ETV Bharat / bharat

তেলেংগানাৰ মুলুগুত এনকাউণ্টাৰত ৪ মাওবাদী নিহত

author img

By

Published : Jan 18, 2022, 6:29 PM IST

তেলেংগানাৰ বিভিন্ন স্থানত আৰক্ষীৰ মাওবাদী বিৰোধী অভিযান অব্যাহত আছে । তেনে এক অভিযানৰ মাজতে আৰক্ষীৰ হাতত নিহত ৪ মাওবাদী (Four Maoists killed in encounter at Mulugu)। তিনিগৰাকী আৰক্ষী কনিষ্টবল আহত ।

Mulugu encounter
তেলেংগনাৰ এনকাউণ্টাৰত ৪ মাওবাদী নিহত

নেশ্যনেল ডেস্ক, ১৮ জানুৱাৰী : তেলেংগানাত এতিয়াও সক্ৰিয় হৈ আছে মাওবাদী । যাৰ বাবে বিভিন্ন সময়ত মাওবাদীৰ বিৰুদ্ধে তেলেংগানা আৰক্ষীৰ অভিযান চলি আহিছে । এইবাৰ ৰাজ্যখনৰ মুলুগু জিলাত আৰক্ষীৰ গ্ৰেহাউণ্ডচ বাহিনীৰ এনকাউণ্টাৰ । মঙলবাৰে সংঘটিত এনকাউণ্টাৰত মাওবাদীৰ চাৰিজন সদস্য নিহত হয় (Four Maoists killed in encounter at Mulugu)।

জানিব পৰা মতে, ভেংকটপুৰম অঞ্চলৰ কাৰেগুট্টা বনাঞ্চলত সংঘটিত ঘটনাটোত আৰক্ষীৰ তিনিজন কনিষ্টবল আহত হয় । নিহত মাওবাদী কেইজনৰ ভিতৰত জয়শংকৰ মুলুগু ৱাজেদু প্লাটুনৰ ডিভিজন কমিটিৰ সদস্য সুধাকৰ থকা বুলি জানিব পৰা গৈছে । আৰক্ষী আৰু মাওবাদীৰ মাজৰ এই সংঘৰ্ষত মধু নামৰ গ্ৰেহাউণ্ডচ বাহিনীৰ কনিষ্টবলগৰাকী গুৰুতৰভাৱে আহত হৈছে ।

কনিষ্টবলগৰাকীৰ বুকুত গুলী লাগিছে । তেওঁক প্ৰথমে হানামকোণ্ডালৈ লৈ যোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে তেওঁক হেলিকপ্তাৰযোগে হায়দৰাবাদলৈ প্ৰেৰণ কৰা হয় । উল্লেখ্য যে, গ্ৰেহাউণ্ডচ বাহিনী হৈছে অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানা আৰক্ষীৰ এক বিশেষ শাখা । এই গ্ৰেহাউণ্ডচ বাহিনী বিশেষকৈ নক্সালবাদী আৰু মাওবাদীৰ বিৰোধী অভিযানৰ লগত জড়িত ।

লগতে পঢ়ক : Pulwama encounter: পুলৱামা এনকাউণ্টাৰত তিনি সন্ত্ৰাসবাদী নিহত

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.