ETV Bharat / bharat

Rahul Gandhi in Kargil rally: BJP RSS য়ে ভাৰতত বিয়পাইছে ঘৃণা; ৰাহুল গান্ধী

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 1:40 PM IST

লাডাখ সন্দৰ্ভত কেন্দ্ৰৰ মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ চীন-ভাৰতৰ সীমা বিবাদ সন্দৰ্ভত মোদীক মিথ্যাচাৰৰ আশ্ৰয় লোৱা বুলি সমালোচনা কংগ্ৰেছ নেতাগৰাকীৰ ৷ ভাৰতীয় জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ভাৰতত ঘৃণা বিয়পাইছে বুলি উল্লেখ কৰি কংগ্ৰেছে দেশখনৰ চৌদিশে শান্তি-সম্প্ৰীতি বিয়পাবলৈ যত্ন কৰি আহিছে বুলি দাবী কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ।

Rahul Gandhi in Kargil rally
কেন্দ্ৰৰ মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ নেতা ৰাহুল গান্ধী

নেশ্যনেল ডেস্ক, 25 আগষ্ট: অব্যাহত আছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ কাৰ্গিল ভ্ৰমণ ৷ শুকুৰবাৰ অৰ্থাৎ 25 আগষ্টৰ দিনা কাৰ্গিল ৰেলীৰ সময়ত এখন ৰাজহুৱা সভাত ভাষণ দি কংগ্ৰেছ নেতা ৰাহুল গান্ধী কেন্দ্ৰৰ মোদী চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক হৈ পৰে । ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে দেওবাৰে ২০ আগষ্টৰ দিনা চীন-ভাৰতৰ সীমা বিবাদ সন্দৰ্ভত মোডী চৰকাৰক লক্ষ্য কৰি কয়, ‘‘প্ৰধানমন্ত্ৰীয়ে কৈছিল- লাডাখৰ 1 ইঞ্চিও মাটি চীনৰ হাতলৈ যোৱা নাই, সেয়া সঁচা নহয় ৷’’

স্থানীয় লোকৰ উদ্ধৃতিৰে কংগ্ৰেছ নেতাগৰাকীয়ে কয়, "স্থানীয় লোকে কৈছে যে চীনা সৈন্যই ভাৰতৰ মাটিত প্ৰৱেশ কৰিছে । মানুহে কৈছিল যে যিখন মাটি আগতে চৰণীয়া পথাৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল, এতিয়া তালৈ কোনেও যাব নোৱাৰে ।" লাডাখৰ যিকোনো ব্যক্তিক সুধিলে, তেওঁলোকে এই কথা ক’ব বুলিও শুকুৰবাৰে ৰেলীৰ সময়ত ৰাহুলে এইদৰে কয় ।

ভাৰতীয় জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ভাৰতত ঘৃণা বিয়পাইছে বুলি উল্লেখ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কংগ্ৰেছে দেশখনৰ চৌদিশে শান্তি-সম্প্ৰীতি বিয়পাবলৈ যত্ন কৰি আহিছে বুলি দাবী কৰে ।

গান্ধীয়ে লগতে কয়, "কেইমাহমানৰ আগতে আমি কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ পদযাত্ৰাৰ এক কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ, এই যাত্ৰাৰ নাম আছিল 'ভাৰত জোড়ো যাত্ৰা'। এই যাত্ৰাৰ উদ্দেশ্য আছিল বিজেপি-আৰএছএছে দেশত বিয়পাই দিয়া ঘৃণা আৰু হিংসাৰ বিৰুদ্ধে শান্তি-সম্প্ৰীতিৰ বাৰ্তা বিয়পোৱা । যাত্ৰাৰ জৰিয়তে - 'নফৰৎ কে বজাৰ মে হম মহব্বত কি দুকান খোলনে নিক্লে হ্যায়' বাৰ্তা বিয়পোৱাটো আছিল অন্যতম এক উদ্দেশ্য ।’’ উক্ত যাত্ৰা শীতকালত হোৱাৰ বাবে আৰু প্ৰচণ্ড হিমপ্ৰবাহৰ বাবে লাডাখ ভ্ৰমণ সম্ভৱ হৈ উঠা নাছিল । সেয়ে এইবাৰ মটৰ চাইকেলেৰে লাডাখলৈ আগবঢ়া বুলি কয় কংগ্ৰেছ নেতাগৰাকীয়ে ।

লাডাখ সন্দৰ্ভত পুনৰ মন্তব্য আগবঢ়ায় কংগ্ৰেছ নেতাগৰাকীয়ে কয়, ‘‘লাডাখত সৌৰশক্তিৰ অভাৱ নাই, এই সম্পৰ্কত বিজেপি দল অৱগত ৷ দলটোৱে আপোনালোকৰ মাটি কাঢ়ি নিব বিচাৰে " কাৰ্গিলত ৰাজহুৱা সভাত ভাষণ দি এইদৰে কয় ৰাহুল গান্ধীয়ে ।

"মই কেইবাজনো শ্ৰমিকৰ সৈতে কথা পাতিলোঁ আৰু সকলোৱে মোক ক'লে যে তেওঁলোকে নিজৰ ঘৰৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত থাকে, কিন্তু তেওঁলোকক লাডাখক আন এখন ঘৰৰ দৰে ভাবে । তেওঁলোকে কয় যে লাডাখৰ মানুহে তেওঁলোকক সদায় সহায় কৰে ।" আন নেতাসকলে নিজৰ ‘মন কি বাত’ জনোৱাত ব্যস্ত । সেয়ে মই আপোনালোকৰ ‘মন কি বাত’ শুনিম বুলি ঠিৰাং কৰিলো ।" গান্ধীজী আৰু কংগ্ৰেছৰ মতাদৰ্শ লাডাখৰ তেজ আৰু ডি এন এত আছে বুলি শুকুৰবাৰে প্ৰদান কৰা ভাষণত কংগ্ৰেছ নেতাজনে কয় ।

ইয়াৰোপৰি ৰাহুল গান্ধীয়ে লাডাখবাসীক সম্বোধি কয়, " আপোনাৰ ৰাজনৈতিক কণ্ঠ ৰুদ্ধ কৰি পেলোৱা হৈছে । আপুনি কেন্দ্ৰৰ শাসনৰ অধীন হৈ বঞ্চিত হৈ পৰিছে প্ৰাপ্য অধিকাৰৰ পৰা । আপোনালোকে মোক জানিবলৈ দিছিল যে আপোনালকক দিয়া কৰ্মসংস্থাপনৰ প্ৰতিশ্ৰুতি মিছা আছিল ।" .

ৰাহুলে লগতে কয় যে তেওঁলোকে (বিজেপি) লাডাখৰ মানুহৰ কণ্ঠ দমন কৰি আছে, কিন্তু কংগ্ৰেছ দল তেওঁলোকৰ সৈতে থকাৰ লগতে তেওঁলোকৰ অধিকাৰ লাভৰ ক্ষেত্ৰতো পূৰ্ণ সমৰ্থন আগবঢ়াইছে ।

উল্লেখ কৰা প্ৰয়োজন যে, ব্ৰিকছ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে আলোচনাত বহাৰ এদিন পিছতে কংগ্ৰেছ নেতাগৰাকীৰ এই বক্তব্যই বহন কৰিছে বিশেষ তাৎপৰ্য ৷

লগতে পঢ়ক: Nirbhaya like Incident In Bihar: নিৰ্ভয়া কাণ্ডৰ পুনৰাবৃত্তি ! চলন্ত বাহনত কিশোৰীক যৌন নিৰ্যাতন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.