ETV Bharat / bharat

কেৰালাত জিকা ভাইৰাছৰ সন্ত্ৰাস - কেৰালাত জিকা ভাইৰাছৰ সন্ত্ৰাস

কেৰালাত পাঁচজন লোক নতুনকৈ জিকা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে । যাৰ ফলত ৰাজ্যখনত জিকা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২৮ জনলৈ বৃদ্ধি পাইছে ।

Zika virus cases reported in Kerala
কেৰালাত জিকা ভাইৰাছৰ সন্ত্ৰাস
author img

By

Published : Jul 15, 2021, 4:55 PM IST

নেশ্যনেল ডেস্ক, ১৫ জুলাই : কৰ'ণাৰ (Corona) সংক্ৰমণ অব্যাহত থকাৰ মাজতে আন সংকটে দেখা দিছে ভাৰতত । এইবাৰ দেশৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে জিকা ভাইৰাছৰ (Zika virus) সন্ত্ৰাস । এবিধ মহৰ পৰা সংক্ৰমিত হোৱা এই ভাইৰাছে ইতিমধ্যে কেৰালাত আতংকৰ সৃষ্টি কৰিছে ।

ৰাজ্যখনত এই জিকা ভাইৰাছৰ দ্বাৰা এতিয়ালৈ কেইবাজনো লোক আক্ৰান্ত হৈছে । বৃহস্পতিবাৰে কেৰালাৰ স্বাস্থ্য মন্ত্ৰী (Health minister of Kerala) বীণা জৰ্জে জনোৱা মতে কেৰালাত নতুনকৈ পাঁচজন লোক জিকা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে । যাৰ ফলত ৰাজ্যখনত জিকা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২৮ জনলৈ বৃদ্ধি পাইছে ।

নতুনকৈ আক্ৰান্ত হোৱাসকলৰ ভিতৰত দুগৰাকী ৰাজ্যখনৰ আনায়াৰা অঞ্চলৰ । লগতে কুন্নুকুঝি, পাটম আৰু ইষ্ট ফ’ৰ্টৰ এগৰাকীকৈ লোক আক্ৰান্ত হৈছে জিকা ভাইৰাছৰ দ্বাৰা । এই ৰোগৰ সংক্ৰমণ ৰোধৰ বাবে ইতিমধ্যে সষ্টম হৈ পৰিছে কেৰালা চৰকাৰ ।

ৰাজ্যখনৰ থিৰুৱনন্তপুৰম পৌৰ নিগম আৰু অন্যান্য জিলা প্ৰশাসনে প্ৰতিৰোধমূলক কাৰ্য-কলাপ তীব্ৰতৰ কৰি তোলা দেখা গৈছে । স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বুধবাৰে উল্লেখ কৰা মতে, জিলা স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ত এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ লগতে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত পৰৱৰ্তী এসপ্তাহলৈ ফগিঙৰ ব্যৱস্থা কৰা হৈছে বুলিও জনাই স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে থিৰুৱনন্তপুৰমৰ আনায়াৰা এলেকাৰ তিনি কিল’মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত জিকা ভাইৰাছৰ এটা ক্লাষ্টাৰ (Zika Virus cluster) চিনাক্ত কৰা হৈছে ।

যাৰ বাবে সেই অঞ্চলত অধিক সক্ৰিয় হৈ পৰিছে প্ৰশাসন ৷ কেৰালাত ৯ জুলাইত এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা প্ৰথমটো ঘটনা পোহৰলৈ আহিছিল । তাৰ পিছতে মহৰ দ্বাৰা সংক্ৰমিত এই ভাইৰাছ সম্পৰ্কে ৰাজ্যখনৰ সকলো জিলাতে হাই এলাৰ্ট (High Alert) জাৰি কৰা হৈছিল । কৰ'ণা সংক্ৰমণ অব্যাহত থকাৰ মাজতে এই জিকা ভাইৰাছৰ আৱিৰ্ভাৱে এতিয়া শংকিত কৰি তুলিছে কেৰালাৰ জনসাধাৰণক ।

লগতে পঢ়ক : ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.