ETV Bharat / bharat

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ল'লে কৰ'ণা প্ৰতিষেধক

author img

By

Published : Mar 4, 2021, 9:27 PM IST

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে বৃহস্পতিবাৰে এইমছত COVID-১৯ ৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰে । প্ৰধানমন্ত্ৰীগৰাকীৰ উপৰিও তেওঁৰ পত্নী গুৰ চৰণ কৌৰেও গ্ৰহণ কৰে COVID-১৯ ৰ প্ৰথম পালি প্ৰতিষেধক ।

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ল'লে কৰ'ণা প্ৰতিষেধক
প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ল'লে কৰ'ণা প্ৰতিষেধক

নিউজ ডেস্ক, ৪ মাৰ্চ: প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে গ্ৰহণ কৰিলে COVID-১৯ ৰ প্ৰথম পালি প্ৰতিষেধক । বৃহস্পতিবাৰে এইমছত প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰে প্ৰতিষেধক । প্ৰধানমন্ত্ৰীগৰাকীৰ উপৰিও তেওঁৰ পত্নী গুৰ চৰণ কৌৰেও গ্ৰহণ কৰে COVID-১৯ ৰ প্ৰথম পালি প্ৰতিষেধক ।

ভাৰত বায়'টেকৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰতিষেধক 'কোভাক্সিন' প্ৰদান কৰে প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু তেওঁৰ পত্নী গুৰ চৰণ কৌৰক । প্ৰতিষেধক গ্ৰহণ কৰি প্ৰায় আধা ঘণ্টা এইমছত জিৰণি লয় ৮৮ বছৰীয়া কংগ্ৰেছ নেতাজনে । সূত্ৰ অনুসৰি, প্ৰতিষেধক গ্ৰহণ কৰাৰ পাচত তেওঁ সম্পূৰ্ণৰূপে সুস্থ আছিল ।

উল্লেখ্য যে,ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড৹ হৰ্ষবৰ্ধনকে ধৰি বহু শীৰ্ষ নেতাই প্ৰতিষেধক গ্ৰহণ কৰিছে । স্বাস্থ্য মন্ত্ৰালয়ৰ মতে এতিয়ালৈ দেশৰ ১ কোটি ৬৬ লাখ ১৬ হাজাৰ ৪৮ গৰাকী লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে । সমান্তৰালকৈ যোৱা ২৪ ঘণ্টাত ১৭ হাজাৰ ৪০৭ গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে আৰু ৮৯ গৰাকী লোকৰ মৃত্যু হৈছে ।

লগতে পঢ়ক:WATCH: প্ৰতিৰক্ষাৰ বাবে বন্ধুকধাৰীৰ ওপৰত গুলীবৰ্ষণ ব্যৱসায়ীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.