ETV Bharat / bharat

Rahul Gandhis Bharat Jodo Yatra 2 : লক্ষ্য ২০২৪ চনৰ নিৰ্বাচন; এইবাৰ ৰাহুলৰ পোৰবন্দৰৰ পৰা আগৰতলালৈ পদযাত্ৰা

author img

By

Published : Jul 28, 2023, 5:10 PM IST

যদিও দ্বিতীয় পৰ্যায়ৰ যাত্ৰা আৰম্ভ কৰাৰ ক্ষেত্ৰত দলৰ মাজত সাধাৰণ সহমত আছে, আৰম্ভণিৰ তাৰিখ আৰু পথ সম্পৰ্কীয় দুটা গুৰুত্বপূৰ্ণ দিশত এতিয়াও নেতাসকলৰ মাজত আলোচনা হৈ আছে ।

Rahul Gandhis Bharat Jodo Yatra 2
Rahul Gandhis Bharat Jodo Yatra 2

নিউজ ডেস্ক, ২৮ জুলাই : কংগ্ৰেছে নিৰ্বাচনমুখী চাৰিখন ৰাজ্যৰ লগতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত সৰ্বাধিক প্ৰভাৱ পেলোৱাৰ বাবে অহা ছেপ্টেম্বৰ মাহত ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ দ্বিতীয় পৰ্যায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে ।

দলৰ ভিতৰুৱা সূত্ৰ মতে, প্ৰবীণ কংগ্ৰেছ নেতা দিগ্বিজয় সিঙৰ নেতৃত্বত ভাৰত জোড়ো যাত্ৰা ৰাষ্ট্ৰীয় সমন্বয় সমিতিয়ে বিগত সপ্তাহত ৰাহুলৰ দেশজুৰি দ্বিতীয় পৰ্যায়ৰ যাত্ৰাৰ বিষয়ে নিৰ্বাচিত নেতাৰ দলৰ সৈতে আলোচনা কৰে । অৱশ্যে যদিও দ্বিতীয় পৰ্যায়ৰ যাত্ৰা আৰম্ভ কৰাৰ ক্ষেত্ৰত দলৰ মাজত সাধাৰণ সহমত আছে, কিন্তু ইয়াৰ আৰম্ভণিৰ তাৰিখ আৰু পথ সম্পৰ্কীয় দুটা গুৰুত্বপূৰ্ণ দিশত এতিয়াও নেতাসকলৰ মাজত আলোচনা হৈ আছে ।

সাংগঠনিক দায়িত্বত থকা এআইচিচিৰ সম্পাদক বমশী চান্দ ৰেড্ডীয়ে ইটিভি ভাৰতক কয়, "আমি সকলোৱে যাত্ৰাটো হোৱাটো বিচাৰোঁ । কিন্তু হাইকমাণ্ডে বিষয়টোত চূড়ান্ত সিদ্ধান্ত ল'ব লাগিব ।" আহাতে, দলৰ ভিতৰুৱা সূত্ৰই কৈছে যে সমন্বয় পেনেলে আলোচনা কৰিছে যে দলৰ প্ৰাক্তন মুৰব্বীগৰাকীয়ে প্ৰাৰম্ভিক অৱস্থাত দক্ষিণৰ পৰা উত্তৰ ভাৰতলৈ কৰা যাত্ৰাৰ দৰে এইবাৰ পশ্চিমৰ পৰা সম্পূৰ্ণ পূব ভাৰতৰক সামৰি পদযাত্ৰাটোৰ লক্ষ্য নিৰ্ধাৰণ কৰিব লাগে নে নালাগে ।

"যদি যাত্ৰাটো সম্পূৰ্ণ পৰিসৰত হয়, তেন্তে ইয়াত ছয় মাহ লাগিব । সময়ৰ কাৰকটো গুৰুত্বপূৰ্ণ । কিয়নো আমি নৱেম্বৰত পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ লগতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাই আছোঁ । যোৱা বছৰ আমাৰ হাতত যথেষ্ট সময় আছিল, কিয়নো মাত্ৰ দুটা বিধানসভা নিৰ্বাচন গুজৰাট আৰু হিমাচল প্ৰদেশত আছিল । অৱশ্যে ৰাজ্য দুখন যাত্ৰাপথত নাছিল ।" এআইচিচিৰ এজন জ্যেষ্ঠ কৰ্মীয়ে কয় ।

তেওঁ লগতে কয় যে সম্পূৰ্ণ পৰিসৰৰ যাত্ৰাৰ পৰিৱৰ্তে ৰাজ্যসমূহত সৰু লক্ষ্য নিৰ্ধাৰণ কৰিলে যাত্ৰা অধিক ব্যৱহাৰিক বিকল্প হ'ব, যিয়ে সময়ৰ কাৰকৰ ক্ষেত্ৰতো সহায় কৰিব ।

"ৰাজ্যিক যাত্ৰাসমূহ স্থানীয় অঞ্চলসমূহত পৰিকল্পনা কৰিব পাৰি আৰু আমি লক্ষ্য কৰিব বিচৰা সংসদীয় আসনসমূহ সামৰি ল'ব । যিহেতু আগন্তুক বিধানসভা নিৰ্বাচন নৱেম্বৰত হোৱাৰ সম্ভাৱনা আছে, আমি এই ৰাজ্যসমূহত যাত্ৰাৰ পৰিকল্পনা কৰিব পাৰোঁ যাতে ছেপ্টেম্বৰ আৰু অক্টোবৰত আমাৰ প্ৰচাৰ অভিযানে সৰ্বাধিক ৰূপত প্ৰভাৱ পেলায় আৰু শীৰ্ষত থাকে ।" এআইচিচিৰ কৰ্মীজনে কয় ।

উল্লেখ্য যে প্ৰাৰম্ভিক ভাৰত জোড়ো যাত্ৰা ২০২২ চনৰ ৭ ছেপ্টেম্বৰত তামিলনাডুৰ কন্যাকুমাৰীৰ পৰা আৰম্ভ হৈছিল আৰু ২০২৩ চনৰ ৩০ জানুৱাৰীত জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সমাপ্ত হৈছিল । দ্বিতীয় পৰ্যায়ৰ যাত্ৰা গুজৰাটৰ পোৰবন্দৰৰ পৰা ত্ৰিপুৰাৰ আগৰতলালৈ পশ্চিমৰ পৰা পূব ভাৰতলৈ সামৰি লোৱাৰ পৰিকল্পনা কৰা হৈছে ।

"ৰাহুলজীয়ে কন্যাকুমাৰীৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ আগতে ৫ ছেপ্টেম্বৰত আহমেদাবাদৰ মহাত্মা গান্ধী স্মাৰকত প্ৰাৰ্থনা কৰিছিল । যিহেতু গুজৰাট হৈছে মহাত্মা গান্ধীৰ দেশ, তেওঁ মহাত্মাৰ জন্মস্থান পোৰবন্দৰৰ পৰা তেওঁৰ দ্বিতীয় যাত্ৰা আৰম্ভ কৰিলে আমি অতি সুখী হ'ম ।" গুজৰাটৰ নেতা অমিত চাৱদাই ইটিভি ভাৰতক কয় ।

"দক্ষিণৰ পৰা উত্তৰলৈ যাত্ৰা এক বৃহৎ সফলতা আছিল আৰু ই দেখুৱাইছিল যে ৰাহুলজী হৈছে একমাত্ৰ ৰাষ্ট্ৰীয় নেতা, যিয়ে ২০২৪ চনত প্ৰধানমন্ত্ৰী মোদীক প্ৰত্যাহ্বান জনাব পাৰে । এই যাত্ৰাই বিৰোধীকো শক্তিশালী কৰি তোলে ।" তেওঁ কয় ।

আনহাতে, দলৰ ভিতৰুৱা লোকসকলৰ মতে, সিদ্ধান্ত ল'বলগীয়া আন এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে দ্বিতীয় পৰ্যায়ৰ যাত্ৰা আৰম্ভণিৰ তাৰিখ ।

"যদিও কিছু লোকে দেশজুৰি বাৰ্তা প্ৰেৰণ কৰিবলৈ ১৫ আগষ্টৰ স্বাধীনতা দিৱসত যাত্ৰা আৰম্ভ হোৱাটো বিচাৰে, কিন্তু পৰৱৰ্তী মাহত বৰষুণৰ কাৰক থাকিব । যদিও আগষ্ট মাহত বতৰৰ পৰিস্থিতিৰ বাবে আমাক যাত্ৰাটো সোনকালে আৰম্ভ কৰিবলৈ অনুমতি নিদিয়ে, ইয়াৰ বাবে ছেপ্টেম্বৰ মাহটো অধিক ব্যৱহাৰিক হ'ব ।" এআইচিচি সূত্ৰত প্ৰকাশ ।

লগতে পঢ়ক :INDIA Meeting in Mumbai : ২৫ আগষ্টৰ পৰা দুদিনীয়াকৈ মুম্বাইত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.