 ৰ ভেকচিন বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব ৷ ইতিমধ্যে,ক'ভিড ভেকচিন দিয়াৰ বাবে 1 কোটি স্বাস্থ্যকৰ্মী আৰু 2 কোটি ক'ভিড যোদ্ধাক নিয়োগ কৰা হৈছে ৷ 27 জুলাইৰ ভিতৰত প্ৰথম পৰ্যায়ৰ ভেকচিন প্ৰদান কৰাৰ চিন্তা কৰা হৈছে ৷ ভেকচিন প্ৰদান কৰাৰ বাবে দিল্লীৰ তিনিটা স্থান বাচনি কৰি লোৱা হৈছে ৷ দৰিয়াংগজ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,গুৰু টেগ বাহাদুৰ চিকিৎসালয় আৰু ব্যক্তিগত খণ্ডৰ ভেংকটেশ্বৰ চিকিৎসালয়ত প্ৰদান কৰা হ'ব ভেকচিন ৷

আনহাতে,বেংগালুৰুতো ক'ভিড ভেকচিন দিয়াৰ বাবে প্ৰায় সাজু হৈ উঠিছে ৷ প্ৰায় 1,65,000 স্বাস্থ্যকৰ্মীয়ে ভেকচিন প্ৰদান কৰিবৰ বাবে সাজু হৈ উঠিছে ৷ একেদৰে,মহাৰাষ্ট্ৰৰ পুণে জিলাতো যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰা হৈছে ৷

লগতে পঢ়ক : বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনভোজকাৰীৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.