ETV Bharat / bharat

একেৰাহে তৃতীয় দিনৰ বাবে বৃদ্ধি পালে ইন্ধনৰ মূল্য

author img

By

Published : Oct 29, 2021, 10:48 AM IST

দেশবাসীৰ মূৰত ৰামটাঙোন শোধাই একেৰাহে তৃতীয় দিনৰ বাবে বৃদ্ধি হ'ল পেট্ৰ'ল-ডিজেলৰ মূল্য । শুকুৰবাৰে প্ৰতি লিটাৰ পেট্ৰ'লত বৃদ্ধি পাইছে ৩৫ পইচা । ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য হৈছেগৈ ১০৮.৬৪ টকা । আনহাতে, ডিজেলৰ মূল্যও ৩৫ পইচাকৈ বৃদ্ধি হোৱাৰ ফলত প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৯৭.৩৭ টকা হৈছেগৈ ।

Fuel prices increased for third consecutive day
দিল্লীত পেট্ৰ'লৰ মূল্য হৈছেগৈ ১০৮.৬৪ টকা

নেশ্যনেল ডেস্ক, ২৯ অক্টোবৰ: ইন্ধনৰ মূল্যই ভংগ কৰিলে সকলো অভিলেখ । শুকুৰবাৰেও একেৰাহে তৃতীয় দিনৰ বাবে বৃদ্ধি হ'ল পেট্ৰ'ল-ডিজেলৰ মূল্য । প্ৰতি লিটাৰ পেট্ৰ'লত ৩৫ পইচা বৃদ্ধি হোৱাৰ পাচত ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য হৈছেগৈ ১০৮.৬৪ টকা । আনহাতে, ডিজেলৰ মূল্যও প্ৰতি লিটাৰত ৩৫ পইচাকৈ বাঢ়িছে ।

দিল্লীত শুকুৰবাৰে ৯৭.৩৭ টকাত বিক্ৰী হৈছে প্ৰতি লিটাৰ ডিজেল । মুম্বাইতো বৃহস্পতিবাৰৰ তুলনাত শুকুৰবাৰে বাঢ়িছে ইন্ধনৰ মূল্য । পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ১১৪.৪৭ টকা হোৱাৰ লগতে ডিজেলৰ মূল্য প্ৰতি লিটাৰত ১০৫.৪৯ টকা হৈছেগৈ । কলকাতাত, প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ১০৯.০২ টকা হৈছে ।

আনহাতে, ডিজেলৰ মূল্য প্ৰতি লিটাৰত ১০০.৪৯ টকা । চেন্নাইত প্ৰতি লিটাৰ পেট্ৰ'লৰ দাম ১০৫.৪৩ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ১০১.৫৯ টকা হৈছেগৈ । ইন্ধনৰ মূল্যৰ লগত সংযোজন কৰা কৰৰ বাবে ৰাজ্যভেদে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য পৃথক হয় ।

আনহাতে, কেন্দ্ৰীয় চৰকাৰে তেলৰ যোগান আৰু চাহিদা সন্দৰ্ভত তেল ৰপ্তানি কৰা কেইবাখনো দেশৰ সৈতে আলোচনা অব্যাহত ৰাখিছে । কিন্তু দেশবাসীয়ে এই মূল্যবৃদ্ধিৰ পৰা তাৎক্ষণিক সকাহ লাভ কৰাৰ কোনো সম্ভাৱনা নাই । ইয়াৰ পূৰ্বে, এক বিশেষ সূত্ৰই জানিবলৈ দিছিল যে, পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে শেহতীয়াকৈ তেলৰ মূল্য নিৰ্ধাৰণ, যোগান আৰু চাহিদা সম্পৰ্কে তেল উৎপাদনকাৰী দেশসমূহৰ ওচৰত উদ্বেগ প্ৰকাশ কৰিছে ।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খাৰুৱা তেলৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে পেট্ৰ'লিয়াম মন্ত্ৰালয়ে চৌদি আৰৱ, কুৱেইট, আৰৱ, ৰাছিয়া আদি বহুতো দেশৰ শক্তি মন্ত্ৰালয়ক এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । ইন্ধনৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰাত বিগত কিছু দিন ধৰি দেশৰ ভিন্ন প্ৰান্তত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি সকলোৱে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিছে ।

লগতে পঢ়ক:অৰুণাচলত পুনৰ গ্ৰেপ্তাৰ হ’ল NSCN কেডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.