ETV Bharat / bharat

মধ্যপ্ৰদেশত ৮৫ জনীয়া বন্ধুৰ এটা গ্ৰুপৰ আদৰণীয় পদক্ষেপ

মধ্যপ্ৰদেশৰ সাগৰ অঞ্চলৰ ৮৫ জনীয়া এটা গ্ৰুপে কৰ'ণা ৰোগীৰ বাবে যোগান ধৰিছে বিনামূলীয়া অক্সিজেন কনচেনট্ৰেটৰ যন্ত্ৰ । দলটোক সাধাৰণ বুন্দেলখণ্ডী শৈলীত "কো কা কে ৰাভ" নাম দিয়া হৈছে । তেওঁলোকে ৩ দিনৰ বাবে ক'ভিড ৰোগীসকলক বিনামূলীয়াকৈ যন্ত্ৰবোৰ প্ৰদান কৰি আছে আৰু তাৰ পিছত তেওঁলোকে ৬৫,০০০ টকাৰ পৰিৱৰ্তে ল'ব ১৫০০ টকাকৈ ।

author img

By

Published : Apr 29, 2021, 10:18 PM IST

FRIEND GROUP OXYGEN FREE SUPPLY
মধ্যপ্ৰদেশত ৮৫ জনীয়া বন্ধুৰ এটা গ্ৰুপৰ আদৰণীয় পদক্ষেপ

নেশ্যনেল ডেস্ক,২৯ এপ্ৰিল: কৰ'ণাৰ ভয়াৱহ পৰিস্থিতিৰ মাজত দেশবাসীয়ে যুঁজি থকাৰ সময়তে মধ্যপ্ৰদেশৰ সাগৰ অঞ্চলৰ কেইজন বন্ধুৰ এক আদৰণীয় পদক্ষেপ । বন্ধুকেইগৰাকীৰ দলটোৱে কৰ'ণা ৰোগীৰ বাবে যোগান ধৰিছে বিনামূলীয়া অক্সিজেন কনচেনট্ৰেটৰ যন্ত্ৰ । ১৯৯২ চনত একেলগে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা বন্ধুৰ এই দলটোৱে বিভিন্ন চহৰত বাস কৰি আছে আৰু কাম কৰি আছে । কৰ'ণা সংকটৰ বাবে এতিয়া তেওঁলোক আগবাঢ়ি আহিছে ।

তেওঁলোকৰ দলটোত মুঠ ৮৫ জন সদস্য আছে । দলটোক সাধাৰণ বুন্দেলখণ্ডী শৈলীত "কো কা কে ৰাভ" নাম দিয়া হৈছে । তেওঁলোকে একত্ৰিত হৈ ১২ টা অক্সিজেন কনচেনট্ৰেটৰ যন্ত্ৰ ক্ৰয় কৰিছে । ইতিমধ্যে সকলোবোৰ কৰ'ণা ৰোগীৰ পৰিয়ালৰ সদস্যসকলে এদিনৰ ভিতৰত লৈ গৈছে । এই দলটোৱে পুনৰ আঠটা অক্সিজেন কনচেনট্ৰেটৰ যন্ত্ৰ ক্ৰয় কৰিছে । বৰ্তমান তেওঁলোকৰ হাতত ২০ টা অক্সিজেন কনচেনট্ৰেটৰ যন্ত্ৰ আছে যিবোৰ সম্পূৰ্ণ বিনামূলীয়াকৈ উপলব্ধ ।

দলটোৱে ৫০ টা অক্সিজেন কনচেনট্ৰেটৰ ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । সদস্যসকলে কয় যে এটা অক্সিজেন কনচেনট্ৰেটৰ যন্ত্ৰৰ মূল্য প্ৰায় ৬৫,০০০ টকা আৰু ৫ শতাংশ জিএছটি । তেওঁলোকে ৩ দিনৰ বাবে ক'ভিড ৰোগীসকলক বিনামূলীয়াকৈ যন্ত্ৰবোৰ প্ৰদান কৰি আছে আৰু তাৰ পিছত তেওঁলোকে প্ৰতিদিনে ১৫০০ টকাকৈ ল'ব।

লগতে পঢ়ক:হায়দৰাবাদত চাঞ্চল্যকৰ ডকাইতি কাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.