ETV Bharat / bharat

Ganga Vilas Stuck : যাত্ৰাৰ তৃতীয় দিনাই নদীৰ মাজত আৱদ্ধ গংগা বিলাস

author img

By

Published : Jan 16, 2023, 7:06 PM IST

নদীত পানীৰ গভীৰতা কম হোৱাৰ বাবে আৱদ্ধ হৈ পৰিল গংগা বিলাস ৷ বিহাৰৰ ছপ্ৰাত নদীৰ মাজতেই আৱদ্ধ হ’ল বাৰাণসীৰ পৰা ডিব্ৰুগড় অভিমুখী গংগা বিলাস (Ganga Vilas Cruise Stuck in Chapra Bihar) ৷

Ganga Vilas Stuck
যাত্ৰাৰ তৃতীয় দিনাই নদীৰ মাজত আৱদ্ধ হ’ল গংগা বিলাস

নিউজ ডেস্ক, 16 জানুৱাৰী : 13 জানুৱাৰীত বাৰাণসীৰ পৰা যাত্ৰা আৰম্ভ কৰা গংগা বিলাস আৱদ্ধ হৈ পৰিল বিহাৰৰ ছপ্ৰাত ৷ পূণ্যভূমি বাৰাণসীৰ পৰা অসমৰ ডিব্ৰুগড়লৈ আহি থকা সৰ্বাধিক দীঘলীয়া নদী যাত্ৰাৰ সংগী গংগা বিলাস কম পানীৰ বাবে বিহাৰৰ ছপ্ৰা ডৰিগঞ্জ অঞ্চলত নদীৰ মাজতে আৱদ্ধ হৈ পৰে (Ganga Vilas Cruise Stuck in Chapra Bihar)৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা গংগা বিলাস ক্ৰুজযাত্ৰা(Ganga Vilas) পানীৰ গভীৰতা কম হোৱাৰ বাবে বিহাৰৰ ছপ্ৰাত 51 দিনীয়া যাত্ৰাৰ তৃতীয় দিনাই আৱদ্ধ হৈ পৰে ৷ ক্ৰুছৰ যাত্ৰীসকলে জিলাখনৰ ডৰিগঞ্জ অঞ্চলৰ চিৰাণ্ড ভ্ৰমণ কৰাৰ কথা আছিল যদিও নদীত পানীৰ গভীৰতা কম হোৱাৰ বাবে ঘাটলৈ যাবলৈ সক্ষম নহ’ল (Ganga Vilas Stuck due to shallow water)৷

উল্লেখ্য যে, ডৰিগঞ্জ বজাৰৰ ওচৰত ছপ্ৰাৰ পৰা 11 কিলোমিটাৰ দক্ষিণ-পূবত অৱস্থিত চিৰাণ্ড হৈছে জিলাখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পুৰাতাত্ত্বিক স্থান ৷ ঘাঘৰা নদীৰ পাৰত হিন্দু, বৌদ্ধ আৰু মুছলমানসকলৰ আবেগ বিজড়িত বহুকেইটা গুৰুত্বপূৰ্ণ স্থান আছে যদিও অগভীৰ পানীৰ বাবে গংগা বিলাস তীৰলৈ নিয়াটো কঠিন হৈ পৰে ৷

নদীৰ মাজতে গংগা বিলাস আৱদ্ধ হৈ পৰাৰ পিচত এছডিআৰএফৰ দলে সৰু নাৱৰ জৰিয়তে পৰ্যটকসকলক উদ্ধাৰ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় ৷ উদ্ধাৰ অভিযানৰ দ্বায়িত্বত থকা স্থানীয় চক্ৰ বিষয়া সতেন্দ্ৰ সিঙে কয় যে চিৰাণ্ডত পৰ্যটকসকলৰ বাবে পৰ্যাপ্ত ব্যৱস্থা কৰা হৈছে ৷

তেওঁ কয়- ‘‘এছডিআৰএফৰ এটা দল ঘাটত নিয়োজিত হৈ আছে যাতে যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’লে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় ৷ কম পানীৰ বাবে, গংগা বিলাস তীৰলৈ অনাত সমস্যা হৈছে ৷ সেয়েহে, সৰু নাৱৰ জৰিয়তে পৰ্যটকসকলক পাৰলৈ অনাৰ চেষ্টা কৰা হৈছে’’ ৷

উল্লেখ্য যে, গংগা বিলাসৰ আছে বহুকেইটা বৈশিষ্ট্য ৷ উজনিমুৱাকৈ ইয়াৰ গতিবেগ প্ৰতি ঘণ্টাত 13 কিলোমিটাৰ আৰু নামনিমুৱাকৈ 20 কিলোমিটাৰ প্ৰতি ঘণ্টাত ৷ জাহাজখনত খোৱাপানীৰ বাবেও আছে আৰ অ’ প্ৰণালী ৷ জাহাজখনত যাত্ৰীৰ বাবে প্ৰয়োজনীয়তাৰ বাবে সকলো প্ৰয়োজনীয় সুবিধা উপলব্ধ ৷ ভাৰতত ইয়াৰ ভাড়া হৈছে দৈনিক 25,000 টকা আৰু বাংলাদেশত ভাড়া হৈছে দৈনিক 50,000 টকা ৷

গংগা বিলাসে 51 দিনীয়া এই যাত্ৰাত 15 দিনৰ বাংলাদেশৰ মাজেৰে যাত্ৰা কৰি অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে ডিব্ৰুগড়ত প্ৰৱেশ কৰিব । এই বিলাসী ক্ৰুছে 3,200 কিলোমিটাৰতকৈও অধিক দূৰত্ব অতিক্ৰম কৰিব আৰু ভাৰত আৰু বাংলাদেশৰ 5 খন ৰাজ্যৰ মাজেৰে পাৰ হ'ব ।

লগতে পঢ়ক: Every person Has Baba or Babu : এখন গাঁৱত আছে বাবা আৰু বাবু; ক’ত আছে এই গাঁওখন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.