ETV Bharat / bharat

Hinduphobia in USA: হিন্দুফোবিয়াক গৰিহণা দি জৰ্জিয়া বিধানসভাৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ - Georgia legislature passes resolution

হিন্দু ধৰ্মক লৈ এক ঐতিহাসিক প্ৰস্তাৱ গ্ৰহণ আমেৰিকাৰ জৰ্জিয়া বিধানসভাৰ ৷ আমেৰিকাত বসবাস কৰা হিন্দু-আমেৰিকানসকলৰ অধিকাৰ সুৰক্ষিত কৰা আৰু হিন্দু ধৰ্মক ৰক্ষণাৱেক্ষণ দিয়াৰ বাবে গ্ৰহণ কৰা হয় প্ৰস্তাৱ ৷ ইয়াৰ পাচতেই হিন্দু ধৰ্মক লৈ আইনী প্ৰস্তাৱ গ্ৰহণ কৰা প্ৰথমখন দেশত পৰিণত হ’ল আমেৰিকা (Georgia Assembly condemning Hinduphobia) ৷

Hinduphobia in USA
আমেৰিকাত সুৰক্ষিত হ’ব হিন্দু ধৰ্ম; জৰ্জিয়া বিধানসভাৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ
author img

By

Published : Apr 1, 2023, 4:06 PM IST

Updated : Apr 1, 2023, 5:29 PM IST

নিউজ ডেস্ক, 1 এপ্ৰিল: হিন্দু ধৰ্মলৈ শংকা বা হিন্দুফোবিয়াক গৰিহণা দি আমেৰিকাৰ জৰ্জিয়া বিধানসভাত গ্ৰহণ কৰা এক প্ৰস্তাৱ ৷ এই প্ৰস্তাৱৰ পাচতেই হিন্দু ধৰ্মক লৈ আইনী ব্যৱস্থা গ্ৰহণ কৰা প্ৰথম ৰাষ্ট্ৰত পৰিণত হৈছে আমেৰিকা ৷ হিন্দুভীতি আৰু হিন্দু বিৰোধী গোড়ামিক গৰিহণা দি প্ৰস্তাৱটোত কোৱা হৈছে যে হিন্দু ধৰ্ম হৈছে বিশ্বৰ অন্যতম বৃহৎ আৰু পুৰণি ধৰ্ম যাৰ 100 খনতকৈয়ো অধিক দেশত 1.2 বিলিয়নতকৈয়ো অধিক অনুসৰণকাৰী আছে আৰু ইয়াত গ্ৰহণযোগ্যতা, পাৰস্পৰিক সন্মান আৰু শান্তিৰ মূল্যবোধৰ সৈতে বিভিন্ন পৰম্পৰা আৰু বিশ্বাস প্ৰণালী অন্তৰ্ভুক্ত আছে (Georgia Assembly condemning Hinduphobia) ৷

উল্লেখ্য যে, জৰ্জিয়াৰ অন্যতম বৃহৎ হিন্দু আৰু ভাৰতীয়-আমেৰিকান প্ৰবাসী সম্প্ৰদায়ৰ বাসস্থান আটলাণ্টাৰ উপনগৰৰ ফৰ্চিথ কাউণ্টিৰ প্ৰতিনিধি লৰেন মেকডনাল্ড আৰু টড জোনছে এই প্ৰস্তাৱ উত্থাপন কৰিছিল ৷ প্ৰস্তাৱটোত কোৱা হৈছিল যে ঔষধ, বিজ্ঞান আৰু অভিযান্ত্ৰিক, তথ্য প্ৰযুক্তি, বিত্ত, শিক্ষা, উৎপাদন, শক্তি, খুচুৰা বাণিজ্য আদিৰ দৰে বিভিন্ন ক্ষেত্ৰত আমেৰিকান-হিন্দু সম্প্ৰদায়ৰ মুখ্য অৱদান আছে (Georgia Assembly resolution on Hindu) ৷

লগতে উল্লেখ কৰা হৈছে যে যোগ, আয়ুৰ্বেদ, ধ্যান, খাদ্য, সংগীতৰ অৱদানে সাংস্কৃতিক গাঁথনি সমৃদ্ধ কৰিছে আৰু আমেৰিকাৰ সমাজত ব্যাপকভাৱে গ্ৰহণ কৰা হৈছে আৰু লাখ লাখ লোকৰ জীৱন সমৃদ্ধ কৰিছে ৷ আমেৰিকাৰ বহু ঠাইত যোৱা কেইটামান দশকত হিন্দু-আমেৰিকানসকলৰ বিৰুদ্ধে ঘৃণামূলক অপৰাধৰ উদাহৰণ আছে বুলি উল্লেখ কৰি প্ৰস্তাৱটোত কোৱা হৈছে যে হিন্দু ধৰ্ম ধ্বংস কৰাটো সমৰ্থন কৰা আৰু ইয়াৰ পৱিত্ৰ গ্ৰন্থ আৰু সাংস্কৃতিক প্ৰথাৰ ওপৰত হিংসা আৰু উৎপীড়নৰ অভিযোগ উত্থাপন কৰা শিক্ষাবিদসকলৰ কিছুমানৰ দ্বাৰা হিন্দুভীতি অধিক বৃদ্ধি কৰা হৈছে (Indian American communities in Georgia) ৷

এই সন্দৰ্ভত এক পদক্ষেপৰ নেতৃত্ব দিয়া হৈছিল উত্তৰ আমেৰিকাৰ হিন্দুসকলৰ মিত্ৰজোঁটৰ (Coalition of Hindus of North America) আটলাণ্টা চেপ্টাৰৰ দ্বাৰা ৷ উল্লেখ্য যে, 22 মাৰ্চত জৰ্জিয়া ষ্টেট কেপিটলত প্ৰথমবাৰৰ বাবে হিন্দু ওকালতি দিৱসৰ আয়োজন কৰিছিল উত্তৰ আমেৰিকাৰ হিন্দুসকলৰ মিত্ৰজোঁটে । সেই অনুষ্ঠানত প্ৰায় 25 জন আইন প্ৰণেতা উপস্থিত আছিল ৷

আমেৰিকাৰ ৰাজনৈতিক দল ৰিপাব্লিকান আৰু ডেমক্ৰেট উভয়ে এই অনুষ্ঠানত যোগদান কৰিছিল আৰু বৈষম্যৰ পৰা হিন্দু সম্প্ৰদায়ক সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷

জৰ্জিয়া বিধানসভাই হিন্দু ধৰ্মক সুৰক্ষিত কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উত্তৰ আমেৰিকাৰ হিন্দুসকলৰ মিত্ৰজোঁটৰ সভাপতি ৰাজীৱ মেননে ৷ জৰ্জিয়া বিধানসভাৰ এই ঐতিহাসিক প্ৰস্তাৱক এতিয়া আদৰণি জনাইছে সকলোৱে ৷

লগতে পঢ়ক: Wall street journal reporter detained : চোৰাংচোৱাৰ সন্দেহত ৱাল ষ্ট্ৰীট জাৰ্নেলৰ সাংবাদিকক আটক

Last Updated : Apr 1, 2023, 5:29 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.