ETV Bharat / bharat

পুনৰ বৃদ্ধি হ'ল পে'ট্ৰল-ডিজেলৰ মূল্য - কৰ'ণাৰ সংকট

কৰ'ণাৰ সংকটৰ মাজতে এইবাৰ পে'ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিয়ে ৰামটাঙোন সোধাইছে সাধাৰণ জনতাক । তেল বিপনন কোম্পানীয়ে মূল্য সংশোধন কৰাৰ দুদিন পিছতে শুকুৰবাৰে প্ৰতি লিটাৰত পেট্ৰ'লৰ মূল্য ২৭ পইচাকৈ বৃদ্ধি কৰা হৈছে । আনহাতে, প্ৰতি লিটাৰত ডিজেলৰ মূল্য ২৮ পইচাকৈ বৃদ্ধি হৈছে ।

Fuel price hike
পুনৰ বৃদ্ধি হ'ল পে'ট্ৰলৰ মূল্য
author img

By

Published : Jun 4, 2021, 5:21 PM IST

নেশ্যনেল ডেস্ক, ৪ জুন: শুকুৰবাৰে সৰ্বকালৰ সকলো অভিলেখ ভংগ কৰিলে খাৰুৱা তেলৰ মূল্যই । মহামাৰীয়ে দেশত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে পুনৰ বৃদ্ধি হ'ল পে'ট্ৰল-ডিজেলৰ মূল্য । তেল বিপণন কোম্পানীয়ে মূল্য সংশোধন কৰাৰ দুদিন পিছতে শুকুৰবাৰে বৃদ্ধি হয় খাৰুৱা তেলৰ মূল্য ।

প্ৰতি লিটাৰত পেট্ৰ'লৰ মূল্য ২৭ পইচাকৈ বৃদ্ধি কৰা হৈছে । আনহাতে, প্ৰতি লিটাৰত ডিজেলৰ মূল্য ২৮ পইচাকৈ বৃদ্ধি হৈছে । আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি হোৱাৰ বাবে তেল বিপনন কোম্পানীয়ে বৃদ্ধি কৰিছে ইন্ধনৰ মূল্য । নতুনকৈ মূল্য বৃদ্ধি হোৱাৰ পিছত, দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ খুচুৰা দৰ হৈছে ৯৪.৭৬ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছে ৮৫.৬৬ টকা ।

মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ক্ৰমান্বয়ে ১০০.৯৮ টকা আৰু ৯২.৯৯ টকা । মহাৰাষ্ট্ৰৰ বেছিসংখ্যক জিলাতে এতিয়া প্ৰতি লিটাৰ পেট্ৰ'ল ৯৪ টকাতকৈ অধিক দৰত বিক্ৰী কৰা হৈছে । ৰাজস্থানৰ শ্ৰী গংগানগৰত বৰ্তমান প্ৰতি লিটাৰ পেট্ৰ'লৰ খুচুৰা মূল্য ১০৫.২৮ টকা । মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশত কেইখনমান জিলাত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ১০০ টকাৰো বেছি হৈছে ।

যোৱা মাহৰে পৰা ডিজেলৰ মূল্য ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আছে । খাৰুৱা তেলৰ মূল্য আগৰে পৰা বাঢ়ি থকা ভাৰতত পুনৰ যোৱা মাহৰ পৰা মূল্য বৃদ্ধি হোৱাক লৈ এতিয়া কেন্দ্ৰক তীব্ৰ সমালোচনা কৰিছে একাংশই । আনহাতে, মহামাৰীৰ বাবে পুনৰ দেশৰ অৰ্থনীতি মন্দাৱস্থাৰ দিশে গতি কৰিছে । এনে পৰিস্থিতিত পে'ট্ৰল-ডিজেলৰ মূল্য হোৱাক লৈ বিশেষজ্ঞসকলে চিন্তা ব্যক্ত কৰিছে ।

লগতে পঢ়ক:পুনৰ চিকিৎসাধীন ক্ৰীড়া তাৰকা মিলখা সিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.