ETV Bharat / bharat

চাৰি বছৰীয়া পুত্ৰক হত্যা গোচৰ; ৩৬ ঘণ্টা পূৰ্বে গোৱাত শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল মাতৃয়ে - Suchana Seth case

CEO Mother Killed Son : গোৱাত নিজ পুত্ৰক হত্যাত অভিযুক্ত মুখ্য কাৰ্যবাহী বিষয়া মাতৃয়ে চাৰি বছৰীয়া সন্তানটোক ৩৬ ঘণ্টা পূৰ্বে শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল । সমগ্ৰ দেশক জোকাৰি যোৱা এই ঘটনাটোত অধিক তথ্য পোহৰলৈ অহাৰ সময়তে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা চিকিৎসকসকলে এই কথা জনাইছে ।

৩৬ ঘণ্টা পূৰ্বে গোৱাত শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল মাতৃয়ে

author img

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 11:19 AM IST

নিউজ ডেস্ক, ১০ জানুৱাৰী : গোৱাত পুত্ৰক হত্যাৰ গোচৰত চিকিৎসকসকলে প্ৰকাশ কৰিছে যে অভিযুক্ত মাতৃয়ে মৃতদেহটো কঢ়িয়াই নিয়াৰ 36 ঘণ্টা পূৰ্বে শিশুটোক শ্বাসৰুদ্ধ কৰি হত্যা কৰা হৈছিল । গোৱাৰ এটা ছাৰ্ভিচ এপাৰ্টমেণ্টত তেওঁৰ চিইঅ' মাতৃয়ে হত্যা কৰা চাৰি বছৰীয়া শিশুটোৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ উদ্ধৃতি দি এগৰাকী জ্যেষ্ঠ চিকিৎসকে কয় যে শিশুটোক শ্বাসৰুদ্ধ কৰি হত্যা কৰা হৈছিল ।

উল্লেখ্য যে এটা কৃত্ৰিম বুদ্ধিমত্তা ষ্টাৰ্ট-আপৰ মুখ্য কাৰ্যবাহী বিষয়া সূচনা শেঠক সোমবাৰে নিশা কৰ্ণাটকৰ চিত্ৰদুৰ্গাত গোৱাৰ পৰা বাংগালুৰুলৈ যোৱাৰ পথত আটক কৰা হয় আৰু চাৰি বছৰীয়া পুত্ৰৰ মৃতদেহ এটা চুটকেচত উদ্ধাৰ হয় । পৰৱৰ্তী সময়ত তেওঁক গোৱা আৰক্ষীৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰা হয় ।

"তেওঁক (শিশুটোক) শ্বাসৰুদ্ধ কৰি হত্যা কৰা হৈছিল ৷ যাক আমি টেঁটুচেপা বুলি কওঁ । ইয়াৰ বাবে হয় কাপোৰ বা গাৰু ব্যৱহাৰ কৰা হৈছিল । শ্বাসৰুদ্ধ হোৱাৰ ফলত শিশুটিৰ মৃত্যু হৈছিল । এনেকুৱা দেখা নাযায় যে শিশুটোক হাত ব্যৱহাৰ কৰি শ্বাসৰুদ্ধ কৰা হৈছিল । এইটো গাৰু বা আন কোনো সামগ্ৰী ব্যৱহাৰ কৰা যেন লাগিছে ।" হিৰিয়ুৰ তালুক চিকিৎসালয়ৰ প্ৰশাসনিক বিষয়া ডাঃ কুমাৰ নাইকে সাংবাদিকক কয় ।

তেওঁ লগতে কয় যে শিশুটিৰ শৰীৰত কোনো ৰক্তক্ষৰণ বা আক্ৰমণৰ চিহ্ন নাছিল । "আমি সঠিক সময় ক'ব নোৱাৰোঁ, কিন্তু তেওঁৰ মৃত্যুৰ ৩৬ ঘণ্টা হ'ল ।" নাইকে কয় । উল্লেখ্য যে সূচনা শেঠ হৈছে 'দ্য মাইণ্ডফুল এআই লেব'ৰ মুখ্য কাৰ্যবাহী বিষয়া ।

আনহাতে, তেওঁৰ লিংকডইন প্ৰ'ফাইল অনুসৰি তেওঁ এগৰাকী এআই এথিক্স বিশেষজ্ঞ আৰু ডাটা বিজ্ঞানী । তেওঁৰ ডাটা বিজ্ঞান দলবোৰক পৰামৰ্শ দিয়া আৰু ষ্টাৰ্ট-আপ আৰু উদ্যোগ গৱেষণা পৰীক্ষাগাৰত যন্ত্ৰ শিক্ষণ সমাধান স্কেলিং কৰাৰ 12 বছৰৰো অধিক অভিজ্ঞতা আছে ।

"তেওঁ এই এথিক্স তালিকাৰ ১০০ গৰাকী প্ৰতিভাধৰ মহিলাৰ ভিতৰত আছে । তেওঁ ডাটা এণ্ড ছ'চাইটিৰ মজিলা ফেলো, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ বাৰ্কমেন ক্লেইন চেণ্টাৰৰ ফেলো আৰু ৰমন গৱেষণা প্ৰতিষ্ঠানৰ গৱেষণা ফেলো আছিল । তেওঁ প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণতো পেটেণ্ট লাভ কৰিছে ।" প্ৰ'ফাইলটোত লিখা আছে ।

লগতে পঢ়ক : মাতৃৰ বেগত ওলাল ৪ বছৰীয়া পুত্ৰৰ মৃতদেহ ! এআই ষ্টাৰ্টআপৰ মুখ্য কাৰ্যবাহী বিষয়াক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.