নেশ্যনেল ডেস্ক,১৩ ছেপ্টেম্বৰ : গুজৰাটৰ বিধানসভা নিৰ্বাচনলৈ মাজত প্ৰায় ৩ মাহ বাকী (Gujrat upcoming assembly election)। বিজেপি শাসিত ৰাজ্যখনত নিজৰ স্থিতি অধিক শক্তিশালী কৰাত ব্যস্ত বিজেপ দল । বিজেপি সূত্ৰই জনোৱা মতে যোৱা বিধানসভা নিৰ্বাচনত দলটোৱে কংগ্ৰেছৰ সৈতে তীব্ৰ প্ৰতিদ্বন্দিতাৰ সন্মুখীন হোৱাৰ পাছত এইবাৰ কংগ্ৰেছক তীব্ৰ প্ৰত্যুত্তৰ দিবলৈ কেইবাটাও কাৰ্যপন্থা হাতত লৈছে (BJP strategy over upcoming election)। দলটোৱে বিশেষকৈ দুই ধৰণৰ ৰণকৌশল প্ৰস্তুত কৰিছে ।
জানিব পৰা মতে, কংগ্ৰেছৰ দুৰ্বল সাংগঠনিক পৰিস্থিতিৰ সুযোগ ল'ব বিজেপিয়ে । ইফালে পূৰ্বৰ নিৰ্বাচনত কংগ্ৰেছৰ হাতত থকা আসনসমূহো কাঢ়ি লোৱাৰ বাবে চেষ্টা চলাব বিজেপিয়ে । উল্লেখ্য যে, বিজেপিয়ে যোৱা নিৰ্বাচনত ১৮২ খন আসনৰ ভিতৰত ৯৯ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছিল ৭৭ খন আসন ।
অৱশ্যে, বিজেপি নেতৃত্ব চিন্তিত কিয়নো দিল্লীৰ দৰে কংগ্ৰেছেও গুজৰাটত আম আদমী পাৰ্টিক "ৱাকঅভাৰ" দিব পাৰে । যাৰ ফলত গেৰুৱা দলৰ নিৰ্বাচনী ভাগ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে । কিন্তু কংগ্ৰেছ আৰু আপৰ মাজত ভোট বিভাজনৰ দ্বাৰা বিজেপিয়ে সুবিধা ল'ব পাৰিব বুলিও আশা কৰা হৈছে ।
লক্ষণীভাৱে গান্ধীনগৰ পৌৰ নিৰ্বাচনত কংগ্ৰেছ আৰু আপৰ মাজত ভোট বিভাজনে বিজেপিৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, কিন্তু চুৰাটৰ পৌৰ নিৰ্বাচনত ২৭ খন আসন লাভ কৰি আপ দলটোৱে নিজৰ স্থিতিৰ পৰিচয় দিছিল (Gujrat municipal election result 2021)। আপৰ এই সফলতা বিজেপিৰ বাবে চিন্তাৰ কাৰণ হৈ আছে ।
বিজেপি সূত্ৰৰ মতে দলৰ নেতৃত্বই ৰাজ্যিক কমিটীক ১৫০ খন আসনৰ লক্ষ্য বান্ধি দিছে আৰু কংগ্ৰেছৰ দুৰ্বল সাংগঠনিক পৰিস্থিতিৰ সুবিধা ল'বলৈ নিৰ্দেশ দিছে । আনহাতে যিকোনো ধৰণৰ বিতৰ্কিত মন্তব্য দিয়াৰ পৰাও বিৰত থাকিবলৈ ৰাজ্যিক নেতৃত্বক নিৰ্দেশ দিয়া হৈছে । আনহাতে বিজেপিৰ বিৰুদ্ধে আম আদমী পাৰ্টিয়ে উত্থাপন কৰা অভিযোগ খণ্ডন কৰিবলৈ এটা বিষয় উলিয়াবলৈও কোৱা হৈছে ।
ইফালে নিৰ্বাচনলৈ মাত্ৰ ৩ টা মাহ বাকী আছে যদিও এতিয়ালৈ কংগ্ৰেছে বিশেষ নিৰ্বাচনী প্ৰস্তুতি চলোৱা দেখা নাই । ৰাজ্যখনত প্ৰচাৰ চলোৱাৰ পৰিৱৰ্তে ৰাহুল গান্ধীৰ লগতে আন দলৰ নেতাসকল ভাৰত জোড়ো যাত্ৰাক লৈহে ব্যস্ত হৈ আছে । তেনে সময়তে বিজেপিয়ে বিশেষ ৰণকৌশল প্ৰস্তুত কৰি ৰাজ্যতখনত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ।
লগতে পঢ়ক :বিজেপি চৰকাৰ গঠনৰ পিছৰে পৰা ত্ৰিপুৰাত উন্নতি হৈছে : মাণিক সাহা