ETV Bharat / bharat

Sologamy in India: কইনাৰ শিৰত সেন্দুৰৰ ৰেঘা; কাষত নাই দৰা

author img

By

Published : Jun 2, 2022, 4:06 PM IST

Updated : Jun 2, 2022, 4:45 PM IST

বিবাহক লৈ প্ৰতিজনী ছোৱালীৰ মনতে থাকে নানাৰঙী সপোন, বিভিন্ন কল্পনা ৷ বাকী ছোৱালীবোৰৰ দৰে 24 বছৰীয়া ক্ষমা বিন্দুৱেও নিজৰ বিয়াৰ বাবে যো-জা চলাইছে ৷ 11 জুনত ক্ষমাৰ বিয়া (Kshma Bindu set to marry herself) ৷ মাত্ৰ নাথাকিব দৰা, নাথাকিব বৰযাত্ৰী ৷

Sologamy
Sologamy

নিউজ ডেস্ক, 02 জুন : এক পবিত্ৰ বান্ধোনৰ নাম হৈছে বিবাহ ৷ এজন পুৰুষ আৰু এগৰাকী মহিলাৰ সামাজিকভাৱে এক হোৱাৰ এক প্ৰক্ৰিয়া হৈছে বিবাহ ৷ ধৰ্ম অনুসাৰে বিবাহৰ পদ্ধতি সমূহ পৃথক যদিও বিবাহৰ অৰ্থ একেই ৷ বিয়া হৈছে এক সপোন, এমুঠি আশা ৷ আলহী আহিব, বেণ্ড বাজিব, আয়তীয়ে নোৱাব ধুৱাব ৷ তাৰ পাচত সকলোৰে আশীৰ্বাদ লৈ দুটি জীৱন এটি হৈ পৰিব চিৰদিনলৈ ৷

পুৰুষ-মহিলাৰ মাজত বিবাহ হোৱাতো সাধাৰণ কথা ৷ বহুতে ধৰ্মপুথি, বৃক্ষ আদিৰ সৈতে প্ৰতীকী বিবাহো কৰা দেখা যায় ৷ কিন্তু এইখন ভাৰতবৰ্ষতে শেহতীয়াকৈ পোহৰলৈ আহিছে এগৰাকী যুৱতীয়ে নিজকে বিবাহ কৰিব বিচৰাৰ এক আশ্চৰ্যকৰ ঘটনা ৷ ঘটনাটো সংঘটিত হৈছে গুজৰাটত (Sologamy in India)৷

Sologamy
কইনাৰ শিৰত শাখা সেন্দুৰ; কাষত নাই দৰা

বিবাহক লৈ প্ৰতিজনী ছোৱালীৰ মনতে থাকে নানাৰঙী সপোন, বিভিন্ন কল্পনা ৷ বাকী ছোৱালীবোৰৰ দৰে 24 বছৰীয়া ক্ষমা বিন্দুৱেও নিজৰ বিয়াৰ বাবে যো-জা চলাইছে ৷ 11 জুনত ক্ষমাৰ বিয়া ৷ বিয়াৰ বাবে লেহেংগা চিলোৱা, পাৰ্লাৰত গৈ নিজকে ধুনীয়া কৰা, গা-গহনা কিনালৈকে সকলো প্ৰায় হৈ উঠিছে ৷

কিন্তু আশ্চৰ্যকৰ কথা এইটোৱেই যে, ক্ষমাৰ পদুলিত বিয়াৰ দিনা আপুনি দেখা নাপাব দৰা আৰু বৰযাত্ৰী ৷ শুনি আচৰিত হ’ব যে আমি আৰম্ভণিতে কোৱা নিজকে বিয়া কৰিব খোজা যুৱতীগৰাকী হৈছে ক্ষমা (Gujrat girl Kshma Bindu set to marry herself) ৷

জানিব পৰা মতে, সম্পূৰ্ণ হিন্দু ধৰ্মীয় ৰীতিৰে হোমৰ জুইক সাক্ষী কৰি বিয়াত বহিবলৈ সাজু হৈছে ক্ষমা ৷ শিৰত সেন্দুৰো বোলাব যুৱতীগৰাকীয়ে ৷ মাত্ৰ নাথাকিব দৰা, নাথাকিব বৰযাত্ৰী (Sologamy news) ৷

সাংবাদিকৰ আগত ক্ষমাই কয় যে, তেওঁ বিয়াত বহিব নোখোজে যদিও কইনা হোৱাৰ সপোন অৱশ্যেই আছে (Gujrat Sologamy news) ৷ সেয়ে তেওঁ নিজৰ সৈতে বিবাহ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ তাৰ পাচতে ইন্টাৰনেটত এই সন্দৰ্ভত তথ্য বিচাৰে যদিও কোনো মহিলাই নিজকে বিয়া কৰোৱাৰ তথ্য লাভ নকৰে ক্ষমাই ৷ নিজকে বিয়া কৰোৱা দেশৰ প্ৰথমগৰাকী যুৱতী হিচাপে ক্ষমা উদাহৰণ হৈ ৰ’ব, তেওঁ কয় ৷

লগতে পঢ়ক : UPSC পৰীক্ষাত শীৰ্ষ স্থান প্ৰাপ্ত শ্ৰুতি শৰ্মাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

Last Updated : Jun 2, 2022, 4:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.